Begin typing your search above and press return to search.

সকলো সম্প্ৰদায়ৰ লগত সম্পৰ্ক বজাই ৰাখিছে অসম সাহিত্য সভায়ে

সকলো সম্প্ৰদায়ৰ লগত সম্পৰ্ক বজাই ৰাখিছে অসম সাহিত্য সভায়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 July 2019 6:31 AM GMT

অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে অসম সাহিত্য সভাহে প্ৰচেষ্টা চলাই আহিছে । এই সম্পৰ্কত অসম সাহিত্য সভায়ে বিভিন্ন জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লগত আলোচনা কৰিছে ।

অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে প্ৰকাশ কৰিছে যে, ২০২১ গণনাৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে । যদি অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ নিজৰ ভাষাটোক মাতৃভাষা বুলি গণনাত প্ৰকাশ কৰে তেনে অসমীয়া ভাষাৰ বাবে ভাবুকিৰ সৃষ্টি হব। সেয়েহে অসম সাহিত্য সভায়ে বিভিন্ন জনগোষ্ঠীৰ লগত আলোচনা কৰিছে বুলি প্ৰকাশ কৰে।

অসমৰ চৰ-চাপৰিত যিসকল লোক বসবাস কৰে , চাহ জনগোষ্ঠী, কোচ-ৰাজবংশী সকলে যদি ২০২১ গণনাত তেওঁলোকৰ নিজৰ ভাষাটো মাতৃভাষা হিচাপে প্ৰকাশ কৰে তেনে অসমীয়া ভাষাটো সমস্যাৰ সন্মুখীন হৈছে । চৰ-চাপৰিৰ লোকসকল, সংগঠনৰ সৈতে আমি একেৰাহে আলোচনা কৰি আছো আৰু তেওঁলোকক গননাৰ সময়ত অসমীয়া ভাষাটোক মাতৃভাষা বুলি প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে বুলি প্ৰকাশ কৰে পৰমানন্দ ৰাজবংশীয়ে । মিঞা সংগঠনৰ সৈতেও শীঘ্ৰে আলোচনা কৰিব বুলি প্ৰকাশ কৰে ।

বৃহস্পতি বাৰে ইয়াৰ সম্পৰ্কত কোচ-ৰাজবংশীৰ সৈতে আলোচনাত মিলিত হয় বুলি প্ৰকাশ কৰে। তেওঁলোকক অসমীয়া ভাষা মাতৃভাষা হিচাপে প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে । বড়ো ,ৰাভা, কাৰ্বি, মিচিং, তিৱা, গাৰো, দেউৰি আৰু ডিমাছা জনগোষ্ঠীকো একে আহ্বান কৰিছে বুলি প্ৰকাশ কৰে।সোনোৱাল কছাৰি, শৰনিয়া কছাৰি আৰু অন্যান্য জনগোষ্ঠীয়ৰ লগত শীঘ্ৰে আলোচনাত মিলিত হব বুলি প্ৰকাশ কৰে অসম সাহিত্য সভায়ে ।

অধিক খবৰৰ বাবে পঢ়ক: অসম সাহিত্য সভাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক বিশেষ আহ্বান

Next Story
চাকৰি