বাহুৱলী নামে খ্যাত প্ৰভাসৰ জন্মদিন , প্ৰভাসৰ কিছুমান নজনা কথা

বাহুৱলী নামে খ্যাত প্ৰভাসৰ জন্মদিন , প্ৰভাসৰ কিছুমান নজনা কথা ।প্ৰভাসৰ আজি ৪০ তম জন্ম বাৰ্ষিকী । এটা প্ৰশ্নয়ে বাৰে বাৰে প্ৰভাসক‌ পোৱা হয় যে তেওঁ কেতিয়া বিয়া পাতিব ? তাৰোপৰি প্ৰভাসে কোনো ধৰনৰ ৰাজহুৱা স্থানত আহিলেই এই প্ৰশ্নৰ সন্মুখীন হয় , আৰু তাৰ উত্তৰত বাহুৱলী খ্যাত প্ৰভাসে কয় যে তেওঁ নিজৰ পৰিয়ালৰ পচন্দ অনুযায়ী বিবাহ পাশত আবদ্ধ হব ।

কিন্তু প্ৰভাস আৰু অনুষ্কা চেট্টীয়ে বাহুৱলীত অভিনয় কৰাৰ পিছত হ্ৰাৰ্টথ্ৰৱ দুজনৰ বিষয়ে বিভিন্ন ধৰণৰ উৰা বাতৰিৰ প্ৰচাৰ হৈছিল । তাৰ আগতে প্ৰভাস আৰু অনুষ্কাই দুখন বোলছবি মিৰ্চি(২০১৩) আৰু বিলা ( ২০১১) একেলগে কাম কৰিছিল । কিন্তু বাহুৱলীৰ পিছত অনুৰাগী সকলে প্ৰভাস আৰু অনুষ্কাক বাস্তৱত প্ৰেমী হিচাপে চাব বিছাৰিছিল ।

কোনোৱে নাজানে যে প্ৰভাসে কেতিয়া বিবাহ পাশত আবদ্ধ হব আৰু কাৰ লগত । প্ৰভাসে বাবাহৰ বাবে অনুষ্কাকে বাচনি কৰিব নে নাই সেয়া কোনোয়ে নাজানে ।

কিন্তু প্ৰভাসৰ কিছুমান আকৰ্ষণীয় কথা আছে যি বিলাকৰ বিষয়ে আমি জানো ।

প্ৰভাসৰ সম্পূৰ্ণ নাম হ'ল সত্যনাৰায়ন প্ৰভাস ৰাজু উপ্পালাপাটি । প্ৰভাসে জন্ম গ্ৰহণ কৰিছিল চেন্নাইত ।‌মাতৃ ছিৱা কুমাৰী আৰু পিতৃ ইউ সূৰ্যনাৰায়ন ৰাজু ।

জি কিউ মেগাজিনৰ আধাৰত ২০১৭ ৰ যুৱ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত প্ৰভাসে ষষ্ঠ স্থান অধিকাৰ কৰিছে । তাৰোপৰি বাহুৱলী বোলছবিৰ ফলত তেওঁক সমগ্ৰ দেশৰ চুকে কোনে প্ৰভাসৰ নাম বিয়পি পৰিছে ।

প্ৰভাসে আজি এই পৰ্যায় পোৱাৰ মূল কাৰন হ'ল দুটা অংশৰ বাহুৱলী বোলছবি খন । বাহুৱলীৰ নিৰ্দেশনা কৰিছিল এচ এচ ৰাজামৌলীয়ে, যিয়ে প্ৰভাসৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিছিল । প্ৰভাস প্ৰথম জন ভাৰতীয় যাৰ ছবি বাহুৱলীয়ে ১০ দিনৰ ভিতৰত ১০০০ কোটি টকা উপাৰ্জন হৈছিল ।

প্ৰভাসৰ কেইখনমান জনপ্ৰিয় তেলেগু ছবি হ'ল ভকত কানাপ্পা , ষ্টাৰ্লিং হিজ আংকল ক্ৰিসনম ৰাজু । তাৰোপৰি প্ৰভাসে ৰাজকুমাৰ হিৰানীৰ ছবি চাই ভাল পায় । সূত্ৰ অনুসৰি প্ৰভাসে মুন্নাভাই এম বি বি এছ আৰু থ্ৰি ইডিয়ত ছবি খন কমেও ২০ বাৰলৈ চোৱা বুলি জানিব দিয়ে ।

লগতে প্ৰভাসৰ প্ৰিয় খাদ্য হ'ল বিৰিয়ানী ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Nagaon Mobile Phone Blast, One injured

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com