ওদালগুৰিত যান‌ বাহন আইনৰ ওপৰত সজাগতা কাৰ্যসূচী ৰূপায়ন আৰক্ষীৰ

ওদালগুৰিত যান‌ বাহন আইনৰ ওপৰত সজাগতা কাৰ্যসূচী ৰূপায়ন আৰক্ষীৰ

ওদালগুৰিত যান‌ বাহন আইনৰ ওপৰত সজাগতা কাৰ্যসূচী ৰূপায়ন আৰক্ষীৰ।‌বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ টংলা চহৰত যান বাহন আইন ২০১৯ৰ অধীনত সুৰক্ষিত ভাৱে গাড়ী চলোৱা,আৰু ট্ৰেফিক আইন কানুনৰ ওপৰত এক সজাগতা কাৰ্যসূচী ৰূপায়ন কৰে ভেৰগাও মহকুমা আৰক্ষীয়ে । লগতে যি সকল লোকে গাড়ী চলোৱা সময়ত ট্ৰেফিক আইন মানি চলিছে সেই সকলক গোলাপ ফুলৰে পুৰষ্কৃত কৰে ।

মহকুমা আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে কয় যে , চেপ্তেম্বৰ ১ তাৰিখে কাৰ্যকৰী হোৱা নতুন যান বাহন আইন ২০১৯ ৰ অধীনত যান বাহন আইন কানুন উলংঘন কাৰী সকলৰ বাবে মোটা অংকৰ জৰিমনাৰ ব্যৱস্থা কৰিছে । সেইবাবেই সজাগতা কাৰ্যসূচী ৰূপায়ন কৰাৰ প্ৰয়োজন অনুভৱ কৰা বুলি কয় আৰক্ষী অধীক্ষক গৰাকীয়ে।

লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে যান বাহন আইন ২০১৯ ৰাজহ আদায় কৰাতকৈ মানুহৰ জীৱন সুৰক্ষিত কৰা মুখ্য চিন্তা । যি নহওক আৰক্ষী কৰ্মকৰ্তা সকলে যান বাহন আইন ভংগ কৰা লোক সকলৰ পৰা কোনো ধৰনৰ জৰিমনা গ্ৰহণ কৰা নাই । লগতে গাড়ী চালক সকলক যান বাহন আইন কানুন মানি চলিবলৈ আহ্বান জনায় ।

তাৰোপৰি মহিলাৰ আৰক্ষী কৰ্মচাৰী পল্লৱী বৰ্মনে কয় যে " আমি সকলো ব্যক্তিকে দুচকীয়া বাহন চলোৱা সময়ত হেলমেট পৰিধান কৰিবলৈ আহ্বান জনাইছো " । লগতে ওদালগুৰিত মহিলা আৰক্ষী গৰাকীয়ে যান বাহন আইন মানি চলা লোক সকলৰ মাজত গোলাপ ফুল বিতৰন কৰে । বৰ্তমান সময়ত চলি থকা দুৰ্গা পূজাৰ বাবে আৰক্ষী সকলে বিশেষকৈ পুৰা পান কৰি গাড়ী চলোৱা লোক , গাড়ী চলোৱা সময়ত মোবাইল ফোন ব্যৱহাৰ কৰা, ভুল দিশত গাড়ী চলোৱা , হেলমেট পৰিধান নকৰা , দুচকীয়া বাহনত তিনি জনে উঠা আদি দিশত বেছি গুৰুত্ব দিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Chandmari Rajahuwa Puja Samiti, Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com