জম্মু কাশ্মীৰ আৰু লাডাখত এটি নতুন যুগৰ সূচনা হ’লঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

জম্মু কাশ্মীৰ আৰু লাডাখত এটি নতুন যুগৰ সূচনা হ’লঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে দেশবাসীক সম্বোধন কৰি কয় যে জম্মু আৰু কাশ্মীৰত এটি নতুন যুগৰ সূচনা হ’ল ৷ সম্প্ৰতি সমগ্ৰ দেশবাসীৰ অধিকাৰ সমান ৷ ১৭ সংখ্যক লোকসভা গঠনৰ পিছত দেশবাসীক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে জম্মু কাশ্মীৰত সম্প্ৰতি নতুন যুগৰ আৰম্ভনি হৈছে ৷ এতিয়া দেশৰ সকলো লোকেই সমান অধিকাৰ লাভ কৰিব ৷ প্ৰায় ৪০ মিনিটৰ ভাষণত মোডীয়ে জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ লোকসকলক অনুচ্চেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰে ৷

যিয়ে সম্প্ৰতি জম্মু আৰু কাশ্মীৰ আৰু লাডাখক দুখন কেন্দ্ৰীয় শাসিত ৰাজ্যলৈ ৰূপান্তৰিত কৰিলে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত আশ্বাস প্ৰদান কৰি কয় যে জম্মু কাশ্মীৰত নতুন চৰকাৰৰ নিৰ্বাচন সুপৰিকল্পিত ভাৱে কৰা হ’ব ৷লগতে প্ৰধানমন্ত্ৰী মোডীৰ আশা যে জম্মু কাশ্মীৰত স্থানীয় কোনো যুৱ নেতা নিৰ্বাচনত অংশগ্ৰহণ কৰক ৷ মোডীয়ে কয় যে মোৰ বিশ্বাস যে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছত পঞ্চায়ত সদস্যসকলে নতুন প্ৰণালীৰে কাম কৰিবলৈ সুবিধা লাভ কৰিব ৷ আৰু জম্মু কাশ্মীৰৰ লোক সকলে নতুন আশা,নতুন উদ্যমেৰে বিকাশৰ পথত আগ বাঢ়ি যাব বুলিও মন্তব্য কৰে মোডীয়ে ৷

ইফালে চৰদাৰ বল্লভ ভাই পেটেল,বি আৰ আম্বেদকাৰ,শ্যামা প্ৰসাদ মুখাৰ্জী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অনুচ্চেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ সপোন বাস্তৱত ৰূপায়িত হ’ল ৷এটা পৰিয়ালৰ দৰেই জম্মু আৰু কাশ্মীৰৰ প্ৰসংগত এক ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ অনুচ্ছেদ ৩৭০ ৰ কাৰণে জম্মু কাশ্মীৰৰ লোকসকলৰ বিকাশ স্থবিৰ হৈ পৰিছিল,জনসাধাৰণ বিভিন্ন সা সুবিধা আৰু অধিকাৰৰ পৰা বঞ্চিত হৈছিল কিন্তু সম্প্ৰতি সেই সকলো বাধাৰ সমাপ্তি ঘটিছে জম্মু কাশ্মীৰত ৷

চৰদাৰ বল্লভ ভাই পেটেল,শ্যামা প্ৰসাদ মুখাৰ্জী আৰু অটল বিহাৰী বাজপেয়ীৰ আৰু কোটি কোটি জনসাধাৰণৰ সপোন সম্প্ৰতি বাস্তৱত পৰিণত হৈছে ৷ আনহাতে জম্মু কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলত সকলো চৰকাৰী পদত নিযুক্তি অনতি পলমে কৰা হ’ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ লগতে মোডীয়ে কয় যে অনুচ্ছেদ ৩৭০ ৰ জৰিয়তে পাকিস্তানে কাশ্মীৰত সন্ত্ৰাসবাদক উদগনি দিবলৈ ব্যৱহাৰ কৰিছিল ৷প্ৰায় ৪২০০০ জন লোক বিগত তিনি দশকত মৃত্যু হৈছে ৷

ইয়াৰ পূৰ্বতে কাশ্মীৰৰ জনসাধাৰণৰ কাৰণে সংসদত তৈয়াৰ কৰাৰ আইনে কোনো সহায় কৰা নাছিল যদিও সম্প্ৰতি সংসদত তৈয়াৰ কৰা আইনে জম্মু কাশ্মীৰ আৰু লাডাখৰ লোক সকলক সকাহ প্ৰদান কৰিব ৷ ১৯৪৭ চনৰ পিছত ভাৰতলৈ অহা লোকসকলে জম্মু কাশ্মীৰত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা নাছিল। তেওঁলোকৰ সকলোতে অধিকাৰ লাভ কৰিছিল যদিও জম্মু কাশ্মীৰত কৰা নাছিল ।গতিকে অনুচ্ছেদ ৩৭০ ৰ প্ৰত্যাহাৰৰ পিছত যিসকল লোকে পলায়ন কৰিছিল তেওঁলোকৰ অধিকাৰ সমূহ পুনৰ আৰম্ভ কৰা হ’ব ৷

আনহাতে সততে বলীউডৰ ছবিসমূহৰ দৃশ্যগ্ৰহণৰ ক্ষেত্ৰত কাশ্মীৰ হৈছে সকলোৰে পছন্দৰ ঠাই। এই সন্দৰ্ভত মোডীয়ে কয় যে ইয়াত যিকোনো লোক ছবি দৃশ্য গ্ৰহণৰ কাৰণে আহে ৷ এই স্থান পৰ্যটনৰ কাৰণে উত্তম ঠাই ৷গতিকে ছবি নিৰ্মাণৰ দ্বাৰা ইয়াত যুৱ প্ৰজন্মই সংস্থাপন লাভ কৰাত সুবিধা পাব ৷ প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক আশ্বাস প্ৰদান কৰি কয় যে জম্মু কাশ্মীৰৰ বিকাশে প্ৰগতিৰ শিখৰ আৰোহন কৰিব ৷ আৰু জনসাধাৰণৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত বিকাশ হ’ব ৷ জম্মু কাশ্মীৰ আৰু লাডাখৰ লোকসকলৰ ভৱিষ্যত সম্প্ৰতি বহু উজ্জ্বল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Water supply in Guwahati to be disrupted for four days

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com