৩৭০ অনুচ্ছেদ: কেনেকৈ জম্বু-কাশ্মীৰক দ্বি-খণ্ডিত কৰাৰ পৰিকল্পনা কৰিছিল মোদী চৰকাৰে ?

৩৭০ অনুচ্ছেদ: কেনেকৈ জম্বু-কাশ্মীৰক দ্বি-খণ্ডিত কৰাৰ পৰিকল্পনা কৰিছিল মোদী চৰকাৰে ?

এক ঐতিহাসিক সিদ্ধান্ত । জম্বু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল ৩৭০ অনুচ্ছেদ আৰু ৩৫ এ । সোমবাৰে ৰাজ্যসভাত গৃহীত কৰা হয় বহু বিতৰ্কিত বিধেয়ক খন । জম্বু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আৰু ৩৫ এ প্ৰত্যাহাৰ কৰিবলৈ নিৰাপত্তাৰ বিষয়ৰ উপৰত লক্ষ্য ৰাখি , লগতে পৰিকল্পনা, প্ৰস্তুতি বহু আগৰে পৰা চলাইছিল মোদী চৰকাৰে । দীঘলীয়া প্ৰস্তুতিৰ অন্তত সোমবাৰে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়।

জম্বু-কাশ্মীৰৰ সন্দৰ্ভত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল নিজে শ্ৰীনগৰত উপস্থিত হয়। যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিষ্ঠিতি সৃষ্টি নহয় । ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতে মোদী চৰকাৰে ২০০০ চাট ফোন, দ্ৰোণ আৰু ৩৫ হাজাৰ সেনা মোতায়েন কৰা হৈছে । সমান্তৰাললৈ সমগ্ৰ দেশতে সতৰ্কতা জাৰি কৰিছে ।৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰাৰ পিছতে যিখিনি পৰিবৰ্তন হব সেই সমূহ জম্বু-কাশ্মীৰ বাসীয়ে সহজ ভাৱে গ্ৰহণ কৰিব নোৱাৰিব ।

জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ প্ৰস্তুতি বিজেপি চৰকাৰে ২০১৯ চনৰ সাধাৰন নিৰ্বাচনৰ পূৰ্বৰ পৰাই চলাই আহিছিল । ৰ' ৰ মুখ্য গোৱেলে ১১ জুলাইত জম্বু কাশ্মীৰ উপত্যকাত উপস্থিত হৈছিল । ২৩ জুলাইত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল জম্বু-কাশ্মীৰত উপস্থিত হৈ আলোচনা কৰিছিল ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ সন্দৰ্ভত । আনহাতে মুখ্য সেনাধক্ষ্য বিপিন ৰাৱাটে জুন আৰু জুলাইতো জম্বু-কাশ্মীৰত উপস্থিত হৈছিল , সেনাক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছিল । এই সম্পৰ্কত ২৪ জুলাইত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুস্থিত হৈছিল ।

বৰ্তমানৰ পৰা জম্বু-কাশ্মীৰ, লাডাখ হ’ব পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল । দ্বি-ভোটাৰ ব্যবস্থা নাথাকিব আৰু লগতে নাথাকিব সুকীয়া পতাকা । ত্ৰিৰংগ পতাকা উৰিব জম্বু কাশ্মীৰত । ৰাজ্য সভাত এই বিল গৃহীত হোৱাৰ পাছতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে । নিশাৰ পৰা শ্ৰীনগৰৰ পৰা জম্বুলৈ ঘোষণা কৰা হয় ১৪৪ ধাৰা। শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হয় ।

উল্লেখযোগ্য যে, সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত কাশ্মীৰত বিধানসভাই নিজা সংবিধান প্ৰনয়ন কৰাৰ ক্ষমতা , দুখন পতাকা, সকলো কেন্দ্ৰীয় আইন বলবৎ নোহোৱা , বহিৰাগতই ভূ-সম্পতি ক্ৰয় কৰিব নোৱাৰা, কেন্দ্ৰই অৰ্থনৈতিক জৰুৰী শাসন বলবৎ কৰিব নোৱাৰা আদি সাংবিধানিক বাধাসমূহ বাতিল কৰা হব ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Nalbari BJP members cheer for the historic revocation of Article 370 and 35 (A)

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com