Begin typing your search above and press return to search.

মেঘালয়ৰ গাঁওত প্ৰবেশ বাংলাদেশী সীমান্তৰক্ষী বাহিনী : শংকিত গাঁওবাসী

মেঘালয়ৰ গাঁওত প্ৰবেশ বাংলাদেশী সীমান্তৰক্ষী বাহিনী : শংকিত গাঁওবাসী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2019 8:14 AM GMT

বাংলাদেশৰ সীমান্ত বাহিনীয়ে মেঘালয়ৰ গাঁওত প্ৰবেশ কৰিছে। মেঘালয়ৰ মুক্তাপুৰ গাঁওত প্ৰবেশ কৰি , ভাৰতীয় গাওবাসীক অন্তপথ নিৰ্মাণ বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰে বুলি প্ৰকাশ কৰে গাঁও বাসীয়ে । শনিবাৰে বাংলাদেশী সীমান্ত বাহিনী (Border Guards Bangladesh) ৰ শীৰ্ষ বিষয়া প্ৰবেশ কৰাক কেন্দ্ৰ কৰি মুক্তাপুৰ গাঁওৰ লোক সকলৰ মাজত সন্ত্ৰাস সৃষ্টি হয়।

সীমান্ত সুৰক্ষা বাহিনীৰ আই জি কুলদ্বিপ চাইনিয়ে প্ৰকাশ কৰিছে যে, তেওঁলোকে ইয়াৰ সম্পৰ্কত তথ্য দাখিল কৰিব । লগতে তেওঁ প্ৰকাশ কৰে যে, বৰ্তমান সীমান্তৰ পৰিষ্ঠিতি নিয়ন্ত্ৰণত আছে।

গাঁওবাসীয়ে প্ৰকাশ কৰা মতে , " যেতিয়া বাংলাদেশী সীমান্ত বাহিনী আমাৰ গাঁওত প্ৰবেশ কৰিছিল তেতিয়া বিএচ এফে নিৰব ভূমিকা গ্ৰহণ কৰাত আমি আচৰিত হৈছিলো। বাংলাদেশী বাহিনীয়ে প্ৰবেশ কৰি পথৰ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ কয় গাঁওবাসীক । বি এচ এফে কেনেকৈ বহি দেশৰ বাহিনীক ভাৰতৰ ভূমিত সোমাবলৈ দিব পাৰে? " বুলি প্ৰকাশ কৰে।

কমেন মাইনচিয়াং নামৰ আন এজন গাঁওবাসীয়ে প্ৰকাশ কৰে যে, " আমি বুজি নাই পোৱা যে, কেনেকৈ বাংলাদেশ সীমান্ত বাহিনীয়ে আমাৰ গাঁওত প্ৰবেশ কৰি ভাবুকি দিবলৈ সক্ষম হল "?

বাংলাদেশৰ সীমান্ত বাহিনীয়ে জিৰ' লাইন পাৰ হৈ মুক্তাপুৰ গাঁওত প্ৰবেশ কৰাটো নিশ্চিত কৰিছে । বাংলাদেশী সীমান্ত বাহিনীয়ে সীমান্তৰ পথ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰে ।

এই ঘটনাৰ পাছতে এতিয়া শংকিত হৈ পৰিছে গাঁওবাসী । নিশা পুনৰ সীমান্ত পাৰ হৈ গাঁওত প্ৰবেশ কৰি সমস্যাৰ সৃষ্টি কৰিব বুলি গাঁওবাসী শংকিত হৈ পৰিছে ।

লগতে গাঁওবাসীয়ে প্ৰকাশ কৰিছে যে, " বাংলাদেশ সীমান্ত বাহিনীয়ে সীমান্ত পাৰহৈ ভাবুকি দিয়াৰ পাছতে গাঁওবাসীয়ে ভয়ত দিন অতিবাহিত কৰিছে । বাংলাদেশী সীমান্ত বাহিনী প্ৰবেশ কৰাৰ পাছত বি এচ এফে নিৰব ভূমিকা গ্ৰহণ কৰাত অধিক সংকিত হৈ পৰিছে গাঁওবাসী । গাঁওবাসীয়ে এতিয়াও পাহৰা নাই কেনেকৈ বাংলাদেশ ৰাইফলচে প্ৰবেশ কৰি পায়ৰদিৱাহ অধিকাৰ কৰিছিল । আমি পুনৰ তেনে পৰিস্থিতি চাবলৈ ইচ্ছা কৰা নাই বুলি প্ৰকাশ কৰে ।

পায়ৰদিৱাহ গাঁওৰ পৰা মুক্তাপুৰ প্ৰায় ২০ কিলোমিটাৰ আতৰত । ২০০১ চনত কেইদিনমানৰ কাৰণে বাংলাদেশ সীমান্ত বাহিনীয়ে অধিকাৰ কৰি লৈছিল । আৰু বাংলাদেশৰ এটা অংশ বুলি প্ৰকাশ কৰিছিল ।

বাংলাদেশ সীমান্তৰ প্ৰায় ৪৪৩ কিলোমিটাৰ মেঘালয়ৰ সীমান্তক চুই গৈছে । এই সীমান্ত অঞ্চল পাহাৰীয়া , ফেঞ্চিং বিহিন । এই অঞ্চলে অনুপ্ৰবেশ কৰে বাংলাদেশীয়ে ।

অন্য খবৰৰ বাবে পঢ়ক : পত্নী বাংলাদেশী, সেয়েহে ডিটেনচন কেম্পলৈ পঠিয়াই দিয়ক: স্বামী

Next Story
চাকৰি