আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যৰ পতন, প্ৰচুৰ ক্ষতিৰ সন্মুখীন হ’ব অসমঃ মন্ত্ৰী শৰ্মা

আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যৰ পতন, প্ৰচুৰ ক্ষতিৰ সন্মুখীন হ’ব অসমঃ মন্ত্ৰী শৰ্মা
Published on

প্ৰায় সমগ্ৰ বিশ্বজুৰি ক’ৰ’না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাৱৰ ফলত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য অভাৱনীয়ভাবে হ্ৰাস পাইছে। পৰিণতিত অসমে খাৰুৱা তেলৰ বাবদ বহু পৰিমাণে ৰয়েল্টিৰ ধন হেৰুৱাব। ই ৰাজ্যখনৰ বাবে আন এক আঘাত হ’ব। আজি এখন সংবাদমেলত এই উদ্বেগজনক তথ্য প্ৰকাশ কৰে বিতমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মন্ত্ৰী শৰ্মাই কয়, “ আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাসৰ ফলত আমি প্ৰচুৰ ক্ষতিৰ সন্মুখীন হম। অইল আৰু অ এন জি চিৰ পৰা পাবলগীয়া ৰয়েল্টীৰ পৰিমাণ হ্ৰাস পাব। গতিকে আৰ্থিক সমস্যা দেশৰ আন ৰাজ্যৰ তুলনাত আমাৰ অধিক হব”। ইয়াৰ পৰিপ্ৰেক্ষিততে পেট্ৰ’ল-ডিজেলত পাঁচ টকাকৈ ভেট বৃদ্ধি কৰা হৈছে বুলি তেওঁ কয়। অৱশ্যে এই বৃদ্ধি অধিক দিন প্ৰযোজ্য হৈ নাথাকে বুলিও মন্ত্ৰীজনে উল্লেখ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com