জম্বু কাশ্মীৰত মিনি বাছৰ দুৰ্ঘটনাত ৩২ জনলৈ লোক নিহত

জম্বু কাশ্মীৰত মিনি বাছৰ দুৰ্ঘটনাত ৩২ জনলৈ লোক নিহত

সোমবাৰে পুৱা জম্মু কাশ্মীৰত সংঘটিত হৈছে ভয়ংকৰ বাছ দূৰ্ঘটনা। এই দুৰ্ঘটনাত ৩২ জন লোক নিহত হোৱাৰ লগতে ১৮ জন গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় । নিয়ন্ত্ৰণ হেৰুৱাই দ– খাৱৈত বাগৰি পৰে মিনি বাছ ।ৰাজ্যখনৰ কিশটৱাৰ জিলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা। অত্যাধিক যাত্ৰী কঢ়িওৱা ফলতেই দূৰ্ঘটনাতো সংঘটিত হ’ল বুলি সন্দেহ কৰা হৈছে। দুৰ্ঘটনাত এতিয়ালৈকে ৩২ গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে গুৰুতৰ ভাবে আহত হৈছে ১৮ জনকৈ লোকৰ। আহত সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

কিশটৱাৰ জিলা মেজিচট্ৰেত আংগ্ৰেজ ৰানায়ে প্ৰীত কৰে যে, ৩২ জন ব্যক্তি নিহত হৈছে আৰু ১৮ জন আহত হৈছে । আহত সকলৰ ৫ জনৰ অবস্থা অতি সংকটজনক বুলি প্ৰকাশ কৰিছে । মিনি বাছ খনৰ নম্বৰ হৈছে JK 17/6787 । দুৰ্ঘটনাটো কিশটৱা জিলাৰ কেশৱান জিলাত সংঘটিত হৈছে । শ্ৰীগৱাৰিৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয় " বুলি প্ৰকাশ কৰে । অত্যাধিক যাত্ৰী কঢ়িওৱা ফলতেই দূৰ্ঘটনাতো সংঘটিত হ’ল বুলি সন্দেহ কৰা হৈছে।

আৰক্ষী বিষয়ায়ে প্ৰকাশ কৰা মতে , দুৰ্ঘটনাটোৰ প্ৰকৃত ৰহস্য বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। অনুসন্ধান অব্যাহত ৰাখিছে । মিনি বাছ খনে অত্যধিক যাত্ৰী কঢ়িওৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । এই দুৰ্ঘটনাত ৩২ জন লোক নিহত হোৱাৰ লগতে ১৮ জন গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ।

উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে লোক সকলৰ উদ্ধাৰত সহায় কৰে । জম্বুৰ হেলিকপ্টাৰৰ যোগেদি গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত লোক সকলক উদ্ধাৰ অভিযান চলাই আছে । আহত সকলক জম্বু জি এম চিত ভৰ্তি কৰোৱা হৈছে ।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে লোক সকলৰ উদ্ধাৰত সহায় কৰে । তেওঁলোকে প্ৰকাশ কৰে যে, আঘাতপ্ৰাপ্ত সকলক জিলা হস্পিতালত ভৰ্তি কৰোৱা হৈছে আৰু জম্বু জি এম চিত ভৰ্তি কৰোৱা হৈছে ।

এই পাহাৰীয়া পথটোত সংঘটিত হোৱা এইটোৱে প্ৰথম দুৰ্ঘটনা নহয় । কিছুদিন আগতে সংঘটিত হোৱা এক দুৰ্ঘটনাত পুঞ্চৰ পৰা যোৱা ১১ জন ছাত্ৰ নিহত হৈছিল । এই দুৰ্ঘটনাটো মুগল ৰোডত সংঘটিত হৈছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com