৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ:ৰাষ্ট্ৰপতিৰ সন্মতিৰ পাছত জম্বু- কাশ্মীৰৰ বিশেষ মৰ্য্যদা কৰ্তন

৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ:ৰাষ্ট্ৰপতিৰ সন্মতিৰ পাছত জম্বু- কাশ্মীৰৰ বিশেষ মৰ্য্যদা কৰ্তন

জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শেষ মোহৰ মৰাৰ পিছত জম্বু-কাশ্মীৰত অন্ত পৰিলে বিশেষ মৰ্য্যদা। প্ৰথমতে এই বিল খন ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত লোকসভাতো গৃহীত হয় ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ বিল ।মংগলবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে জাননী জাৰি কৰে।

বৰ্তমানৰ পৰা জম্বু-কাশ্মীৰ, লাডাখ হ’ব পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল । দ্বি-ভোটাৰ ব্যবস্থা নাথাকিব আৰু লগতে নাথাকিব সুকীয়া পতাকা । ত্ৰিৰংগ পতাকা উৰিব জম্বু কাশ্মীৰত । ৰাজ্য সভাত এই বিল গৃহীত হোৱাৰ পাছতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে ।

সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত কাশ্মীৰত বিধানসভাই নিজা সংবিধান প্ৰনয়ন কৰাৰ ক্ষমতা , দুখন পতাকা, সকলো কেন্দ্ৰীয় আইন বলবৎ নোহোৱা , বহিৰাগতই ভূ-সম্পতি ক্ৰয় কৰিব নোৱাৰা, কেন্দ্ৰই অৰ্থনৈতিক জৰুৰী শাসন বলবৎ কৰিব নোৱাৰা আদি সাংবিধানিক বাধাসমূহ বাতিল কৰা হব ।

ৰাজ্য সভাত জম্বু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্স দলৰ নেতা ওমৰ আব্দুলাক গ্ৰেপ্তাৰৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী পিপল ডেম’ক্ৰেটিক পাৰ্টীৰ নেত্ৰী মেহবুবা মুফটিকো গৃহবন্দী কৰি ৰাখিছিল আৰক্ষীয়ে। দুয়ো গৰাকীয়ে বিৰোধিতা কৰিছিল অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ প্ৰস্তাৱৰ। সমান্তৰালভাৱে দুয়োগৰাকীয়ে কাশ্মীৰৰ জনসাধাৰণক উচতনিমূলক মন্তব্যৰে পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ আশংকাতে গৃহবন্দী কৰিছে দুয়োগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক।

সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্য্যাদা প্ৰদান কৰিছিল। জম্বু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আৰু ৩৫ এ প্ৰত্যাহাৰ কৰিবলৈ নিৰাপত্তাৰ বিষয়ৰ উপৰত লক্ষ্য ৰাখি , লগতে পৰিকল্পনা, প্ৰস্তুতি বহু আগৰে পৰা চলাইছিল মোদী চৰকাৰে । দীঘলীয়া প্ৰস্তুতিৰ অন্তত সোমবাৰে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়।

জম্বু-কাশ্মীৰৰ সন্দৰ্ভত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল নিজে শ্ৰীনগৰত উপস্থিত হয়। যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিষ্ঠিতি সৃষ্টি নহয় । ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতে মোদী চৰকাৰে ২০০০ চাট ফোন, দ্ৰোণ আৰু ৩৫ হাজাৰ সেনা মোতায়েন কৰা হৈছে । সমান্তৰাললৈ সমগ্ৰ দেশতে সতৰ্কতা জাৰি কৰিছে ।৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰাৰ পিছতে যিখিনি পৰিবৰ্তন হব সেই সমূহ জম্বু-কাশ্মীৰ বাসীয়ে সহজ ভাৱে গ্ৰহণ কৰিব নোৱাৰিব ।

জম্মু–কাশ্মীৰক উন্নত ৰাজ্য হিচাপে গঢ়িব কেন্দ্ৰই অমিত শ্বাহে কয় যে পৰিস্থিতিৰ উন্নতি ঘটিলে আৰু সঠিক সময় আহিলে জম্মু–কাশ্মীৰক পুনৰ পূৰ্ণৰাজ্য কৰা হ’ব। গৃহমন্ত্ৰীৰ মতে, অনুচ্ছেদ–৩৭০ ৰাজ্যখনত পৰিস্থিতি স্বাভাৱিক কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা। অনুচ্ছেদ–৩৭০ আৰু ৩৫এ আঁতৰ নকৰাকৈ সন্ত্ৰাসবাদ নিঃশেষ কৰাটো সম্ভৱ নহয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com