Begin typing your search above and press return to search.

এই সপ্তাহত দ্যা কপিল শৰ্মা শ্ব'ত উপস্থিত থাকিব হাইচফুল ৪ ৰ অভিনেতাবৃন্দ

এই সপ্তাহত দ্যা কপিল শৰ্মা শ্বত উপস্থিত থাকিব হাইচফুল ৪ ৰ অভিনেতাবৃন্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Oct 2019 1:36 PM GMT

এই সপ্তাহত দ্যা কপিল শৰ্মা শ্ব'ত উপস্থিত থাকিব হাইচফুল ৪ ৰ অভিনেতাবৃন্দ । সৰু পৰ্দাৰ এক জনপ্ৰিয় অনুষ্ঠান দ্যা কপিল শৰ্মা শ্ব' । এই শ্ব'টোত বিভিন্ন চৰিত্ৰই তেওঁলোকৰ অভিনয় প্ৰদৰ্শন কৰে । সমগ্ৰ ভাৰতবৰ্ষতে দ্যা কপিল শৰ্মা‌ শ্ব'ই জনপ্ৰিয়তা বুটলি আছে ।‌

এই জনপ্ৰিয় অনুষ্ঠানটোত এইবাৰ উপস্থিত থাকিব হাউচফুল ৪ ৰ অভিনেতাবৃন্দ । এই সপ্তাহত দ্যা কপিল শৰ্মা শ্ব'ত হাউচফুল ৪ ৰ অভিনেতা বৃন্দ অক্ষয় কুমাৰ , ৰিতেশ দেশমুখ , ববী দেউল , কৃতি খৰবন্দা , কৃতি চনন আৰু পূজা হেগডে ছবি খনৰ প্ৰমোচনৰ বাবে উপস্থিত থাকিব ।

আহিব লগীয়া খণ্ডটিত দেখা যাব যে হাইচফুল ৪ ৰ দলটোক কপিল শৰ্মা‌ শ্ব' ৰ সদস্য সকলে এক চেলেঞ্জ দিব । কপিল শৰ্মা‌ শ্ব'ৰ এই ভিডিঅ'টি ছোচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈছে। এই ভিডিঅ'টো ছোনি টিভিৰ ইন্চটাগ্ৰাম একাউণ্টত দিছে । ভিডিঅ'টোত দেখা যায় যে সপনা , চন্দু , বচ্চা ভায়া , আৰু ভুৰি সোতানে নৃত্য কৰে আৰু হাউচফুল ৪ ৰ অভিনেতা সকলক চেলেঞ্জ দিয়ে ।‌ কিন্তু এই চেলেঞ্জ হাউচফুল ৪ ৰ অভিনেতা সকলে সম্পূৰ্ণ কৰিব পাৰিবনে নাই সেয়া আহি থকা খণ্ডটিত দেখা যাব ।

তাৰোপৰি অক্ষয় কুমাৰ , ৰিতেশ দেশমুখ , ববী দেৱলৰ হাউচফুল ৪ ছবি খন দিপাৱলীৰ সময়ত মুক্তি পাব । এই ছবি খন কমেডি আৰু নটকীয় ঘটনাৰ ওপৰত আধাৰিত । লগতে কিছু দিন আগেয়েই ছবি খনৰ গান "ভুত ৰাজা" মুক্তি পাইছে । এই গানটোত নৱাজুদ্দিন ছিদ্দিকিৰ অভিনয় সকলোৱে পচন্দ কৰিছে ।

জানিব পৰা মতে ২৬ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰিব লগীয়া এই ছবি খনৰ বাবদ ব্যয় হৈছে কমেও ৭৫ কোটি টকা ।‌

দ্যা কপিল শৰ্মা‌ শ্ব' টি আৰ পি ক্ষেত্ৰত প্ৰায় আগত আছে । এই শ্ব'ত সকলোবোৰ চৰিত্ৰই নিজৰ ব্যতিক্ৰমী অভিনয়েৰে দৰ্শৰ্কক হহুৱাবলৈ চেষ্টা কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: কছোটি জিন্দেগী কী জনপ্ৰিয় ধাৰাবাহিক খনৰ পৰা বিদায় ললে মিষ্টাৰ বাজাজে

ভিডিঅ প্ৰতক্ষ্য কৰক : Akhil Gogoi to Protest over Subansiri Dam Construction

Next Story
চাকৰি