Begin typing your search above and press return to search.

অযোধ্যাৰ বিতৰ্কৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি কংগ্ৰেছৰ

অযোধ্যাৰ বিতৰ্কৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি কংগ্ৰেছৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Nov 2019 10:35 AM GMT

ৰাম জন্মভূমিক ভগৱান ৰামক দিয়াৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই কংগ্ৰছে প্ৰকাশ কৰে যে অযোধ্যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক কংগ্ৰেছে আদৰণি জনাইছে। এক সংবাদ বিজ্ঞপ্তি যোগে ভাৰতীয় কংগ্ৰেছে প্ৰকাশ কৰে যে আমি সকলো লোকৰ মাজত ধৰ্ম নিৰপেক্ষতা আৰু সদ্ভাৱ বৰ্তাই ৰাখিবৰ কাৰণে আহ্বান কৰিছো। আমাৰ সকলোৰে মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাটো আমাৰ সকলোৰে কৰ্তব্য ৷

ইফালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফেচবুকৰ জৰিয়তে সকলোৰে মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ কয়।উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক কেতিয়াও কোনো পক্ষৰ জয় পৰাজয় হিছাপে ল’ব নালাগে ৷ শনিবাৰে এনেদৰে ফেচবুকত প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে কয় যে ৰাম ভক্তিয়েই হওঁক বা ৰহিম ভক্তিয়েই হওঁক। আমি ৰাষ্ট্ৰ ভক্তিৰ ভাবনাকহে শক্তিশালী কৰিব লাগে।

লগতে শান্তি আৰু সম্প্ৰীতি ভাব শক্তিশালী হ’ব লাগে ৷ ফেচবুকত এনেদৰে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ অযোধ্যাক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত উল্লেখযোগ্য ৷কাৰণ যিকোনো বিবাদক আইনৰ যথাযথ ব্যৱহাৰে সমাধান কৰিব পাৰি ৷ ইয়াৰ দ্বাৰা আমাৰ ন্যায়পালিকাৰ স্বাধীনতা,পাৰদৰ্শিতাৰ বিষয়ে জানিব পাৰি ৷

লগতে স্পষ্ট হয় যে আইনৰ সন্মুখত সকলো সমান । উচ্চতম ন্যায়ালয়ৰ আজিৰ শুনানিত ১৩০ কোটি ভাৰতীয়ই শান্তি,সম্প্ৰীতি বৰ্তাই ৰাখিছে।গতিকে এনেদৰে অনাগত দিনত একতাৰ এই ভাৱনাই আমাৰ দেশক বিকাশৰ পথত আগুৱাই নিব ৷

অন্য খবৰৰ বাবে পঢ়ক:ঐতিহাসিক সময়:কৰতাৰপুৰ কৰিডৰ মুকলিৰ কাৰণে নৰেন্দ্ৰ মোডীয়ে ধন্যবাদ জ্ঞাপন কৰিলে ইমৰাণ খানক

ভিডিঅ প্ৰতক্ষ্য কৰক :Assam Pradesh Congress Committee (APCC) Welcomes Supreme Court Verdict in Ayodhya Dispute Case

Next Story
চাকৰি