Begin typing your search above and press return to search.

লক্ষীমপুৰত বিভিন্ন আঁচনি ৰূপায়নৰ বুজ ললে মুখ্যমন্ত্ৰী সোণোৱালে

লক্ষীমপুৰত বিভিন্ন আঁচনি ৰূপায়নৰ বুজ ললে মুখ্যমন্ত্ৰী সোণোৱালে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Feb 2020 7:38 AM GMT

লক্ষীমপুৰত বিভিন্ন চৰকাৰী আঁচনিৰ ৰূপায়নৰ অৱস্থা সম্পৰ্কে বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ত এক পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰি বিভিন্ন কল্যাণমূলক‌ আঁচনি যেনে অটল অমৃত অভিযান, আয়ুস্মান ভাৰত, প্ৰধানমন্ত্ৰী আৱাস যোজনা , প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা আদিত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে ।

তদুপৰি তেওঁ ১৫ দিনৰ মূৰে মূৰে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিবলৈ জিলা উপায়ুক্ত জীৱন বিক নিৰ্দেশ দিয়ে।‌যাতে ইয়াৰ দ্বাৰা জনসাধাৰণে বিভিন্ন আঁচনি সম্পৰ্কে অৱগত হ'ব পাৰে।

লগতে তেওঁ জিলা উপায়ুক্ত আৰু বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকলক সমাজত সজাগতা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে যাতে তাৰ দ্বাৰা জনসাধাৰণে চৰকাৰৰ কল্যাণকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে ।

আনহাতে, স্বাস্থ্য বিভাগৰ কাম-কাজৰ বুজ লৈ মুখ্যমন্ত্ৰী সোণোৱালে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকক জনসাধাৰণৰ মাজত জাপানীজ এনকেফেলাইটিছৰ টিকা প্ৰদানৰ বাবে নিৰ্দেশ জাৰি কৰে । লগতে তেওঁ সজাগতা সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে যাতে সকলো যোগ্য লোকে অটল অমৃত অভিযান, আয়ুষ্মান ভাৰতৰ সুবিধা লাভ কৰে।

তদুপৰি ২০২২ চনলৈ জিলাৰ প্ৰতিগৰাকী কৃষকৰ আয় দুগুণ বৃদ্ধি কৰিবৰ বাবে জিলা কৃষি অধিকাৰীসকলক যন্ত্ৰপাতিৰ ব্যৱহাৰৰ নিৰ্দেশ দিয়ে। লগতে কৃষক সকলে যাতে বিভিন্ন আঁচনি সমূহৰ লাভ পায় সেয়া নিশ্চিত কৰিবলৈ কয় । ইপিনে, জলসম্পদ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি সোণোৱালে বাৰিষাৰ আগে আগে জিলাখনৰ সকলো মথাউৰি মেৰামতি কৰিবলৈ আহ্বান জনায়। বিভিন্ন বিভাগত দিব্যাংগ পেঞ্চন প্ৰকল্প, ছহিদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আচনি , পোষন অভিযান আদিৰ কাম-কাজৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে সমাজ কল্যান বিভাগ আৰু জিলা উপায়ুক্তক প্ৰকল্পসমূহ বাস্তৱায়নৰ ক্ষেত্ৰত নিৰন্তৰ সতৰ্কতা বজাই ৰাখিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰীৰ গ্ৰাম সড়ক যোজনা, আৰু মনৰেগাৰ কাম-কাজৰো পুনৰীক্ষণ কৰে আৰু সংশ্লিষ্ট বিভাগ সমূহক আঁচনি সমূহ সফল ভাৱে ৰূপায়ন কৰিবলৈ নিৰ্দেশ দিয়ে।

উক্ত পৰ্যালোচনা বৈঠকত মন্ত্ৰী নৱকুমাৰ দলে , সাংসদ প্ৰদান বৰুৱা, বিধায়ক দেৱানন্দ হাজৰিকা আদিও উপস্থিত থাকে।

অন্য খবৰৰ বাবে পঢ়ক : শংকিত নহ’ব! প্ৰত্যাহাৰ নহয় ৩৭১ অনুচ্ছেদ, অভয়বাণী শ্বাহৰ,অৰুণাচলত হ’ব আই আই টি

ভিডিঅ প্ৰতক্ষ্য কৰক : Closing Ceremony of National Level Campaign on “Swachh Bharat Abhiyaan” by Railway Childline

Next Story
চাকৰি