পেট্ৰ’পণ্যৰ মূল্যবৃদ্ধিৰ সম্ভাৱনাঃ পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধি

পেট্ৰ’পণ্যৰ মূল্যবৃদ্ধিৰ সম্ভাৱনাঃ পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধি

জনতাৰ মূৰত মাধমাৰ শোধাই ৰাজহ সংগ্ৰহৰ আঁচনি কাৰ্যকৰী কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে ৷ একমাত্ৰ ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে কেন্দ্ৰই পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধি কৰিছে ৷ শনিবাৰে কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক ব’ৰ্ডে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত তিনি টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰা হৈছে ৷ ফলত অচিৰেই পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ঘটাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে ৷ আনহাতে, এই বৰ্ধিত আবকাৰী শুল্কৰ জৰিয়তে কেন্দ্ৰই পেট্ৰ’ল-ডিজেলৰ পৰা অতিৰিক্ত ৰাজহ হিচাপে ৩৯ হেজাৰ কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছে ৷ লক্ষ্যণীয় যে ক’ৰ’না ভাইৰাছৰ প্ৰকোপৰ বাবে শেহতীয়াভাবে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য দ্ৰুতগতিত হ্ৰাস পাইছে ৷ এনে পৰিস্থিতিতো মোদী চৰকাৰে পেট্ৰ’পণ্যৰ আবকাৰী শুল্ক বৃদ্ধি কৰিছে ৷ স্বাভাৱিকতে ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Hawker knocked down by speeding car in Jorhat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com