G-20 সন্মিলন : প্ৰধানমন্ত্ৰী মোদীয়ে জাপান, আমেৰিকা আৰু ভাৰতক "JAI" বুলি অভিহিত কৰে

G-20 সন্মিলন : প্ৰধানমন্ত্ৰী মোদীয়ে জাপান, আমেৰিকা আৰু ভাৰতক "JAI" বুলি অভিহিত কৰে

G-20 সন্মিলনৰ আনুষ্ঠানিক উদ্বোধনৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম, জাপানৰ প্ৰধানমন্ত্ৰী চিনজ' এব্বে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বৈঠকত মিলিত হয় । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপান, আমেৰিকা আৰু ভাৰতক জয় (JAI) বুলি অভিহিত কৰে । JAI ৰ সম্পৰ্কত নৰেন্দ্ৰ মোদীয়ে দেশ দুখনৰ প্ৰধানক প্ৰকাশ কৰে যে J মানে জাপান, A মানে আমেৰিকা আৰু I মতে ইণ্ডিয়া । লগতে তেওঁ প্ৰকাশ কৰে যে জয় মানে victory অৰ্থাৎ সফল ।

নৰেন্দ্ৰ মোদীয়ে লগতে প্ৰকাশ কৰে যে, তিনি খন দেশৰ মুৰব্বীয়ে একেলগে " চাবকা চাথ, চাবকা বিকাশ" ( সকলোৰে সৈতে, সকলোৰে বিকাশ) হৈ কাম কৰিব । তিনি খন দেশৰ মুৰব্বীয়ে একেলগে বৃদ্ধি আৰু উন্নয়নৰ লগতে নিৰাপত্তাৰ দিশতো কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে ।

তিনি খন দেশৰ বৈঠকত নৰেন্দ্ৰ মোদীক প্ৰতক্ষ্য কৰা হয় আৰু এই গ্ৰুপটোত ভাৰত গুৰুত্বৰ দিশটোও প্ৰতিফলিত হয় ।

ত্ৰিপাক্ষিক বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰামে জাপান আৰু ভাৰতৰ দুয়োগৰাকী প্ৰধানমন্ত্ৰীক তেওঁলোকে কৰি থকা ভাল কাম সমূহৰ কাৰণে অভিনন্দন জ্ঞাপন কৰে ।

এই ত্ৰিপাক্ষীক বৈঠকত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে, ইণ্ডো পেচিফিক ৰিজনকলৈ বিশেষ গুৰুত্ব প্ৰদান কৰিছো । আমি এনেকুৱা এখন ঠাইৰ পৰা আহিছো যত শান্তি আৰু অখণ্ডতাৰ উপৰত বিশ্বাস কৰা হয় , আমি গনতান্ত্ৰৰ বাবে দায়বদ্ধ আৰু সেয়েহে আমি বৃদ্ধি আৰু উন্নয়ন আৰু উন্নত ভৱিষ্যতৰ বাবে দায়বদ্ধ ।

লগতে তেওঁ প্ৰকাশ কৰে যে , " আমেৰিকাৰ সপোন হৈছে পুনৰ সৰ্ব শ্ৰেষ্ঠ হোৱা আৰু আমি সেইটোৱে বিচাৰো । এবেনমিকচৰ ( Abenomics) ৰ ভিত্তিত জাপানে নতুন শিখৰত অতিক্ৰম কৰিছে । লগতে ভাৰতেও সকলোৰে সৈতে, সকলোৰে বিকাশৰ লগতে মেক ইন ইণ্ডিয়া ( Make in India)ৰ ভিত্তিত কাম কৰি গৈছে । আমি তিনি খন ৰাষ্ট্ৰীয়ে উন্নয়নলৈ গতি কৰিছে বুলি প্ৰকাশ কৰে মোদীয়ে । আজিৰ বৈঠকত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপান, আমেৰিকা আৰু ভাৰতক জয় (JAI) বুলি অভিহিত কৰে । JAI ৰ সম্পৰ্কত নৰেন্দ্ৰ মোদীয়ে দেশ দুখনৰ প্ৰধানক প্ৰকাশ কৰে যে J মানে জাপান, A মানে আমেৰিকা আৰু I মতে ইণ্ডিয়া । লগতে তেওঁ প্ৰকাশ কৰে যে জয় মানে victory অৰ্থাৎ সফল ।

নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে, শেষৰবাৰৰ বাবে আৰ্জেনটিনাত তেওঁলোক মিলিত হৈছিল আৰু তাৰ পাছতে এইবাৰ মিলিত হৈছে তিনি খন দেশৰ মুৰব্বী । যি বৈঠকে অধিক বিশ্বাস আৰু শক্তিশালী কৰি তুলিছে তেওলোকৰ লক্ষ্যত ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com