অসমবাসীৰ বাবে গৌৰৱৰ খবৰ যে ১৩ সংখ্যক দক্ষিণ এছিয়া গেমছত বেডমিণ্টনত মহিলাৰ একক শাখাৰ চূড়ান্ত খেলত জয় হৈ সোণৰ পদক লাভ কৰিলে অসমৰ অসমৰ অস্মিতা চলিহাই।শুক্ৰবাৰে আবেলি সময়ত অনুষ্ঠিত হোৱা খেলখনত গায়ত্ৰী গোপিচান্দক ২১- ১৮,২৫-২৩ পৰাজিত কৰি সোণৰ পদক আজুৰিব সক্ষম হয়।অন্যহাতে পুৰুষৰ একক শাখাত ৰূপৰ পদক লাভ কৰিব সক্ষম হয় চিৰিল বাৰ্মা।উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত ভাৰতীয় স্বাটলাৰ সকলে একক শাখাত চাৰিটা সোণ, দুটা ছিলভাৰ আৰু দুটা ব্ৰঞ্জৰ পদকসহ মুঠ আঠটা পদক লাভ কৰিব সক্ষম হয়।
Also Read : আন্দোলনে কপাইছে সমগ্ৰ ৰাজ্য, কেবৰ বিৰুদ্ধে কটন কলেজৰ ৰণ হুংকাৰ
Also Watch : Fire broke out at Garbage Dump in Digboi, No Casualties