ক’ৰ’না মহামাৰীঃ ৰমজানৰ সময়ত লক-ডাউন মানি চলিবলৈ আহ্বান অসম ৱাকফ ব’ৰ্ডৰ

ক’ৰ’না মহামাৰীঃ ৰমজানৰ সময়ত লক-ডাউন মানি চলিবলৈ আহ্বান অসম ৱাকফ ব’ৰ্ডৰ
আগন্তক ৰমজান মাহৰ সময়ত তলাবন্ধৰ সকলো নিয়ম-নীতি মানি চলিবলৈ মুছলমানসকলৰ প্ৰতি আহ্বান জনাইছে অসম ৱাকফ ব’ৰ্ডে। অহা ২৩ এপ্ৰিলৰ পৰা ২৩ মে’লৈ ৰমজান মাহ। এই সময়চোৱাত সকলো মুছলমান লোকক তলাবন্ধৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাই ৱাকফ বৰ্ডে এক বিবৃতি প্ৰকাশ কৰিছে। তদুপৰি ইবাদতো নিজৰ নিজৰ ঘৰতে পালন কৰিবলৈ ব’ৰ্ডে ৰাইজৰ প্ৰতি আহ্বান জনাইছে। একেদৰে সমগ্ৰ বিশ্বজুৰি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰা ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত আগন্তক ৰমজানৰ নামাজ ঘৰতে পঢ়িবলৈ সমগ্ৰ বিশ্বৰ মুছলমান লোকসকলৰ প্ৰতি আহ্বান জনাইছে ছোডি আৰবৰ এটা অগ্ৰণী ইছলামিক সংগঠনে। ছিনিয়ৰ স্কলাৰ্ছ কাউন্সিল শীৰ্ষক এই সংগঠনে কয়, “ অহা সপ্তাহত ৰমজান মাহ আৰম্ভ হ’ব। কিন্তু ইছলাম ধৰ্মাৱলম্বীৰ সকলো লোকেই ঘৰৰ ভিতৰত ৰমজানৰ নামাজ পঢ়িব। ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ স্বাস্ব্য বিধি তথা সামাজিক দূৰত্ব বৰ্তাই ৰাখিব”।ৰমজানৰ কঠোৰ ব্ৰত তথা উপবাসে থকাৰ মাজতো ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ সকলো নীতি-নিয়ম মানি চলিবলৈ সংগঠটোৱে সমগ্ৰ বিশ্বৰ মুছলমান লোকসকলৰ প্ৰতি আহ্বান জনাইছে। উল্লেখ্য যে সামাজিক দূৰত্ব ৰখাটোৱেই ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ শ্ৰেষ্ঠ উপায়ৰূপে অভিহিত কৰিছে বিশ্বৰ স্বাস্থ্য বিজ্ঞানীসকলে। কিন্তু এনে সতৰ্কবাণীৰ মাজতো যোৱা মাহত দিল্লীৰ নিজামুদ্দিন দৰগাহত এক জামাত অনুষ্ঠিত হয়। এই জামাতত অংশ লৈছিল অসমৰো চাৰি শতাধিক লোকে। অসমত বৰ্তমানলৈ চিনাক্ত হোৱা ৩৪জন ক’ৰ’না আক্ৰান্তৰ অধিকাংশ তথা ৩২ জনৰে সম্পৰ্ক আছে দিল্লীৰ নিজামুদ্দিনৰ দৰগাহত যোৱা মাহত অনুষ্ঠিত জামাতৰ সৈতে। এই ক’ৰ’না আক্ৰান্তসকলৰ মাজৰ এজনৰ ইতিমধ্যে মৃত্যু হৈছে। বৃহস্পতিবাৰে মৰিগাঁও জিলাত দুজন ক’ৱিড আক্ৰান্ত চিনাক্ত কৰা হয়। অৱশ্যে ৰাজ্যৰ অধিকাংশ এই মহামাৰী আক্ৰান্ত সুস্থ হৈছে।
অন্য খবৰৰ বাবে পঢ়ক: অৰুণাচল প্ৰদেশৰ বহু অংশক সামৰি চীন চৰকাৰৰ নতুন মানচিত্ৰ প্ৰকাশ
ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown