অসমত হ্ৰাস পাইছে নেত্ৰদান : নেত্ৰদান‌ অভিযান বাধাৰ সন্মুখীন হৈছে অসমত

অসমত হ্ৰাস পাইছে নেত্ৰদান : নেত্ৰদান‌ অভিযান বাধাৰ সন্মুখীন হৈছে অসমত

অসমত হ্ৰাস পাইছে নেত্ৰদান : নেত্ৰদান‌ অভিযান বাধাৰ সন্মুখীন হৈছে অসমত । সাধৰন মানুহৰ মাজত সচেতনতাৰ অভাৱ, বিশেষজ্ঞ তথা প্ৰশাসনৰ বিশেষ সমৰ্থন নথকাৰ ফলত ৰাজ্যৰ চকু দান অভিযানৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত চকু বিশেষজ্ঞ সকলৰ মাজত চিন্তাৰ কাৰন হৈ পৰিছে ৰাজ্যত দৃষ্টিহীন মানুহৰ সংখ্যা বৃদ্ধি পোৱাৰ ।

গুৱাহাটী মেডিকেল কলেজ আৰু হস্পাতালৰ এজন চকুৰোগ বিশেষজ্ঞই কয়‌ যে ,‌সঠিক পৰ্যায়ৰ কোনো ধৰনৰ সচেতনতা অৱলম্বন নকৰাৰ ফলশ্ৰুতিয়েই অসমত নেত্ৰদানৰ ৰেকৰ্ড কম হোৱাৰ অন্যতম কাৰণ । লগতে কয় যে দৃষ্টি হীন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চকুৰ অস্ত্ৰপ্ৰচাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়ে ।

কৰ্নিয়া সংগ্ৰহৰ পৰিমান কম হোৱাৰ কাৰন অন্ধবিশ্বাস , যোগাযোগৰ ব্যৱধান‌ আৰু সচেতনাৰ অভাৱ হ'ব পাৰে । ইয়াৰ ক্ষেত্ৰত কৰ্নিয়া ৰিট্ৰাইভেল প্ৰ'গ্ৰামৰ কাৰ্যক্ষমতা আৰু অধিক উন্নত কৰাৰ প্ৰয়োজন । তাৰোপৰি কয় যে কৰ্নিয়া সংগ্ৰহকাৰী বিভিন্ন এজেন্সীয়ে মৃত ব্যক্তি কৰ্নিয়া সংগ্ৰহ কৰাৰ ক্ষেত্ৰত পৰিয়ালৰ মতামতৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হোৱা দেখা যায় । আনকি সেই ব্যক্তি জনে মৃত্যুৰ পূৰ্বে কৰ্নিয়া দানৰ প্ৰতিশ্ৰুতি দিয়ে ।

চকু বিশেষজ্ঞ জনে আৰু কয় যে , এই ক্ষেত্ৰত উন্নত আন্ত:গাঠনি প্ৰযোজন । তাৰোপৰি প্ৰয়োজন আছে চকু বেংক স্থাপনৰ । বহু লোকেই নাজানে কত কি ধৰনে চকু দান কৰা হয় ।

চিকিৎসা বিজ্ঞানৰ নিয়ম অনুসৰি এজন ব্যক্তিৰ মৃত্যু হোৱাৰ ছয় ঘন্টাৰ ভিতৰত চকু নিব পাৰি । লগতে সেই চকু কোনো দৃষ্টি হীন লোকৰ চকুত ২৪ ঘন্টাৰ ভিতৰত প্ৰতিস্থান কৰাৰ প্ৰয়োজন । অথবা ১৪ দিনলৈ সেই চকু আই বেংকত সংৰক্ষিত কৰি ৰাখিব পাৰি । তাৰোপৰি মৃত্যু ব্যক্তিৰ পৰা অনা চকু বহু সময়ত বেলেগৰ চকুত প্ৰতিস্থাপন কৰাৰ ক্ষেত্ৰত অযোগ্য হয় ।

আগতে এনেকুৱাও দেখা গৈছে যে কোনো মৃত ব্যক্তিয়ে চকু দান কৰাৰ পিছতো মৃতকৰ পৰিয়ালে আই বেংকক সেই কথা নজনায় অথবা বিশেষজ্ঞই ও সময়মতে যথাস্থানত চকু সংগ্ৰহ কৰাৰ বাবে গৈ নাপায় । জি এম চি এইচৰ ৰিজিয়নেল ইন্সটিটিউট অফ অফথালমোলজি বিভাগৰ এজন অধ্যাপকে এই কথা জানিব দিয়ে । আনহাতে আই বেংক এশ্যোসিয়েশ্বন অফ ইণ্ডিয়া ( ই বি এ আই ) এ জনাই যে ৰাজ্যত ২০১৭-১৮ বৰ্ষত কেৱলমাত্ৰ ১৫৮ টা চকু সংগ্ৰহ কৰা হয় । অথচ প্ৰতিবেশী ৰাজ্য বেংগল আৰু উৰিষ্যাত সেই একেই সময়ত ১৮৬৫ আৰু ১২৬৩ চকু দানৰ গোচৰ নথি ভুক্ত হৈছিল ।

তাৰোপৰি বৰ্তমান‌ অসমত দৃষ্টিহীন মানুহৰ সংখ্যা ৮০,৫৫৩ জন ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Segun Wooden Logs worth Rs 70,000 seized in Lanka

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com