Begin typing your search above and press return to search.

ক’ৰ’নাৰ বিভীষিকা অব্যাহতঃ অভিনেতা আয়ুস্মান খুৰানাৰ কবিতাই মন জয় কৰিলে জনতাৰ

ক’ৰ’নাৰ বিভীষিকা অব্যাহতঃ অভিনেতা আয়ুস্মান খুৰানাৰ কবিতাই মন জয় কৰিলে জনতাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 April 2020 12:33 PM GMT

ক’ৰ’নাৰ বিভীষিকা অব্যাহতঃ অভিনেতা আয়ুস্মান খুৰানাৰ কবিতাই মন জয় কৰিলে জনতাৰ । ক’ৰ’না ভাইৰাছে গ্ৰাস কৰিছে সমগ্ৰ বিশ্বক। ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ১৪ এপ্ৰিললৈ লকডাউনৰ ঘোষণা কৰে। এই সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰীৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ মাজত হোৱা বৈঠকৰ পিছত এই লকডাউন ৩০ এপ্ৰিললৈ বৃদ্ধি হোৱাৰ সম্ভাৱণনাই দেখা দিছে ।

এই লকডাউনৰ সময়ত বলিউডৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ভিডিঅ, চুটি ছবি আদি প্ৰচাৰ কৰা দেখা যায় । অভিনেতা আয়ুস্মান খুৰানায়ো তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে প্ৰচাৰ কৰিছে এটি কবিতা । বৰ্তমান পৰিস্থিতি আধাৰ কৰি অভিনেতা গৰাকীয়ে লিখিছে কবিতাটো । এই কবিতাৰ জৰিয়তে অনুভৱ কৰিব পাৰি যে মানৱ জাতিটো এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈছে। আয়ুস্মান খুৰানা ভাল অভিনেতাৰ লগতে এজন সুদক্ষ গায়কো। তদুপৰি তেওঁ টুইটাৰ একাউণ্টৰ জৰিয়তে বিভিন্ন ছায়েৰী অথবা কবিতা শ্বেয়াৰ কৰাও দেখা যায়।

https://www.instagram.com/tv/B-zLin8jXff/?utm_source=ig_embed

তেওঁ কোৰোনা ভাইৰাছক লৈ লিখা কবিতা গায় ইনষ্টটাগ্ৰামত ভিডিঅ শ্বেয়াৰ কৰিছে যিয়ে আপোনাকো ভাবুক কৰি তুলিব ।

এই ভিডিঅ'টি চাই সকলোৱে প্ৰশংসাৰে উপচায় পেলাইছে অভিনেতাগৰাকীক।

আয়ুস্মানৰ এই কবিতাটোৰ নাম হ'ল "হমকো তো চিৰ্ফ ঘৰ পৰ ৰহনা হে" ।

বিভিন্ন অনুৰাগীৰ লগতে অভিনেতা হৃত্বিক ৰোছন আৰু অভিনেত্ৰী কৃৰ্তি ছননেও এই ভিডিঅটিৰ প্ৰশংসা কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: ল’ক ডাউন অবিহনে ভাৰতত আঠ লক্ষাধিক হ’লহেতেঁন ক’ৱিড আক্ৰান্তঃ বৈদেশিক মন্ত্ৰালয়

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story