Begin typing your search above and press return to search.

নৱজাতকক ফ’টো লোৱাৰ সময়ত সাৱধান হওঁক আপুনি: সংঘটিত হ’ব পাৰে দুৰ্ঘটনা

নৱজাতকক ফ’টো লোৱাৰ সময়ত সাৱধান হওঁক আপুনি: সংঘটিত হ’ব পাৰে দুৰ্ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 July 2019 10:22 AM GMT

নৱজাতকক ফ’টো লোৱাৰ পৰা বিৰত থাকক আপুনি ৷ আপোনাৰ এটা সিদ্ধান্তই কঢ়িয়াই আনিব পাৰে বিপদ। হয়, সকলো শিশুৱেই ভগৱান প্ৰদত্ত।এখন ঘৰলৈ যেতিয়া এটি শিশুৰ আগমণ হয়, তেতিয়া বিভিন্ন কল কলনিৰ মুখৰিত হয় ঘৰৰ চৌপাশ ৷ শিশুৰ মৰম লগা মুখৰ এটি মিঠা হাঁহিয়ে আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনত অলপ সময়ৰ কাৰণে হলেও শান্তি আনিব পাৰে ৷

এটি শিশুৰ কাৰণে অভিভাৱকসকলে সদায় সুখী অনুভৱ কৰাৰ লগতে গৌৰৱ অনুভৱ কৰে ৷ কেৱল অভিভাৱকসকলেই নহয়, এটি পৰিয়ালৰ বন্ধু বান্ধবী সকলোৱে এটি শিশুক লৈ গৌৰৱ অনুভৱ কৰে ৷আৰু সদায় শিশুটিৰ কাষতে থাকিবলৈ বিচাৰে ৷ গতিকে নৱজাতক অথবা যিকোনো এটি শিশুক আপোনাৰ লগতে থকা যেন অনুভৱ কৰোৱাই আপোনাৰ মোবাইল ফোনটোৱে ।কাৰণ মোবাইলত আপুনি আপোনাৰ শিশুটিৰ ফ’টো তুলি, যিকোনো সময়তে শিশুটি আপোনাৰ লগত থকা যেন অনুভৱ কৰিব পাৰে ৷ কিন্তু আপুনি আপোনাৰ শিশুটিৰ ফ’টো ক্লিক কৰোঁতে সাৱধান হ’ব ৷

এটি শিশুৰ ফ’টো ক্লিক কৰাটো ডাঙৰ কথা নহয় । কিন্তু যদি আপুনি আপোনাৰ ফোনৰ ফ্লাচ লাইট জ্বলাই কেমেৰা অন কৰি ফটো ক্লিক কৰে ৷ তেন্তে হ’ব পাৰে বিপদ ৷ চিৰদিনৰ কাৰণে আপোনাৰ শিশুটিয়ে দুচকু হেৰুৱাব পাৰে। কাৰণ চাইনা সংঘটিত হৈছে এনে ধৰণৰ এক হৃদয়বিদাৰক ঘটনা ৷তিনিমহীয়া এটি শিশুৰ পৰিয়ালৰ এজন লোকে ফ্লাচ অফ নকৰাকৈ ফটো ক্লিক কৰে। শিশুটিৰ পৰা ১০ ইঞ্চি দূৰৰ পৰা লোৱা ফটো গ্ৰাফৰ পিছতে পৰিয়ালৰ লোকক কিবা দুৰ্ঘটনা হোৱাৰ উমান পাই ৷

দুৰ্ভাগ্যপূৰ্ণ কথা এয়ে যে এই ঘটনাৰ পিছত শিশুটিয়ে বাওঁ ফালৰ চকুটোৰ দৃষ্টি হ্ৰাস পোৱাৰ লগতে সোঁ ফালৰ চকুটোৱে একেবাৰে নেদেখা হয়। লগতে যিকোনো চাৰ্জাৰী কৰিলেও কোনো সুফল নাপাব বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ ইফালে মোবাইলৰ ফ্লাচৰ কাৰণে শিশুটিৰ চকুৰ মেক্যুলাৰ কোষসমূহ নষ্ট হৈ যায় ।

ইয়াৰ ফলত শিশুটিয়ে ভৱিষ্যতে দৃষ্টি শক্তিত বহু পৰিমাণে অসুবিধাৰ সন্মুখীন হ’ব ৷অন্যহাতে যেতিয়ালৈকে শিশুটিৰ চাৰি বছৰ সম্পূৰ্ণ নহয়,তেতিয়ালৈকে মেক্যুলাৰ কোষসমূহ বিকশিত নহয় ৷লগতে অত্যাধিক ৰশ্মি সহ্য কৰিব নোৱাৰিব শিশুটিয়ে ৷ আনহাতে এই সন্দৰ্ভত বিশেষজ্ঞসকলে কয় যে শিশুসকলক বেছি পোহৰ থকা কোঠা,অথবা শিশুক গা ধুৱাতে বাথৰুম লাইটসমূহৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিব লাগে ৷যাতে বেছি পোহৰ শিশুৰ চকুত নপৰে ৷ আৰু এনে ধৰণৰ বিপদৰ সন্মুখীন নহয় ৷

সম্প্ৰতি ছচিয়েল মিডিয়াৰ যুগ ৷ সাম্প্ৰতিক সময়ত এটি শিশু জন্ম হোৱাৰ লগে লগে ফেচবুক,হুৱাট্চ আপ আদিত ষ্টেটাচ দিবৰ কাৰণে ফ’টো উঠাই পৰিয়ালৰ লোকে৷ গতিকে এটি অবোধ শিশুৰ ফটো উঠাওতে হাজাৰবাৰ ভাবক ৷ যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহঁওক ৷

অন্য খবৰৰ বাবে পঢ়ক: ৬ বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন: চকীদাৰক উলংগ কৰি মাৰ পিট

Next Story
চাকৰি