Begin typing your search above and press return to search.

 কেবৰ বিৰুদ্ধে অসমীয়া শিল্পী,ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা ছবিৰ নাম প্ৰত্যাহাৰ জাহ্নু বৰুৱাৰ

 কেবৰ বিৰুদ্ধে অসমীয়া শিল্পী,ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা ছবিৰ নাম প্ৰত্যাহাৰ জাহ্নু বৰুৱাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Dec 2019 9:55 AM GMT

কেবৰ বিৰুদ্ধে অসমীয়া শিল্পী,ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা ছবিৰ নাম প্ৰত্যাহাৰ জাহ্নু বৰুৱাৰ।‌ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ।‌ৰাজ্যৰ শিল্পী সমাজ, সাহিত্য সমাজ ওলাই আহিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে। তদুপৰি অসমীয়া অভিনেত্ৰী অভিনেত্ৰী সকলে বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিভিন্ন পন্থা হাতত লৈছে। অসমীয়া অভিনেতা ৰবি শৰ্মাই সোমবাৰে বিজেপিৰ পৰা পদত্যাগ কৰি তেওঁৰ প্ৰতিবাদ সাব্যস্ত কৰে।

অসমীয়া জাতি ভেটি মাটি অস্তিত্ব ৰক্ষাৰ বাবে অসমীয়া শিল্পী সমাজে লৈছে কঠোৰ পদক্ষেপ। অসমীয়া শিল্পী সমাজে কোনো ধৰনৰ চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। সিদ্ধান্ত অনুসৰি আগন্তুক জাপানৰ প্ৰধানমন্ত্ৰীৰ বাবে আয়োজিত সাংস্কৃতিক কাৰ্যসূচীতো অংশ গ্ৰহন নকৰে শিল্পী সমাজে। লগতে চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা শিল্পী সকলক এঘৰীয়া কৰি ৰখাৰ হুংকাৰ।

চান্দমাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰত শিল্পীৰ ঐক্যবদ্ধ সংগ্ৰাম শীৰ্ষক কাৰ্যসূচীত অভিনেত্ৰী বৰষা ৰাণী বিষয়া , কণ্ঠশিল্পী দীক্ষু আদিৰ লগতে আন বহুতো শিল্পী, কলা কুশলীয়ে অসমীয়াৰ অস্তিত্বত ব্যাঘাত জন্মাব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে ।

তদুপৰি জুবিন গাৰ্গ , ৰীমা দাস, ভাস্কৰ হাজৰিকাৰ লগতে আন বহু শিল্পীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰোধিতা কৰিছে ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালক জাহ্নু বৰুৱাই ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা প্ৰত্যাহাৰ কৰে নিজৰ ছবি খনৰ নাম। ভগা খিৰিকীৰ নাম প্ৰত্যাহাৰ কৰিলে পৰিচালক গৰাকীয়ে । জাহ্নু বৰুৱাই কয় – যি হৈ আছে এয়া অতি দুৰ্ভাগ্যজনক। এজন শিল্পী আৰু নাগৰিক হিচাপে মই আঘাত পাইছো। সেয়েহে মই ৰাজ্যিক চলচ্চিত্ৰ বঁটা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছো।

অন্য খবৰৰ বাবে পঢ়ক : জনতাৰ পক্ষত ৰবি শৰ্মা, বি জে পি ত্যাগ কৰিলে অভিনেতা গৰাকীয়ে

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU hangs effigies of State Ministers in Kokrajhar against CAB

Next Story
চাকৰি