অসম চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাৰ সংবাদ মেল

অসম চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাৰ সংবাদ মেল
Published on

অসম চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাই সোমবাৰে এখন সংবাদমেল আয়োজন কৰে৷ অসম ৰাজ্যিক চলচ্চিত্ৰ আৰু বিত্ত নিগমত হোৱা সংবাদ মেলখনত অসমৰ চুটি ছবি,এনিমেছনত ৰাজ্য চৰকাৰৰ অনুমোদন সন্দৰ্ভত আলোচনা হয়। ইফালে ছবি কাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে ১ কোটি টকা মোকলাই দিছে ৷ চুটি ছবিৰ কাৰণে ৫ লাখৰ পৰা ২৫ লাখ টকাৰ ৰাজ সাহাৰ্য্য প্ৰদান কৰে চৰকাৰে ৷আৰু দৈৰ্ঘ্য ছবিৰ ওপৰত প্ৰায় ২৫ লাখ টকাৰ ৰাজ সাহাৰ্য্য দিয়ে চৰকাৰে ৷

লগতে, বন্ধ হৈ থকা ছবিগৃহসমূহ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে পুঁজি মুকলি কৰি দিয়ে ৷ অন্যহাতে এই সংবাদমেলখনত অসমৰ প্ৰসিদ্ধ নিৰ্মাতা ৰীমা দাসেও অংশ গ্ৰহণ কৰে ৷উল্লেখ্য যে ভিলেইজ ৰকষ্টাৰ,বুলবুল কেন চিঙৰ দৰে ছবিৰ নিৰ্মাতা ৰীমা দাসলৈ ৫০ লাখ টকা আগবঢ়োৱা হয় ৷ ইফালে ৰীমা দাসে নতুন ছবি পূৰ্ণ চন্দ্ৰা নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে এই সংবাদমেলখনত ৷

চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা হ’ব ৰীমা দাসৰ পূৰ্ণ চন্দ্ৰাৰ দৃশ্য গ্ৰহণৰ কাম ৷ ৰীমা দাসৰ নতুন ছবি বুলবুল কেন সিং অসমৰ চিত্ৰগৃহলৈ আহিব আগষ্ট বা ছেপ্টেম্বৰ মাহত ৷ নতুন ছবি নিৰ্মাণৰ কাৰণে ৰীমা দাসলৈ আগবঢ়োৱা ৫০ লাখ টকা ব্যয় নহলে, ৰীমা দাসে বাকী ধন ঘূৰাই দিয়াৰ কথা উল্লেখ কৰে চলচ্চিত্ৰ বিত্ত নিগমলৈ ৷

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে জাহ্নু বৰুৱালৈ আগবঢ়োৱা হৈছিল ৫০ লাখ টকা ৷অসমৰ শিল্পী কল্যান ন্যাসৰ তৰফৰ পৰা কেইবাজনো শিল্পীলৈ ৫০ লাখ টকা আগবঢ়োৱা হৈছে ৷ ইফালে অসমীয়া ছবিজগতৰ লগতে ভ্ৰাম্যমানৰ অভিনেত্ৰী প্ৰাঞ্জনা দত্ত আৰু বৰদৈচিলা থিয়েটাৰৰ সন্দৰ্ভত অভিনেতা যতীন বৰাই কয় যে প্ৰাঞ্জনা দত্ত আৰু বৰদলৈছিলা থিয়েটাৰৰ মাজত হোৱা ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক ৷

লগতে তেওঁলোকে আলোচনা মাজেৰে সমস্যাটো সমাধান কৰিব পাৰিলে হয় ৷ ভ্ৰাম্যমানৰ লগত বহু কলাকুশলী জড়িত হৈ আছে ৷এনেধৰণৰ ঘটনাসমূহে দৰ্শকক মোহভংগ কৰিব ৷ অসমীয়া ছবিৰ দুৰ্দিনত চৰকাৰ,কলা কুশলী সকলোৱে ছবিসমূহ জীয়াই থাকিবৰ কাৰণে পাৰ্যমানে চেষ্টা কৰি আছে ৷ গতিকে ভ্ৰাম্যমাণ থিয়েটাৰক আমি জীয়াই ৰাখিব লাগিব ৷

ইফালে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ সন্দৰ্ভত উত্থাপিত অভিযোগ সন্দৰ্ভত অভিনেতা যতীন বৰাই কয় যে মোৰ ক্ষেত্ৰত এনে হোৱা নাই যেতিয়া এই সন্দৰ্ভত মই মতামত দিব নিবিচাৰো ৷কিন্তু সকলো কথা আলোচনাৰ মাজেৰে সমাধান কৰিলে ভাল বুলি মন্তব্য কৰে যতীন বৰাই ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com