এ এছ টি চিৰ অভিলাসী আঁচনি: ৭০ কোটি ব্যয়েৰে উবেৰাইছেচন আঁচনি

এ এছ টি চিৰ অভিলাসী আঁচনি: ৭০ কোটি ব্যয়েৰে উবেৰাইছেচন আঁচনি

নিৱনুৱা সমস্যা লাঘৱৰ লক্ষ্য

অসম ৰাজ্যিক পৰিবহণ নিগমে ’উবেৰাইজেচন’ শীৰ্ষক এখন অভিলাসী আঁচনি গ্ৰহণ কৰিছে।আঁচনিখন ৰূপায়নৰ উদ্দেশ্য ৭০ কোটি টকা আবণ্টন দিয়া হৈছে । কালি গুৱাহাটীৰ পল্টনবজাৰস্থিত এ এছ টি চিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে ৷ অধ্যক্ষ ভট্টৰায়ে কয় যে

যোগাযোগ ব্যৱস্থা উন্নীত কৰণৰ উদ্দেশ্য ৰাজ্যিক পৰিবহণ নিগমে উক্ত আঁচনি গ্ৰহণ কৰিছে ৷

এই আচনিৰ জৰিয়তে হিতাধিকাৰীক বাছ ক্ৰয়ৰ বাবে ২৫ শতাংশ ধন যোগান ধৰিব পৰিবহণ নিগমে ৷ ইয়াৰে ১৫ শতাংশ পৰিশোধ কৰিব লাগিব আৰু ১০ শতাংশ ৰেহায় পাব প্ৰত্যেক গৰাকী হিতাধিকাৰীয়ে ৷

অৱশ্যে এই আঁচনিৰ জৰিয়তে ক্ৰয় কৰা গাড়ী অতি কমেও পাচ বছৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত চলাব লাগিব ৷

ইতিমধ্যে হিতাধিকাৰীৰ আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি উল্লেখ কৰি ভট্টৰায়ে লগতে কয়, “

ব্যক্তি,

ক্ষুদ্ৰ ব্যৱসায়ী, আত্মসহায়ক গোটে এই আঁচনিৰ সুবিধা ল’ব পাৰিব ৷ তাৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগমৰ ৱেবছাইট( www. Astc.assam.gov.in)ত হিতাধিকাৰীয়ে ১০০০ টকা মাছুলেৰে আবেদন কৰিব পাৰিব ৷ আবেদন গ্ৰহণৰ শেষ অহা ২৯ ফেব্ৰুৱাৰী৷"

সংবাদ মেলত ভট্টৰায়ে জানিবলৈ দিয়া অনুসৰি কোনো এজন হিতাধিকাৰীয়ে যি পথত গাড়ী আৱন্টন কৰিব সেই পথতে চলাব লাগিব ৷ নৈশ আৰু দিনত চলাচল কৰাব বিচাৰিলে সেই কথা আবেদনকাৰীয়ে আবেদনত উল্লেখ কৰিব লাগিব ৷ এজন আবেদকাৰীয়ে বেলেগ বেলেগ পথত সৰ্বোচ্চ ৫ খন গাড়ীৰ বাবে আবেদন জনাব পাৰিব ৷

উক্ত আঁচনি ৰূপায়নৰ বাবে চলিত বিত্তীয় বৰ্ষত নিৰ্ধাৰণ কৰা হৈছে ৭০ কোটি টকা ৷ ইয়াৰে ২০ কোটি টকা ৰাজ্যৰ বিভিন্ন বাছ আস্থান নিৰ্মাণ তথা মেৰামতি ,শিশু পৰিচৰ্যা কক্ষ,প্ৰস্বাৱগাৰ নিৰ্মাণত ব্যয় কৰা হ’ব বুলি তেওঁ সদৰী কৰে ৷

আনহাতে, বাকী থকা ৫০ কােটি টকা আচনিৰ অধীনত বাছ ক্ৰয় কৰাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৷ সেই অনুসৰি

প্ৰথম পৰ্যায়ত চলিত বিত্তীয় বৰ্ষত আৱন্টিত পূজিৰে নিগমে ৬৭৮ খন বাছ ক্ৰয় কৰিব৷

এই কথা সংবাদমেলত জনিবলৈ দিয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে ৷ পৰিচালন সঞ্চালক তিৱাৰীয়ে কয় যে এই আঁচনিৰ অন্যতম উদ্দেশ্য নিবনুৱা সমস্যা লাঘৱ কৰা ৷ “ৰাষ্ট্ৰীয় গড় হিচাপত প্ৰতি এক লাখ লোকৰ বিপৰীতে ৪০খন বাছে চলাচল কৰাৰ বিপৰীতে অসমত প্ৰতি এক লক্ষ লোকৰ বিপৰীতে মাথোঁ তিনিখন বাছ চলাচল কৰে ৷ এই আঁচনিৰ জড়িয়তে এনে অসুবিধা দূৰ কৰিব বিচৰা হৈছে ৷” তেওঁ এইদৰে কয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com