ভুৱা ফাৰ্মাচিষ্টে চলোৱাৰ অভিযোগঃ ৰাজ্যত ১,৩৭৪খন ফাৰ্মাচীৰ পঞ্জীয়ন বাতিল

ভুৱা ফাৰ্মাচিষ্টে চলোৱাৰ অভিযোগঃ ৰাজ্যত ১,৩৭৪খন ফাৰ্মাচীৰ পঞ্জীয়ন বাতিল

ভুৱা ফাৰ্মাচিষ্টে চলোৱাৰ অভিযোগত অসম ফাৰ্মাচী পৰিষদে ৰাজ্যৰ ১,৩৭৪জন ফাৰ্মাচিষ্টৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। অভিযোগ অনুসৰি ৰাজ্যৰ এইসকল ফাৰ্মাচিষ্টৰ অনুজ্ঞাপত্ৰ বৈধ নহয়।ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ অনুজ্ঞাপত্ৰ নাকচ কৰি অসম ফাৰ্মাচী পৰিষদে ৰাজ্যৰ ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষক এই ফাৰ্মাচিষ্টসকলৰ দ্বাৰা চালিত ফাৰ্মাচীসমূহৰ পঞ্জীয়ন নাকচ কৰিবলৈ নিৰ্দেশ জাৰি কৰা বুলি এক সূত্ৰই জনায়। সূত্ৰটোৱে জনোৱা মতে, ফাৰ্মাচী আইন, ১৯৪৮ৰ অধীনত অসমত দুই ধৰণেৰে ফাৰ্মাচিষ্টৰ পঞ্জীয়ন ব্যৱস্থা আছে। সেই অনুসৰি উক্ত আইনৰ অধীনত পঞ্জীয়ন কৰা মুঠ ১৬,৪৯৭জন ফাৰ্মাচিষ্ট অসমত আছে। ইয়াৰে যিসকল ফাৰ্মাচিষ্টে উক্ত আইনৰ ৩২(বি)ধাৰাৰ অধীনত পঞ্জীয়ন কৰাইছিল তেওঁলোকক ভুৱা ফাৰ্মাচিষ্টৰূপে গণ্য কৰা হৈছে। সেই অনুসৰি ফাৰ্মাচী পৰিষদে ১,৩৭৪জন ফাৰ্মাচিষ্টৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। এইসকল ফাৰ্মাচিষ্টে প্ৰথমে বহিঃৰাজ্যত পঞ্জীয়ন কৰাইছিল। পাছত তেওঁলোকে অসমত পঞ্জীয়ন কৰায়।

আনহাতে, উক্ত আইনৰ অধীনত প্ৰথমৰে পৰা বা প্ৰত্যক্ষভাবে অসমত পঞ্জীয়ন কৰা ফাৰ্মাচিষ্টো আছে। এইসকল ফাৰ্মাচিষ্ট হৈছে ফাৰ্মাচী আইন, ১৯৪৮ৰ ৩২(২)ধাৰাত পঞ্জীয়ন কৰা ফাৰ্মাচিষ্ট।এক সূত্ৰই জনোৱা মতে, উক্ত আইনৰ ৩২(বি)ধাৰাৰ অধীনত পঞ্জীয়ন কৰোৱা ফাৰ্মাচিষ্টসকল ভুৱা বুলি ২০০৮ত ৰাজ্য চৰকাৰে অভিযোগ পায়। ইয়াৰ ভিত্তিত তদানীন্তন কংগ্ৰেছ চৰকাৰে অভিযোগটোৰ সত্যাসত্য পৰীক্ষণৰ উদ্দেফাৰশ্য এখন সমিতি গঠন কৰে। পৰীক্ষণৰ অন্তত সমিতিখনে অভিযোগটো সত্য বুলি নিশ্চিত কৰি ভুৱা ফাৰ্মাচিষ্টসকলৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ অসম ফাৰ্মাচী পৰিষদলৈ নিৰ্দেশ জাৰি কৰে। সেই অনুসৰি ফাৰ্মাচী পৰিষদে এই সহস্ৰাধিক ফাৰ্মাচিষ্টৰ অনুজ্ঞাপত্ৰ বাতিল কৰে।

আনহাতে, এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই এই ফাৰ্মাচিষ্টসকল ২০১১ত সুকীয়া সুকীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইয়াৰ সাত বছৰৰ পাছত ২০১৮ৰ মেত উচ্চ ন্যায়ালয়ে ফাৰ্মাচিষ্টসকলক পঞ্জীয়নকে ধৰি সকলো নথিপত্ৰ ফাৰ্মাচী পৰিষদক দাখিলৰ নিৰ্দেশ দিয়ে। কিন্তু তেওঁলোকৰ মাথোঁ ১৪জনেহে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে নথিপত্ৰ ফাৰ্মাচী পৰিষদক দাখিল কৰে। পৰৱৰ্তী সময়ত ১,০২১জনে নথি-পত্ৰ দাখিল কৰে। পাছত ফাৰ্মাচী পৰিষদে তেওঁসোকৰ নথিপত্ৰসমূহ পৰীক্ষণৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰে। আশ্বৰ্যজনক যে বিশেষজ্ঞ সমিতিৰ পৰীক্ষণত এই সকলো ফাৰ্মাচিষ্টৰ নথিপত্ৰ ভুৱা বুলি প্ৰমাণিত হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত ফাৰ্মাচী পৰিষদে তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। ইয়াৰ পূৰ্বে ফাৰ্মাচী পৰিষদে ফাৰ্মাচী আইন, ১৯৪৮ৰ ৩২(২)ধাৰাত পঞ্জীয়ন কৰা ফাৰ্মাচিষ্টসকললৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰে যদিও বহু ফাৰ্মাচিষ্টে উত্তৰ দিয়াৰ পৰা বিৰত থাকে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Hawker knocked down by speeding car in Jorhat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com