Begin typing your search above and press return to search.

জনপ্ৰিয় অনুষ্ঠানট দ্যা কপিল শৰ্মাত শ্ব'ত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আয়ুস্মান খুৰানা

জনপ্ৰিয় অনুষ্ঠানট দ্যা কপিল শৰ্মাত  শ্বত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আয়ুস্মান খুৰানা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Oct 2019 12:13 PM GMT

জনপ্ৰিয় অনুষ্ঠানট দ্যা কপিল শৰ্মাত শ্ব'ত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আয়ুস্মান খুৰানা।কমেডি কিং কপিল শৰ্মাৰ জনপ্ৰিয় শ্ব' দ্যা কপিল শৰ্মাৰ শ্ব'কেৱল টিভিতে নহয় সমগ্ৰ চোছিয়েল মিডিয়াতে বহুলভাৱে প্ৰচাৰ হৈছে ।

এই দ্যা কপিল শৰ্মাৰ শ্ব'ত উপস্থিত থাকিব ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আয়ুস্মান খুৰানা, ভূমি পেডনেকৰ আৰু য়ামী গৌতম ।‌তেওলোকে আগন্তুক ছবি " ৱালা" ৰ প্ৰচাৰৰ বাবে এই অনুষ্ঠানটোত উপস্থিত হ'ব ।‌ কিন্তু এই শ্ব'টোত কপিল শৰ্মাৰ সহযোগী শিল্পী কিকু শাৰদাই আয়ুস্মান খুৰানাক দ্বিতীয় জন অক্ষয় কুমাৰ বুলি কয় ।

দৰাচলতে আয়ুস্মানক শ্ব'ত দেখি কিকু শাৰদাই কয় যে ঘৰত আকৌ অক্ষয় কুমাৰ আহিছে । তেতিয়া কপিলে কয় যে তেওঁ অক্ষয় কুমাৰ নহয় আয়ুস্মান হয় ।‌তাৰ পিছতেই কিকুই কয় যে প্ৰথমতে অক্ষয় কুমাৰেহে এখনৰ পিছত আন এখন ছবিৰ প্ৰচাৰৰ বাবে শ্ব'লৈ আহিছিল কিন্তু এতিয়া আয়ুস্মান খুৰানাও অহা হ'ল ।

আয়ুস্মান খুৰানাই কুকি শাৰদাৰ লগত নৃত্যও কৰে ।তাৰোপৰি আগন্তুক ছবি "ৱালা"ৰ নিৰ্দেশনা কৰিছে অমৰ কৌশিকে । এই ছবি খনত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আয়ুস্মান খুৰানাক তপা হিচাপে দেখা যাব লগতে তেওঁ শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিব । আনহাতে এই ছবিখনত ভূমি পেডনেকৰ আৰু য়ামী গৌতমে ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিব । তপা হোৱা বাবে অৰ্থাৎ মুৰত চুলি নথকা বাবে তেওঁ নিজৰ জীৱনত বহু কঠিনতাৰ সন্মুখীন হ'ব লগীয়া হয় ।

ইতিমধ্যে ছবি খনৰ ট্ৰিজৰ আৰু পোষ্টাৰ মুকলি হৈছে । লগতে ছবি খনৰ ট্ৰিজৰে দৰ্শকৰ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে । তাৰোপৰি "ৱালা" নামৰ ছবি খন অহা ১৭ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰিব ।

উল্লেখযোগ্য যে এই ছবিখন মুক্তিৰ পূৰ্বে বিতৰ্কৰ মাজতো সুমাইছিল । এই ছবি খনৰ বিষয় বস্তু আনৰ পৰা সংগ্ৰহ কৰাৰ আৰোপ আছে ।

অধিক খবৰৰ বাবে পঢ়ক: এজন‌ ভাৰতীয়ৰ বিনামূলীয়া পদাৰ্থ আৰু ৰাসায়ন বিজ্ঞানৰ শিক্ষা প্ৰদান ইউটিউবত

ভিডিঅ প্ৰতক্ষ্য কৰক: BTAD Army Football League 2019-2020

Next Story
চাকৰি