অসম সাহিত্য সভাই অস্বীকাৰ কৰিলে এখন ৰাষ্ট্ৰ এটা ভাষা নীতিক

অসম সাহিত্য সভাই অস্বীকাৰ কৰিলে এখন ৰাষ্ট্ৰ এটা ভাষা নীতিক

অসম সাহিত্য সভাই অস্বীকাৰ কৰিলে এখন ৰাষ্ট্ৰ এটা ভাষা নীতিক ।নিজৰ মাতৃভাষা ব্যৱহাৰৰ লগত মিটমাত কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী ৰাজি নহয় । অসম সাহিত্য সভাই নিজৰ মাতৃভাষাৰ হৈ থিয় দিছে। অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে নিজৰ মাতৃভাষাক প্ৰাধান্যতা দি কয় যে মাতৃভাষা প্ৰথম ভাষা , দ্বিতীয়তে আহে ৰাজ্যৰ ভাষা । তাৰপিছত হিন্দী ভাষা আহে তৃতীয় স্থানত আৰু ইংৰাজী ভাষা চতুৰ্থ স্থানত ।

গৃহমন্ত্ৰী অমিত শ্বাহে কৰা এক টুইটকলৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰিছিল যে " ভাৰতবৰ্ষ এখন এনেকুৱা দেশ য'ত বিভিন্ন ভাষাৰ সমাহাৰ আছে । প্ৰত্যেকটো ভাষাৰে এক বিশেষ গুৰুত্ব আছে । কিন্তু এনে এটা ভাষা থকা অতি গুৰুত্বপূৰ্ণ যিয়ে ভাৰতবৰ্ষৰ পৰিচয় সমগ্ৰ বিশ্বৰ আগত দাঙি ধৰে । যদি এটা ভাষাই এই দেশখনক একত্ৰিত কৰিব পাৰিছে সেয়া হল ব্যাপক ভাৱে ব্যৱহাৰ কৰা হিন্দী ভাষা" ।

গৃহমন্ত্ৰী অমিত শ্বাহে টুইটৰ জৰিয়তে সমগ্ৰ দেশ বাসীক হিন্দী দিৱসৰ দিনা আহ্বান জনাইছিল যে সকলো দেশবাসীয়ে নিজৰ মাতৃভাষা অধিক ব্যৱহাৰ কৰিব লাগে লগতে হিন্দী ভাষা ও ব্যৱহাৰ কৰিব লাগে । হিন্দী ভাষায়ে এনে এক ভাষা যিয়ে জাতিৰ পিতা মহাত্মা গান্ধী আৰু আইৰন ম্যান চৰ্দাৰ বল্লভভাই পেটেলৰ সপোন বাস্তৱত ৰূপায়িত কৰিব ।

দ্যা চেন্টিনেলে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীক বিতৰ্ক মূলক সযস্যাটোৰ ওপৰত মন্তব্য সোধাত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে " কোনোৱে আমাৰ মাতৃভাষাৰ ওপৰত আন এটা ভাষা জাপি দিব নোৱাৰে । অসম সাহিত্য সভাই এনেধৰনৰ কোনো নীতি গ্ৰহণ নকৰে যিয়ে আমাৰ মাতৃভাষা ধ্বংসৰ গৰিহলৈ ঠেলি দিব । ভাৰতবৰ্ষৰ ৰাজ্য সমূহ বেছি ভাগ ভাষাৰ ওপৰত ভিত্তি কৰিয়ে সৃষ্টি হৈছে । যদি ৰাজ্যৰ কোনো ভাষাৰ ওপৰত আন এটা ভাষা জাপি দিয়াৰ প্ৰচেষ্টা চলায় তেতিয়াহলে সংঘৰ্ষৰ সৃষ্টি হয় " ।

অসম সাহিত্য সভাই এই সমস্যাটোৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰিছে। লগতে অসম সাহিত্য সভাৰ সভাপতি সভাপতি পৰমানন্দ ৰাজবংশী কয় যে " আমাৰ স্থিতি স্পষ্ট । মাতৃভাষা সদায় আগত আহে আৰু তাৰপিছত আহে দেশীয় ভাষা হিন্দী ভাষা আৰু ইংৰাজী ভাষা । আমি সম্পূৰ্ণ ৰূপে যুদ্ধ কৰিম যদিহে হিন্দী আৰু ইংৰাজী ভাষাক প্ৰথমতে আনিব বিচাৰে "।

তাৰোপৰি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে ইতিমধ্যে অসম সাহিত্য সভাই চৰকাৰৰ ওচৰত ভাষা নীতি উপস্থাপিত কৰিছে। ভাষা নীতি অনুসৰি সকলো ধৰনৰ চাকৰি সন্ধানকাৰীয়ে যোগ্যতা অনুসৰি নিজৰ মাতৃভাষাৰ ওপৰত পৰীক্ষা দিব পাৰিব। যি নহওক এতিয়ালৈকে ৰাজ্য চৰকাৰে এই ভাষা নীতিৰ ক্ষেত্ৰত কোনো ধৰনৰ শুনানি জাৰি কৰা নাই ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com