Begin typing your search above and press return to search.

যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে লাভান্বিত কৰিব বাংলাদেশ আৰু উত্তৰ পূবক- টিপু মুন্সী

যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে লাভান্বিত কৰিব বাংলাদেশ আৰু উত্তৰ পূবক- টিপু মুন্সী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Oct 2019 10:53 AM GMT

যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে লাভান্বিত কৰিব বাংলাদেশ আৰু উত্তৰ পূবক- টিপু মুন্সী ।বাংলাদেশৰ বানিজ্যক মন্ত্ৰী টিপু মুন্সীয়ে কয় যে বাংলাদেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাধাৰণ লোকৰ মাজত যোগাযোগ আৰু ভৌগালিক সম্পৰ্ক উন্নতিৰ ফলত বাংলাদেশ আৰু উত্তৰ পূৰ্বাঞ্চল অধিক লাভান্বিত হ'ব ।

সেইবাবে উত্তৰ পূৰ্বাঞ্চলৰ সৈতে বাংলাদেশৰ স্থলপথ ‌,‌ৰেল‌পথৰ উন্নয়নৰ বাবে পূজি বিনিয়োগ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি কয় বাংলাদেশৰ বানিজ্যিক মন্ত্ৰী টিপু মুন্সীয়ে ।

সোমবাৰে ৰাজ্য চৰকাৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰথম ভাৰত বাংলাদেশ ষ্টেকহ'ল্ডাৰ সন্মিলনত সম্বোধন কৰি বাংলাদেশৰ বানিজ্যিক মন্ত্ৰী টিপু মুন্সীয়ে কয় যে উন্নত যোগাযোগ ব্যৱস্থাৰ ফলত উপভোক্তাই কম মূল্যত খাদ্য সামগ্ৰী লাভ কৰিব ।

মুন্সীয়ে কিছুদিন পূৰ্বে বাংলাদেশৰ চট্টগ্ৰাম আৰু মংলা বন্দৰ সুগম কৰি তোলাৰ বাবে স্বাক্ষৰ হোৱা " ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ " চুক্তি উত্তৰ পূৰ্বাঞ্চলতৰ সৈতে মাল্টি মডেল সম্পৰ্কৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি কয় ।

চুবুৰীয়া ৰাষ্ট্ৰ খনৰ মন্ত্ৰীয়ে কয় যে বাংলাদেশ আৰু ভাৰত তথা অন্যান্য দক্ষিণ পূব এচিয়াৰ দেশসমূহৰ যোগাযোগ ব্যৱস্থা সুচল নোহোৱাৰ ফলত বানিজ্যিক উত্তাৰনৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে ।

তদুপৰি টিপু মুন্সীয়ে কয় যে , বাংলাদেশে বিশ্বাস কৰে বলিষ্ঠ সিদ্ধান্তই ভাৰতবৰ্ষৰ সৈতে দ্বিপাক্ষিক বানিজ্যিক সম্পৰ্ক স্থাপন কৰাত সহায়ক হব ,‌বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ সৈতে । মন্ত্ৰী গৰাকীৰ মতে নিয়ন্ত্ৰক বাধা কিছুমান চিন্তিত কাৰন হৈ পৰিছে বাংলাদেশ‌ আৰু ভাৰতৰ বাবে ।

তদুপৰি এই সন্মিলনত বাংলাদেশৰ বানিজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত বাংলাদেশৰ দ্বিতীয় বানিজ্যিক মিত্ৰ , চীনৰ পিছতেই ভাৰতৰ স্থান । আনহাতে ভাৰত আৰু বাংলাদেশৰ মাজত দ্বি পাক্ষিক বানিজ্য অগ্ৰগতি লাভ কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। এই সন্মিলনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ভাষা সংস্কৃতিৰ ভেঁটিত ভাৰত বাংলাদেশৰ মাজৰ সম্পৰ্ক বৰ্তি আছে । পূৰ্বতে চাহ আৰু পেট্ৰলিয়ামৰ দৰে সামগ্ৰী ব্ৰহ্মপুত্ৰ - পদ্মা - মেঘনা নদী পথেৰে তথা বৰ্তমানৰ বাংলাদেশৰ মাজেৰে যোৱা ৰেলপথৰ জৰিয়তে চট্টগ্ৰাম আৰু কলকাতা বন্দৰ লৈকে উপলব্ধ হৈছিল বুলি উল্লেখ কৰে । এই যোগাযোগ ব্যৱস্থাৰ পুনৰ্জীৱিতকৰনে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত বৃহৎ পৰিমাণে সহায় কৰিব বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

এই সন্মিলনত উপস্থিত থকা কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভি কে পিচে কয় যে যোৱা পাঁচ বছৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "এক্ট ইষ্ট পলিচিয়ে " উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰিছে । পথ পৰিবহন‌ মন্ত্ৰালয়ে ভাৰতমালা প্ৰকল্পৰ অধীনত মাল্টি মডেল পাৰ্ক নিৰ্মানৰ আঁচনি গ্ৰহণ কৰিছে । তেওঁ ভাৰত বাংলাদেশৰ মাজত সীমান্ত বানিজ্যিক সম্পৰ্ক উন্নয়নৰ ওপৰত গুৰুত্ব দিছে ।

অন্য খবৰৰ বাবে পঢ়ক: অসমত হ্ৰাস পাইছে নেত্ৰদান : নেত্ৰদান‌ অভিযান বাধাৰ সন্মুখীন হৈছে অসমত

ভিডিঅ প্ৰতক্ষ্য কৰক : Tribute paid to remains of martyr Padam Bahadur Shrestha in Bokajan

Next Story
চাকৰি