অটল অমৃত অভিযান কৰ্কট ৰোগী সকলৰ বাবে এক সহায়ক স্বৰূপ : হিমন্ত বিশ্ব শৰ্মা

অটল অমৃত অভিযান কৰ্কট ৰোগী সকলৰ বাবে এক সহায়ক স্বৰূপ : হিমন্ত বিশ্ব শৰ্মা ।অটল অমৃত যোজনাত নতুনকৈ সংযোজন হ'ব ৬ বিধ ৰোগৰ চিকিৎসা । অটল অমৃত অভিযান কাৰ্ডৰ জৰিয়তে ছটা মাৰাত্মক ৰোগৰ সুবিধা দুই লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ ৰোগীয়ে লাভ কৰিছিল ।

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অটল অমৃত অভিযানৰ দ্বাৰা কৰ্কট ৰোগী স

কলোলৈ আগবঢ়োৱা সহায় সহযোগিতা অব্যাহত থাকিব । ৰাজ্যত প্ৰতি বছৰে কমেও ৩০,০০০ জন কৰ্কট ৰোগীৰ নাম পঞ্জীয়ন হয় । লগতে মন্ত্ৰী গৰাকীয়ে কয় যে ১ নৱেম্বৰ তাৰিখৰ পৰা অটল অমৃত অভিযানৰ পৰিসৰ অধিক বৃদ্ধি কৰা হ'ব । ১ নৱেম্বৰ তাৰিখৰ পৰা অটল‌ অমৃত অভিযানত অন্তৰ্ভুক্ত হ'ব আন ৬ বিধ ৰোগৰ চিকিৎসা ।

অটল অমৃত অভিযানৰ সহায়ত এজন ৰোগীয়ে ২ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰে । বুধবাৰে দিছপুৰত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই কথা সাদৰি কৰে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী গৰাকীয়ে কয় যে এই পৰ্যন্ত অটল অমৃত অভিযানৰ জৰিয়তে ৬০ হেজাৰ ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। এই ৬০ হেজাৰ ৰোগীৰ ভিতৰত ২৭,০০০ জন‌ কৰ্কট ৰোগী । তাৰোপৰি এই অভিযানৰ অধীনত ৬০ হেজাৰ ৰোগীক আগবঢ়োৱা বিনামূলীয়া চিকিৎসাৰ ফলত চৰকাৰৰ ব্যয় হৈছে ১৪০ কোটি টকা ।

বৰ্তমানলৈকে অটল অমৃত অভিযানৰ ভিতৰত হৃদৰোগ‌ , স্নায়ু ৰোগ , জুয়ে পুৰা , বৃক্ক ৰোগ ,নৱজাতকৰ যত্ন‌, কৰ্কট ৰোগ এই ৬ টা ৰোগ অন্তৰ্ভুক্ত আছিল ।

যি নহওক স্বাস্থ্য ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ১ নৱেম্বৰ তাৰিখৰ পৰা আৰু ৬ টা ৰোগ অন্তৰ্ভুক্ত কৰা হ'ব অটল অমৃত অভিযানত । ১ নৱেম্বৰ তাৰিখৰ পৰা আই চি ইউত থকা ৰোগী , ১৪ বছৰৰ তলৰ শিশুৰ যিকোনো অস্ত্ৰোপচাৰ , জাপানী এনকেফেলাইটিছ , ব'নমেৰু পুনৰ সংস্থাপন , একিউট এনকেফেলাইটিছ ছিনড্ৰম , দুৰ্ঘটনাত পতিত ৰোগৰ চিকিৎসা আদি অটল অমৃত অভিযান আঁচনিৰ অধীনত সোমাব ।

তাৰোপৰি মন্ত্ৰী গৰাকীয়ে কয় যে অটল অমৃত অভিযানৰ অন্তৰ্গত ৰোগ সমূহৰ চিকিৎসা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো অন্তৰ্ভুক্ত হ'ব,‌কিন্তু ১ মাহ পিছতহে । কিয়নো ১ মাহৰ ভিতৰত MoU ৰ সৈতে স্বাক্ষৰ কৰিব লাগিব যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো ৰোগী জনৰ বাবে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব বুলি কয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

তাৰোপৰি মন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিছ ছিনড্ৰম ৰোগ সমূহৰ চিকিৎসা বিনামূলীয়া। লগতে কয় যে ইয়াৰ বাবে ২.৫ কোটি ভেকচিনৰ অৰ্ডাৰ দিয়া হৈছে ।

তাৰোপৰি মন্ত্ৰী গৰাকীয়ে কয় যে ২০২১ চনৰ ভিতৰত চাংসাৰিত নিৰ্মাণ হোৱা এইমচৰ কাম সম্পূৰ্ণ হ'ব । লগতে কয় যে ইতিমধ্যে এইমৰ ২৫% কাম সম্পূৰ্ণ হোৱা বাবে চৰকাৰৰ ব্যয় হৈছে ২৫০ কোটি টকা ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Man held for allegedly raping a Girl in Powai under Digboi PS

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com