Begin typing your search above and press return to search.

ৰাজ্যসভাৰ নিৰ্বাচনঃ তিনি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

ৰাজ্যসভাৰ নিৰ্বাচনঃ তিনি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 March 2020 11:05 AM GMT

তিনিখন আসনৰ বাবে অহা মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ’বলগা ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে তিনিজন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। শুকুৰবাৰে কংগ্ৰেছ-এ আই ইউ ডি এফৰ উমৈহতীয়া প্ৰাৰ্থী জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই ৰিটাৰ্ণিং বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু এ আই ইউ ডি এফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমল উপস্থিত থাকে। তদুপৰি বাওঁ দলসমূহৰ প্ৰতিনিধিও ভূঞাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে। তেওঁৰ পূৰ্বে মনোনয়ন পত্ৰ দাখিল কৰে শাসকীয় মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই।

কলিতাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। ইয়াৰ পূৰ্বে মিত্ৰজোঁটৰ বি পি এফ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে যোৱা বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে। কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন উকলি যায়। অহা ১৬মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। নিৰ্বাচন অনুষ্ঠিত হ'ব লগীয়া এই তিনিখন আসনৰ প্ৰথমখন আসনৰ বাবে বিজেপিয়ে প্ৰাক্তন কংগ্ৰেছ সাংসদ ভূৱনেশ্বৰ কলিতাৰ নাম প্ৰাৰ্থী ৰূপে ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছ আৰু এ‌ আই ইউ ডি এফে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ‌ নাম উমৈহতীয়া প্ৰাৰ্থী ৰূপে ঘোষণা কৰে। উল্লেখ্য যে সংসদৰ গ্ৰীষ্মকালীন অধিৱেশন চলি থকাৰ সময়তে কলিতাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে। তেতিয়া তেওঁ ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল।

বি পি এফৰ দৈমাৰীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু মিত্ৰজোঁটৰ একাংশ নেতাৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ কয়, “ "আমাৰ মিত্ৰজোঁটত পৰ্যাপ্ত সদস্য আছে , মোৰ জয় নিশ্চিত"।একেদৰে মুখ্যমন্ত্ৰী সোণোৱালেও কয় যে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় নিশ্চিত। আনহাতে, বিত্ত মন্ত্ৰী শৰ্মাই কয়,"আমি ২০১৬ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অগপ আৰু বি পি এফৰ লগত মিত্ৰতা কৰিছিলো। মিত্ৰতাৰ চুক্তি অনুসৰি আমি অগপক এখন ৰাজ্যসভাৰ আসন প্ৰদান কৰিছো আৰু এতিয়া বি পি এফক এখন আসন প্ৰদান কৰিম"।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ উমৈহতীয়া প্ৰাৰ্থী ঞা সম্পৰ্কে মন্ত্ৰী শৰ্মাই কয়, " অজিত কুমাৰ ভূঞাই যদি বদৰুদ্দিন আজমলৰ লগত একেখন মঞ্চতে থিয় হয় তেন্তে জাতিটোৰ বাবে দুখৰ বিষয় একো হ'ব নোৱাৰে "।

অন্য খবৰৰ বাবে পঢ়ক: ২০২১ৰ পাছতো আজমলৰে আমাৰ মিত্ৰতা থাকিবঃ গগৈ

ভিডিঅ প্ৰতক্ষ্য কৰক: Cruise ship tourists in quarantine at Nimati Ghat in Jorhat were released today

Next Story
চাকৰি