৬ বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন: চকীদাৰক উলংগ কৰি মাৰ পিট

৬ বছৰীয়া কন্যা  শিশুক যৌন  নিৰ্যাতন: চকীদাৰক উলংগ কৰি মাৰ পিট

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত বিৰাৰ অঞ্চলত এজন চকীদাৰক উলংগ কৰি মাৰ পিট কৰাৰ ঘটনা সংঘটিত হৈছে । ৬ বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন চলোৱাৰ বাবে চকীদাৰ জনক ৰাজপথৰ খুটাত বান্ধি উলংগ কৰি মাৰ পিট কৰে স্থানীয় ৰাইজে ।

এই ঘটনা সংঘটিত হয় দেওবাৰে নিশা । ২২ বছৰীয়া অভিযুক্তক বহুতো মহিলায়ে আক্ৰমণ কৰে । বৰ্তমান চকীদাৰ জনক হস্পিতালত ভৰ্তি কৰোৱা হৈছে । অভিযুক্ত গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ।

ভূক্তভুগি শিশু কন্যাৰ মাতৃয়ে প্ৰকাশ কৰে যে, শনিবাৰে ৬ বছৰীয়া শিশু কন্যা জনী টিউচনৰ পৰা উভতি অহাৰ পিছত যৌন নিৰ্যাতন চলাইছিল। মাতৃয়ে দেওবাৰে আৰক্ষীক অবগত কৰে এই ঘটনাৰ বিষয়ে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com