Begin typing your search above and press return to search.

দেশজোৰা তলাবন্ধঃ ১,২১৮ কোটি টকাৰ ক্ষতি অসমৰ চাহ উদ্যোগৰ

দেশজোৰা তলাবন্ধঃ ১,২১৮ কোটি টকাৰ ক্ষতি অসমৰ চাহ উদ্যোগৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 April 2020 11:02 AM GMT

দেশজোৰা তলাবন্ধঃ ১,২১৮ কোটি টকাৰ ক্ষতি অসমৰ চাহ উদ্যোগৰ

ক’ৱিড -১৯ ৰ প্ৰকোপ প্ৰতিৰোধৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দেশজোৰা তলাবন্ধৰ ফলত অসমৰ চাহ উদ্যোগৰ সহস্ৰাধিক কোটি টকাৰ ক্ষতি হৈছে। উত্তৰ-পূব চাহ সন্থাই প্ৰকাশ কৰা অনুসৰি ২১ দিনীয়া তলাবন্ধৰ ফলত যোৱা ১৫ এপ্ৰিললৈকে অসমৰ চাহ উদ্যোগে সন্মুখীন হোৱা লোকচানৰ পৰিমাণ ১,২১৮ কোটি টকা। এক সমীক্ষাৰ জৰিয়তে সন্থাই এই তথ্য পোহৰলৈ আনিছে। চাহ সন্থাই প্ৰকাশ কৰা অনুসৰি লক ডাউনৰ ফলত অসমৰ চাহ উদ্যোগে প্ৰতি কিলোগ্ৰামত ১৫২.২৬টকাৰ ৮০ নিযুত কিলোগ্ৰাম চাহৰ লোকচান ভৰিছে। ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় সমগ্ৰ বিশ্বত হাহকাৰ ধ্বনী তোলা ক’ৰ’না মহামাৰীৰ প্ৰতিষেধক উদ্ভাৱনৰ গৱেষণাত দেশৰ যুৱ বিজ্ঞানীসকলক নেতৃত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে। যোৱা ১৪ এপ্ৰিলৰ পুৱা ১০ বজাত ৰাষ্ট্ৰক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সম্প্ৰতি সমগ্ৰ মানৱ জাতিয়ে এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে। ক’ৰ’নাৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে বিজ্ঞানীসকল অধ্যয়ন-গৱেষণাত ব্ৰতী হৈছে। এনে গৱেষণাত নেতাৰ ভূমিকা লৈ যুৱ বিজ্ঞানীসকল অগ্ৰসৰ হোৱা উচিত। “ বন্ধুসকল।আজি ভাৰতত সম্পদৰ পৰিমাণ সীমিত। আমাৰ দেশৰ যুৱ বিজ্ঞানীসকলক ক’ৰ’নাৰ প্ৰতিষেধক উদ্ভাৱনত নেতৃত্ব প্ৰদান কৰিবলৈ মই বিশেষ অনুৰোধ জনাইছো”।ইপিনে, দেশত ক’ৰ’না মহামাৰীৰ সংহাৰ অব্যাহত আছে। নিতৌ বৃদ্ধি পাইছে মৃতকৰ আৰু আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈকে সমগ্ৰ দেশত এই মহামাৰীত কমেও ৩৩০জন লোকে প্ৰাণ হেৰুৱাইছে। আক্ৰান্তৰ সংখ্যা প্ৰায় ১০ হেজাৰ হৈছে। এনে অৱস্থাত আজি প্ৰধানমন্ত্ৰী মোদীয়ে অহা তিনি মে’লৈকে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰে। ইপিনে, ব্ৰিটেইনত মৃতকৰ সংখ্যা ১০ হেজাৰৰ ওচৰা-ওচৰি হৈছে।আমেৰিকা যুক্তৰাষ্ট্ৰতো পৰিস্থিতিৰ শোচনীয় অৱনতি ঘটিছে। মাথোঁ ২৪ ঘণ্টাৰ ভিতৰতে সহস্ৰাধিক লোক মৃত্যুমুখত পৰাৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: সুস্থ হৈছে অসমৰ ক’ৰ’না আক্ৰান্তঃ ২০ এপ্ৰিলৰ ভিতৰত চিকিত্সালয়ৰ পৰা যাবলৈ দিয়াৰ সম্ভাৱনা

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি