Begin typing your search above and press return to search.

নতুন পৰিবৰ্তনক আদৰি লৈছে জম্বু-কাশ্মীৰ বাসীয়ে: কাশ্মীৰৰ পৰা গাউণ্ড ৰিপোৰ্ট অজিত ডোভালৰ

নতুন পৰিবৰ্তনক আদৰি লৈছে জম্বু-কাশ্মীৰ বাসীয়ে: কাশ্মীৰৰ পৰা গাউণ্ড ৰিপোৰ্ট অজিত ডোভালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Aug 2019 10:28 AM GMT

জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰাৰ পিছত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত মোদী চৰকাৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে সৰ্বত্ৰে। জম্বু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত ১৪৪ ধাৰাও জাৰি কৰা হৈছে । অপ্ৰীতিকৰ পৰিষ্ঠিতি সৃষ্টি হোৱাৰ আশংকাত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ইতিমধ্যে কাশ্মীৰ উপত্যকাত বাহৰ পাতি আছিল । কাশ্মীৰৰ পৰা গাউণ্ড ৰিপোৰ্ট প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে। গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা ৰিপোৰ্টত জম্বু-কাশ্মীৰৰ পৰিষ্ঠিতি বৰ্তমান সুস্থ বুলি প্ৰকাশ কৰিছে ।

শ্ৰীনগৰৰ পৰা নিৰাপত্তা সম্পৰ্কীয় গ্ৰাউণ্ড ৰিপোৰ্টত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে প্ৰকাশ কৰে যে, জম্বু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰা সিদ্ধান্তক কাশ্মীৰ বাসীয়ে আদৰি লৈছে বুলি প্ৰকাশ কৰিছে । জম্বু-কাশ্মীৰত পৰিস্থিতি শান্তি । লোক সকলে কোনো ধৰণৰ প্ৰতিবাদ কৰা নাই, সকলো নিজৰ কাম ব্যস্ত হৈ পৰিছে বুলি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে প্ৰকাশ কৰিছে ।

লগতে ৰিপোৰ্টত অজিত ডোভালে প্ৰকাশ কৰিছে যে, জম্বু-কাশ্মীৰ ৰাজ্য হোৱাৰ ক্ষেত্ৰত অমিত শ্বাহৰ মন্তব্যত জম্বু-কাশ্মীৰ বাসীয়ে আশ্বাস প্ৰকাশ কৰিছে । স্থানীয় লোক সকলে সমৰ্থন কৰিছে আৰু পৰিবৰ্তনক সঁহাৰি জনাইছে ।

৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পিছত সাম্ভাব্য পৰিষ্ঠিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে শ্ৰীনগৰত বাহৰ পাতি আছে। সূত্ৰয়ে প্ৰকাশ কৰা মতে, এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত স্থানীয় বাসিন্দা সকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবেই অজিত ডোভাল শ্ৰীনগৰত আছে ।

৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰে জম্বু-কাশ্মীৰক দ্বি-খণ্ডিত কৰিছে । জম্বু-কাশ্মীৰ আৰু লাডাখ পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্য হব ।বৰ্তমানৰ পৰা জম্বু-কাশ্মীৰ, লাডাখ হ’ব পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল । দ্বি-ভোটাৰ ব্যবস্থা নাথাকিব আৰু লগতে নাথাকিব সুকীয়া পতাকা । ত্ৰিৰংগ পতাকা উৰিব জম্বু কাশ্মীৰত ।

উল্লেখযোগ্য যে, সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত কাশ্মীৰত বিধানসভাই নিজা সংবিধান প্ৰনয়ন কৰাৰ ক্ষমতা , দুখন পতাকা, সকলো কেন্দ্ৰীয় আইন বলবৎ নোহোৱা , বহিৰাগতই ভূ-সম্পতি ক্ৰয় কৰিব নোৱাৰা, কেন্দ্ৰই অৰ্থনৈতিক জৰুৰী শাসন বলবৎ কৰিব নোৱাৰা আদি সাংবিধানিক বাধাসমূহ বাতিল কৰা হব ।লোকসভাত বিল খন উত্থাপন কৰাৰ পূৰ্বে অমিত শ্বাহে কয় যে ৰাজ্যখনত দৰিদ্ৰতাৰ প্ৰধান কাৰণ আছিল অনুচ্ছেদ–৩৭০। ইয়াৰ বাবে ৰাজ্যখনত উন্নয়ন হোৱা নাছিল। লগতে কয় যে জম্মু–কাশ্মীৰ ভূ–স্বৰ্গ আছিল আৰু থাকিব। জম্মু–কাশ্মীৰক উন্নত ৰাজ্য হিচাপে গঢ়িব কেন্দ্ৰই অমিত শ্বাহে কয় যে পৰিস্থিতিৰ উন্নতি ঘটিলে আৰু সঠিক সময় আহিলে জম্মু–কাশ্মীৰক পুনৰ পূৰ্ণৰাজ্য কৰা হ’ব। গৃহমন্ত্ৰীৰ মতে, অনুচ্ছেদ–৩৭০ ৰাজ্যখনত পৰিস্থিতি স্বাভাৱিক কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা। অনুচ্ছেদ–৩৭০ আৰু ৩৫এ আঁতৰ নকৰাকৈ সন্ত্ৰাসবাদ নিঃশেষ কৰাটো সম্ভৱ নহয়।

অন্য খবৰৰ বাবে পঢ়ক: ৩৭০ অনুচ্ছেদ: কেনেকৈ জম্বু-কাশ্মীৰক দ্বি-খণ্ডিত কৰাৰ পৰিকল্পনা কৰিছিল মোদী চৰকাৰে ?

ভিডিঅ প্ৰতক্ষ্য কৰক :Nalbari BJP members cheer for the historic revocation of Article 370 and 35 (A)

Next Story
চাকৰি