ৰাম মন্দিৰক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি ৰাজনৈতিক নেতাৰঃটুইটাৰ যোগে ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া

ৰাম মন্দিৰক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি ৰাজনৈতিক নেতাৰঃটুইটাৰ যোগে ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া

আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবি শংকৰে ৰাজনৈতিকভাৱে অত্যন্ত সংবেদশীল অযোধ্যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে। লগতে উচ্চতম ন্যায়ালয়ৰ ৰায়ক ঐতিহাসিক বুলি মন্তব্য কৰে। শ্ৰী শ্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে হিন্দু আৰু মুছলিম লোকসকলে স্বস্তিৰ নিশ্বাস পেলাইছে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰবি শংকৰে কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায় দানক সাদৰেৰে আদৰণি জনাইছে। এক দীঘলীয়া সময়ৰ কাৰণে চলি থকা এই গোচৰে সমাধান লাভ কৰিলে ৷সকলো জনসাধাৰণে যাতে এই সময়তে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখে।

ইফালে শ্ৰী শ্ৰী ৰবিশংকৰে টুইটাৰ যোগে প্ৰকাশ কৰে যে মই সাদৰেৰে উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ক আদৰণি জনাইছো ৷দুটা সম্প্ৰদায়ৰ মাজত দীৰ্ঘ দিন ধৰি চলি থকা এটি বিতৰ্কই সমাধান লাভ কৰিলে ।আনহাতে যোগ গুৰু ৰামদেৱেও উচ্চতম ন্যায়ালয়ৰ ৰায়ক প্ৰশংসা কৰিছে। ৰাম দেৱৰ মন্তব্য যে আমি সকলোৱে একতাৰ বাৰ্তা কঢ়িয়াই আনিব লাগে । হিন্দুৰ লোকসকলে মছজিদ নিৰ্মাণৰ সময়ত মুছলিম লোকসকলক সহায় কৰিব লাগে। কাৰো মনত আঘাত দিব পৰা কোনো কাৰ্য কৰিব নালাগে বুলি মন্তব্য কৰে য়োগ গুৰু ৰাম দেৱে।

ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ সন্দৰ্ভত কৰা ৰায় দানক প্ৰশংসা কৰে ৷লগতে কয় যে আমাৰ সকলোৰে মাজত সদ্ভাৱ বৰ্তাই ৰাখিব লাগে । ৰাহুল গান্ধীয়ে টুইটাৰ যোগে প্ৰকাশ কৰে যে উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ সন্দৰ্ভত ৰায় দিলে ৷ ন্যায়ালয়ৰ এই ৰায়ক সন্মান জনাই আমি সকলোৰে মাজত সদ্ভাৱ বৰ্তাই ৰাখিব লাগে । এইয়া সকলো ভাৰতীয়ৰ মাজত বন্ধুত্ব,বিশ্বাস আৰু প্ৰেম বৰ্তাই ৰখাৰ সময় ৷

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰ যোগে অযোধ্যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক ঐতিহাসিক আখ্যা দিয়ে। লগতে এই ৰায়ে ভাৰতক শক্তিশালী কৰিব বুলি মন্তব্য কৰে ।মোৰ বিশ্বাস যে সকলো লোকে ধৈৰ্য্য তথা উদাৰতাৰে এই সিদ্ধান্তক আদৰি ল’ব। মই সকলো লোকক আহ্বান জনাইছো , যাতে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছত শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখে। এই মন্তব্য ৰাজনাথ সিঙৰ ।

গৃহ মন্ত্ৰী অমিত শ্বাহেও ৰাম মন্দিৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনায়। লগতে সকলো লোকৰ মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখি এক ভাৰত শ্ৰেষ্ঠ ভাৰত নিৰ্মাণ কৰিবলৈ আহ্বান কৰে ৷ দীৰ্ঘসময় ধৰি চলি থকা অযোধ্যাৰ বিতৰ্কই আজি শেষ পৰ্যায়ত উপনীত হৈছে ৷মই ভাৰতৰ ন্যায় ব্যৱস্থাক আদৰণি জনাইছো। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্ণয়ে ভাৰতৰ একতা,অখণ্ডতা আৰু মহান সংস্কৃতিক আৰু অধিক শক্তিশালী কৰিব৷ এই মন্তব্য অমিত শ্বাহৰ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰ যোগে প্ৰকাশ কৰে যে উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ সন্দৰ্ভত ৰায় দান প্ৰদান কৰিলে ৷ এই ৰায় কোনো এটা পক্ষৰ জয় পৰাজয় হিচাপে ল’ব নালাগে ৷ ৰামভক্তিয়েই হওক বা ৰহিম ভক্তিয়েই হওঁক আমাৰ সকলোৰে কাৰণে ভাৰত ভক্তিৰ ভাবনা উল্লেখ্য৷ দেশ বাসীলৈ মোৰ অনুৰোধ যাতে সকলোৱে শান্তি,সদ্ভাৱ আৰু একতা বৰ্তাই ৰাখে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com