ক’ৰ’না ভাইৰাছক তালিকাভুক্ত দুৰ্যোগ আখ্যা কেন্দ্ৰৰঃ মৃতকৰ পৰিয়ালে পাব চৰকাৰী সাহায্য

ক’ৰ’না ভাইৰাছক তালিকাভুক্ত দুৰ্যোগ আখ্যা কেন্দ্ৰৰঃ মৃতকৰ পৰিয়ালে পাব চৰকাৰী সাহায্য

ক্ৰমে ভাৰততো জটিল ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছক তালিকাভুক্ত দুৰ্যোগ (নটিফাইড ডিজেষ্টাৰ) আখ্যা দিছে কেন্দ্ৰীয় চৰকাৰে।ভাৰতত তালিকাভুক্ত দু্ৰ্যোগৰ তালিকাত আছে বান, ভূমিকম্প, ঘূৰ্ণী, অগ্নিকাণ্ড, ছুনামী, শিলাবৃষ্টি, ভূ-স্খলন, হিমানী সম্প্ৰপাত, ডাৱৰ বিস্ফোৰণ, কীটানুৰ আক্ৰমণ আৰু শীতপ্ৰবাহ। সম্প্ৰতি এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ক’ৰ’না ভাইৰাছ সৃষ্ট ৰোগক। এই তালিকাভুক্ত দুৰ্যোগসমূহত মৃত্যু হোৱা লোকৰ আত্মীয়ই চৰকাৰৰ পৰা সাহায্য লাভ কৰে।

একেদৰে আহত ব্যক্তি অথবা ক্ষতিগ্ৰস্ত লোকক চৰকাৰে সাহায্য প্ৰদান কৰে। সেই অনুসৰি ক’ৰ’না ভাইৰাছৰ দ্বাৰা সৃষ্ট ৰোগত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়ই চৰকাৰৰ পৰা সাহায্য লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি ক’ৰ’না ভাইৰাছত মৃত ব্যক্তিৰ নিকটাত্মীয়ক চৰকাৰে চাৰি লাখ টকাকৈ চৰকাৰে সাহায্য প্ৰদান কৰিব। তদুপৰি আক্ৰান্ত ব্যক্তিৰ চৰকাৰী চিকিত্সাৰ ব্যৱস্থা কৰা হ’ব। উল্লেখ্য যে ইতিমধ্যে ক’ৰ’না ভাইৰাছ ৰোগত ভাৰতত দুজন ব্যক্তিৰ মৃত্যু হৈছে। এই দুৰ্ভগীয়াদ্বয়ৰ প্ৰথমজন হ’ল কৰ্ণাটকৰ। চৰকাৰী তথ্য অনুসৰি ৭৬ বছৰীয়া এই লোকজনেই হ’ল ক’ৰ’না ভাইৰাছ সৃষ্ট ৰোগত মৃ্ত্যু হোৱা প্ৰথমজন ভাৰতীয় লোক। ১১দিন পূৰ্বে তেওঁ ছৌদি আৰৱ ভ্ৰমণ সামৰি স্ব-গৃহত উপস্থিত হৈছিল। তাৰ পাছতে তেওঁ অসুস্থ হৈ পৰে। দ্বিতীয়গৰাকী দুৰ্ভগীয়া হ’ল দিল্লীৰ এগৰাকী ৬৮ বছৰীয়া মহিলা। মহিলাগৰাকীৰ পুত্ৰই যোৱা মাহত ছুইজাৰলেণ্ড আৰু ইটালী ভ্ৰমণ কৰিছিল।বিদেশ ভ্ৰমণ সামৰি ঘৰলৈ ঘূৰি অহা পুত্ৰৰ পৰাই মহিলাগৰাকীৰ দেহলৈ ক’ৰ’না ভাইৰাছ সংক্ৰমিত হয়। স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি শুকুৰবাৰলৈকে দেশত ৮৩ জন লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ উপৰি ইতিমধ্যে অসমকে ধৰি বিভিন্ন ৰাজ্যৰ চৰকাৰেও ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণৰ উদ্দেশ্য ব্যৱস্থা গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাৱধানতামূলক পদক্ষেপৰ অংশৰূপে অহা ৩১ মাৰ্চলৈ কোনো ৰাজহুৱা সভাত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।মু্খ্যমন্ত্ৰীয়ে এক বাৰ্তাত কয় যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ একমাত্ৰ উপায় হ’ল সজাগ হৈ থকা। ইপিনে, শেহতীয়া তথ্য অনসৰি ক’ৰ’না ভাইৰাছৰ দ্বাৰা ভাৰতকে ধৰি বিশ্বৰ ১২৩খন দেশৰ এক লাখ ৩২ হেজাৰ লোক আক্ৰান্ত হৈছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ এছিয়া মাণ্ডলিকা সহযোগিতা সংস্থা(ছাৰ্ক)ৰ দেশসমূহক ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ঐক্যৱদ্ধ কৰ্মসূচী হাতত ল’বলৈ আহ্বান জনাইছে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Hawker knocked down by speeding car in Jorhat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com