ৰাম জনমভূমি হিন্দুৰ হাতলৈ, পৃথক গুৰুত্বপূৰ্ণ স্থানত মুছলমানৰ দিয়া হব ৫ একৰ ভূমি।

ৰাম জনমভূমি হিন্দুৰ হাতলৈ, পৃথক গুৰুত্বপূৰ্ণ স্থানত মুছলমানৰ দিয়া হব ৫ একৰ ভূমি।

আজি ৰাম জনমভূমি বিবাদিত স্থান হিন্দু সমাজৰ বুলি ঐতাহাসিক ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। ৰাম জনমভূমি সম্পৰ্কত উচ্চতম ন্যায়ালয়ে আজি ঐতিহাসিক ৰায় প্ৰদান কৰি কয় যে বৰ্তমানৰ মছজিদৰ তলত পৌৰাণিক মন্দিৰৰ সমল পোৱা গৈছে। পুৰাতত্ব বিভাগে ১৯৭৫ আৰু ২০০৩ বৰ্ষত চলোৱা খননত লাভ কৰা পালি ভাষাৰ লিপি আৰু ভগ্ন টেৰাকোটা সমলক গুৰুত্ব পূৰ্ণ প্ৰমাণ হিচাবে মানি আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই ঐতিহাসিক ৰায়দান কৰিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৰায় দান কৰি কয় যে- "আমাৰ সংবিধানে কেতিয়াও ধৰ্মক লৈ ভেদ ভাব নকৰে।" উচ্চতম ন্যায়ালয়ৰ আজিৰ ৰায়ত ১৮৫৬-৫৭ খনলৈকে হিন্দু সকলে ভিতৰ অংশত পূজা পাতল কৰাত কোনো বাধা নাছিল বুলি কোৱা হৈছে। ৰায়টোত গুৰুত্বপূৰ্ণ ভাবে কোৱা হৈছে - আৰ্কিঅ'লজিকেল ছাৰ্ভে অব ইণ্ডিয়াৰ তথ্যত মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰাৰ কোনো তথ্য নাই।

চুন্নি ৱাফ বোৰ্ডে শান্তিপূৰ্ণ ভাবে মছজিদ কব্জা কৰাৰ দাবীকো ন্যায়ালয়ে আজি খাৰিজ কৰে। আনহাতে মুছলিমক বাবে মছজিদ নিৰ্মাণৰ বাবে পাঁচ একৰ ভূমি দিয়া হব বুলি ন্যায়ালয়ে ৰায় জৰিয়তে মুছলিম পক্ষক অৱগত কৰিছে। এই ভূমি সম্পৰ্কত তিনিমাহৰ ভিতৰত চৰকাৰে এখন সমিতি গঠন কৰি সিদ্ধান্ত লব।আজি এই ঐতিহাসিক ৰায় যোগেদি উচ্চতম ন্যায়ালয়ে দেশৰ সৰ্বাধিক পুৰণি বিবাদিত গোচৰটো নিষ্পত্তি কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক :CM Sonowal inaugurates National Livestock and Poultry Show 2019

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com