এটা ভুলৰ বাবে ১২ বছৰলৈ বোবা জীৱন যাপন কৰিলে এগৰাকী মহিলাই

এটা ভুলৰ বাবে ১২ বছৰলৈ বোবা জীৱন যাপন কৰিলে এগৰাকী মহিলাই

এটা ভুলৰ বাবে ১২ বছৰলৈ বোবা জীৱন যাপন কৰিলে এগৰাকী মহিলাই ।এনেকুৱা এটা ঘটনা পোহৰলৈ আহিছে যিয়ে সকলোকে আচৰিত কৰি তুলিব । যদি কোনোবা এজন ব্যক্তিৰ মুখৰ মাত হঠাৎ বন্ধ হৈ গ'লে ব্যক্তি জনৰ বাবে কিমান খিনি অসুবিধা জনক পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া সচাকৈয়ে ভয়ানক ।‌এই একেই ধৰনৰ এক‌ ভয়ানক ঘটনা সংঘটিত হয় মেৰী মেকাৰ্ডী নামৰ মহিলা গৰাকীৰ লগত । মহিলা গৰাকীয়ে এক বেমাৰত আক্ৰান্ত হোৱাৰ পিছত মুখৰ মাত হেৰাই পেলাই আৰু ১২ বছৰলৈ বোবা জীৱন যাপন কৰে । এদিন মেৰিয়ে হঠাৎ গম পায় যে তেওঁৰ ডিঙিত ৩ টকাৰ খুচুৰা পইচা এটা ফচি আছে ।‌তেতিয়া মিৰিৰ বয়স আছিল ১২ বছৰ । এই ঘটনা সংঘটিত হৈছিল ১৯৭০ চনত ।

মেৰিয়ে ব্ৰিটেইনত জন্ম লাভ কৰিছিল যদিও পিতৃ মাতৃৰ সৈতে অষ্ট্ৰেলিয়াত বাস কৰিছিল । তথ্য অনুসৰি জানিব পৰা মতে মেৰীয়ে অষ্ট্ৰেলিয়াত অহাৰ কেইদিন মান পিছত মেৰী জ্বৰত আক্ৰান্ত হৈছিল । লগতে কাহ চৰ্দিও হৈছিল । ডাক্তৰৰ পৰা গম পোৱা গৈছিল যে মেৰী বংক্ৰাইটিজ ৰোগত আক্ৰান্ত হৈছিল।‌কিছু সপ্তাহ পিছত মেৰীয়ে লাহে লাহে সুস্থ হৈ উঠিছিল ।

কিন্তু আচৰিত কথা এয়ে যে বেমাৰৰ ৬ সপ্তাহ পিছতো মেৰীয়ে মুখেৰে মাতিব পৰা নাছিল । ধীৰে ধীৰে মেৰীয়ে অনুভৱ কৰিছিল যে তেওঁ হয়তো কেতিয়াও আৰু মুখেৰে মাতিব নোৱাৰে । যাৰ ফলত মেৰীয়ে লাহে লাহে অৱসাদ গ্ৰস্ততাত ভুগিব লৈছিল । উল্লেখযোগ্য যে মেৰীয়ে ১৪ বছৰ বয়সত আত্মহত্যাৰ চেষ্টাও কৰিছিল । তাৰপিছতেই মেৰীক মানসিক চিকিৎসালয়ত প্ৰেৰণ কৰা হয় ।

এনেকৈয়ে বহু দিন পিছত মেৰী হঠাৎ আকৌ এদিন বেমাৰত আক্ৰান্ত হয় । তেতিয়া মেৰীৰ বয়স ২৫ । মেৰীৰ কাহ হৈছিল লগতে মুখ্য পৰা তেজ ওলোৱা আৰম্ভ হৈছিল । তেতিয়াই মেৰীয়ে গম পাইছিল যে মেৰীৰ ডিঙিত কিবা সোমাই আছে । তেতিয়াই মেৰীয়ে ডাক্তৰৰ পৰামৰ্শ লয় আৰু ডাক্তৰে কয় যে মেৰীৰ ডিঙিত কিবা টুকুৰা সোমাই আছে । কিন্তু যেতিয়া টুকুৰাটো ডিঙিৰ পৰা উলিয়াই অনা হয় গম পাই যে সেয়া বেলেগ নহয় , তিনি টকাৰ খুচুৰা পইচা এটা । এই ঘটনাটোৱে সকলোকে আচৰিত কৰি তোলে আৰু খুচুৰা পইচাটো ডিঙিৰ পৰা ওলোৱা পিছতেই মেৰীৰ মুখৰ মাত আকৌ ঘূৰি আহে ।মেৰীয়ে জনোৱা অনুসৰি তেওঁ কেতিয়াও গম পোৱা নাছিল যে কেতিয়া তেওঁৰ ডিঙিত খুচুৰা পইচা সোমাইছিল ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Titabor Women staged massive protest against Micro Finance Companies

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com