Begin typing your search above and press return to search.

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে মোদীৰ লগত চেলফি লৈ লিখিলে "কিটনি আচ্চি হে মোদী"

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে  মোদীৰ লগত চেলফি লৈ লিখিলে কিটনি  আচ্চি হে মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Jun 2019 12:48 PM GMT

G-20 সন্মিলনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহন কৰি ফেলফি লৈ টুইটাৰযোগে প্ৰকাশ কৰে অস্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে। তেওঁ মোদীৰ লগত ফটো দি "কিটনি আচ্চি হে মোদী" বুলি প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ। সকলোকে স্তম্ভিত কৰি হিন্দীতে মোদীক প্ৰশংসা কৰিলে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। G 20 সন্মিলনত অংশগ্ৰহণ কৰি দুয়োগৰাকী ৰাষ্ট্ৰনেতাৰ অন্তৰংগ মুহূৰ্তত এক ছেলফি টুইটাৰত আপলোড কৰি স্কট মৰিচনে লিখিলে 'কিটনা আচ্ছা হ্যে মোদী'। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ এই টুইটটোৱে এতিয়া সৰ্বত্ৰ লাভ কৰিছে ব্যাপক চৰ্চা।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ টুইটাৰত প্ৰকাশ কৰাৰ পাছতে নৰেন্দ্ৰ মোদীয়ে উত্তৰত লিখে যে , তেওঁ হতস্বকিত হৈ পৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্পৰ্ক দেখি ।

লগতে মোদীয়ে কয় যে "কিটনি আচ্চি হে মোদীয়ে লিখনিৰে এই মেছেজটো ভাইৰেল হৈ পৰিছে "।

G-20 সন্মিলনীত ভাৰত- অষ্ট্ৰেলিয়াৰ সম্পৰ্ক উন্নত হোৱাৰ লগতে ভাৰত, জাপান আৰু আমেৰিকাৰ মাজত সম্পৰ্ক উন্নত হৈছে ।

G-20 সন্মিলনৰ আনুষ্ঠানিক উদ্বোধনৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম, জাপানৰ প্ৰধানমন্ত্ৰী চিনজ’ এব্বে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বৈঠকত মিলিত হয় । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপান, আমেৰিকা আৰু ভাৰতক জয় (JAI) বুলি অভিহিত কৰে । JAI ৰ সম্পৰ্কত নৰেন্দ্ৰ মোদীয়ে দেশ দুখনৰ প্ৰধানক প্ৰকাশ কৰে যে J মানে জাপান, A মানে আমেৰিকা আৰু I মতে ইণ্ডিয়া । লগতে তেওঁ প্ৰকাশ কৰে যে জয় মানে victory অৰ্থাৎ সফল ।

নৰেন্দ্ৰ মোদীয়ে লগতে প্ৰকাশ কৰে যে, তিনি খন দেশৰ মুৰব্বীয়ে একেলগে ” চাবকা চাথ, চাবকা বিকাশ” ( সকলোৰে সৈতে, সকলোৰে বিকাশ) হৈ কাম কৰিব । তিনি খন দেশৰ মুৰব্বীয়ে একেলগে বৃদ্ধি আৰু উন্নয়নৰ লগতে নিৰাপত্তাৰ দিশতো কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে ।

তিনি খন দেশৰ বৈঠকত নৰেন্দ্ৰ মোদীক প্ৰতক্ষ্য কৰা হয় আৰু এই গ্ৰুপটোত ভাৰত গুৰুত্বৰ দিশটোও প্ৰতিফলিত হয় ।

ত্ৰিপাক্ষিক বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰামে জাপান আৰু ভাৰতৰ দুয়োগৰাকী প্ৰধানমন্ত্ৰীক তেওঁলোকে কৰি থকা ভাল কাম সমূহৰ কাৰণে অভিনন্দন জ্ঞাপন কৰে ।

এই ত্ৰিপাক্ষীক বৈঠকত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে, ইণ্ডো পেচিফিক ৰিজনকলৈ বিশেষ গুৰুত্ব প্ৰদান কৰিছো । আমি এনেকুৱা এখন ঠাইৰ পৰা আহিছো যত শান্তি আৰু অখণ্ডতাৰ উপৰত বিশ্বাস কৰা হয় , আমি গনতান্ত্ৰৰ বাবে দায়বদ্ধ আৰু সেয়েহে আমি বৃদ্ধি আৰু উন্নয়ন আৰু উন্নত ভৱিষ্যতৰ বাবে দায়বদ্ধ ।

অন্য খবৰৰ বাবে পঢ়ক:G-20 সন্মিলন : প্ৰধানমন্ত্ৰী মোদীয়ে জাপান, আমেৰিকা আৰু ভাৰতক “JAI” বুলি অভিহিত কৰে

Next Story
চাকৰি