মঙলবাৰে সন্ধিয়াৰ পৰা অসমত সম্পূৰ্ণ তলা বন্ধ: স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ ঘোষণা

মঙলবাৰে সন্ধিয়াৰ পৰা অসমত সম্পূৰ্ণ তলা বন্ধ: স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ ঘোষণা

মঙলবাৰে সন্ধিয়াৰ পৰা অসমত সম্পূৰ্ণ তলা বন্ধ: স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ ঘোষণা

ক’ৰ’না মহাব্যাধি নিয়ন্ত্ৰণৰ উদ্দেশ্য অৱশেষত সম্পূৰ্ণ তলাবন্ধ (ল’ক ডাউন) ঘোষণা কৰিলে অসম চৰকাৰে ৷ ল’ক ডাউন ঘোষণাৰ বাবে উত্থাপিত ব্যাপক দাবীৰ পাছত সোমবাৰে এখন সংবাদ মেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সন্ধিয়া ছয় বজাৰ পৰা তলা বন্ধ ঘোষণা কৰে ৷ সংবাদমেলত তেওঁ কয়, “

কাইলৈ ২৪ মাৰ্চৰ সন্ধিয়া ছয় বজাৰ পৰা ৩১ মাৰ্চলৈ সম্পূৰ্ণ তলা বন্ধ থাকিব।

জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধ থাকিব ৷ শাক পাচলি - মাছ - মাংসৰ দোকানো বন্ধ থাকিব ।" মন্ত্ৰীজনে লগতে এই কথাও কয় যে তলা বন্ধৰ সময়ছোৱাত জনসাধাৰণৰ ৰাস্তালৈ ওলাব নোৱাৰিব ।

ৰাস্তালৈ ওলালে হ’ব ছয় মাহৰ পৰা দু দুবছৰৰ কাৰাদণ্ড ৷

এম্বুলেঞ্চৰ বাহিৰে সকলো যাতায়ত বন্ধ থাকিব ।

একেদৰে ব্যক্তিগত বাহনৰ যাতায়তো বন্ধ থাকিব।

সীমিত পৰিমাণৰ কামৰ বাবে খোলা থাকিব বেংক ৷

মন্দিৰ মছজিদত সমাবেশ পাতিব নোৱাৰিব। তিনিজনতকৈ বেছি সমাবেশ কৰিব নোৱাৰিব।

.আনহাতে, খোলা থাকিব ATM , খোলা থাকিব পেট্ৰল পাম্প , খোলা থাকিব গেলামালৰ দোকান ।

ইপিনে, এক এপ্ৰিলৰ পৰা বিনামূলীয়া ৰেচন প্ৰদানৰ প্ৰচেষ্টা ল’ব চৰকাৰে।

মন্ত্ৰী শৰ্মাই আজি Covid-19 ৰ পৰীক্ষা কেন্দ্ৰ বৃদ্ধিৰ কথাও ঘোষণা৷কৰে ।

আনহাতে, সোণাপুৰ ৰ অসামৰিক চিকিৎসালয়, ভঙাঘৰ চকু চিকিৎসা বিভাগক সম্পূৰ্ণৰূপে ক’ৰ’না বিভাগলৈ ৰূপান্তৰ কৰা হৈছে ।

মেডিকেল কলেজত OPD কৰা হ’ব সীমিত কৰা হৈছে বুলি তেওঁ কয় ৷ মন্ত্ৰীজনে লগতে কয় যে গুৱাহাটীৰ MMC চিকিৎসালয়কো প্ৰয়োজনত সম্পূৰ্ণ ক’ৰ’না ৰোগী চিকিৎসাৰ হাস্পাতাললৈ ৰূপান্তৰ কৰা হ’ব ৷ তদুপৰি প্ৰয়োজন হ’লে হোটেল ,চৰকাৰী-ব্যক্তিগত হোষ্টেলতো ৰখা হ’ব ৰোগী ।

আনহাতে. কাইলৈ আহি পাব অসমলৈ দুখন ৰেল। তাৰ পাছত ৩১ মাৰ্চলৈ অসমলৈ কোনো যাত্ৰীবাহী ৰেল নাহে। স্বাস্থ্যমন্ত্ৰী শৰ্মাই ক’ৰ’ণাক লৈ হাঁহি ধেমালি নকৰিবলৈ আহ্বান জনায় ।

চৰকাৰী নিৰ্দেশনা নামানিলে আৰক্ষীয়ে আইন অনুসৰি ব্যৱস্থা ল’ব বুলি তেওঁ সকীয়াই দিয়ে।

এই মুহূৰ্তলৈ অসমত নাই পোৱা কোনো ক’ৰ’ণা ভাইৰাছ আক্ৰান্ত ৷ আনহাতে,

কেৰালা , মহাৰাষ্ট্ৰ, আৰু কৰ্ণাটকৰ পৰা অহা কোনো লোকে ১৪ দিনলৈ ঘৰৰ পৰা ওলাব নোৱাৰিব । ওলালে গ্ৰেপ্তাৰ কৰা হ’ব।

১০৪ নম্বৰত কাইলৈৰ পৰা উপলব্ধ হ’ব ক’ৰ’না সংক্ৰান্তীয় সকলো ধৰণৰ তথ্য।

বহি ৰাজ্যৰ পৰা অহা সকলক ৬০ৰ ঊৰ্ধৰ লোকৰ পৰা আঁতৰত থাকিবলৈ তেওঁ অনুৰোধ জনায় ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com