Begin typing your search above and press return to search.

অসমক নাগপুৰে চলাব নোৱাৰিব,অসমক চলাব অসমৰ জনতাই: ৰাহুল গান্ধী

অসমক নাগপুৰে চলাব নোৱাৰিব,অসমক চলাব অসমৰ জনতাই:  ৰাহুল গান্ধী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Dec 2019 6:09 AM GMT

অসমক নাগপুৰে চলাব নোৱাৰিব,অসমক চলাব অসমৰ জনতাই: ৰাহুল গান্ধী । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ নেতা ৰাহুল গান্ধী শনিবাৰে গুৱাহাটী খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা 'অস্তিত্ব ৰক্ষাৰ সমাবেশ' ত উপস্থিত থাকে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে অসম আকৌ এবাৰ বিজেপিৰ বাবে হিংসাৰ পথলৈ ধাৱমান হৈছে।

কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে, " ভয় হৈছে যে অসম আকৌ এবাৰ বিজেপিৰ ৰাজনীতিত হিংসাৰ পথত ধাৱমান হৈছে।‌বিজেপি য'তেই যায় তাতেই হিংসাৰ সৃষ্টি কৰে ।অসম যুৱ প্ৰজন্মই আন্দোলন কৰি আছে, অন্য ৰাজ্যতো প্ৰতিবাদ হৈছে। আৰক্ষীয়ে প্ৰতিবাদ কাৰীক কিয় গুলিয়ালে? বিজেপিয়ে জনসাধাৰণৰ আহ্বান কিয় শুনিব নিবিচাৰে"।

এই সমাবেশত উপস্থিত থাকি নেতা গৰাকীয়ে কয় যে বিজেপি চৰকাৰ সম্বন্ধে তেওঁ কৰা ভৱিষ্যতবাণী সত্য হ'ল । তেওঁ কয় যে, ' অসমত বিজেপি চৰকাৰ গঠন হ'লে শান্তি সম্প্ৰীতি ভংগ হ'ব বুলি মই নিৰ্বাচনৰ পূৰ্বে বহু বাৰ কৈছিলো। অসমৰ মানুহে মোক ভাতৃত্ববোধ, পৰস্পৰৰ প্ৰতি সন্মান, সকলোকে প্ৰগতিৰ দিশত একগোট কৰাৰ বিষয়ে শিকাইছে। কিন্তু মই আজি অত্যন্ত দুখী আৰু শংকা অনুভৱ কৰিছো যে অসম পুনৰবাৰ ধ্বংসলৈ গতি কৰি আছে ' ।

লগতে তেওঁ কয় যে ঐতিহাসিক অসম চুক্তিয়ে ৰাজ্য খনলৈ শান্তি ঘূৰাই আনিছিল লগতে বৰ্তমানৰ শাসনত থকা দিল্লী আৰু দিছপুৰক আহ্বান জনাইছিল অসম‌ চুক্তি‌‌ উলংঘন নকৰিবলৈ ।‌

খানাপাৰাত অনুষ্ঠিত এই সমাবেশত কংগ্ৰেছ নেতা গৰাকীয়ে বিজেপিক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে, " বিজেপি আৰু আৰ এছ এছ ক অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি,ভাষা, আৰু অস্তিত্বক আঘাত সানিবলৈ অনুমতি দিয়া নহ'ব ।অসমক নাগপুৰে চলাব নোৱাৰিব,অসমক চলাব অসমৰ জনতাই " ।

ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে বিজেপিয়ে বিভাজন আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰিছে আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইজনমান মুষ্টিমেয় নেতাৰ সৈতে থকা বন্ধুত্বৰ ফলত দেশৰ অৰ্থব্যৱস্থা বিধ্বস্ত হৈছে।‌ বিগত ৪৫ বছৰৰ ভিতৰত অসমৰ নিবনুৱা সংখ্যা বৃদ্ধিৰ হাৰ অধিক হৈছে। মোদীয়ে ২ কোটি নিবনুৱাক সংস্থাপন দিব । কিন্তু এতিয়া বহু লাখ যুৱকে কৰ্মসংস্থাপন হেৰুৱাছে। জি এছ টি আৰু বিমুদ্ৰাকাৰণৰ ফলত বিজেপি চৰকাৰে ৩ লাখ ৫০ হাজাৰ টকা সংগ্ৰহ কৰিছে।

খানাপাৰাত অনুষ্ঠিত অস্তিত্ব ৰক্ষাৰ সমাবেশ অংশ লোৱা পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰক্ষীৰ গুলীত নিহত হোৱা ছেম ষ্টেফ'ৰ্ড আৰু দীপাঞ্জল দাসৰ বাসগৃহত উপস্থিত হয় ।

অন্য খবৰৰ বাবে পঢ়ক: কোনো দলৰ ওপৰতে আমাৰ বিশ্বাস নাই: আছু

ভিডিঅ প্ৰতক্ষ্য কৰক : Anti-CAA protests: AASU and Artistes Society of Assam jointly conducts protest meeting in Sualkuchi

Next Story
চাকৰি