Begin typing your search above and press return to search.

৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ: নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ ৰাজ্য সমুহক নিৰ্দেশ কেন্দ্ৰৰ

৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ: নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ ৰাজ্য সমুহক  নিৰ্দেশ কেন্দ্ৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Aug 2019 7:57 AM GMT

সোমবাৰে ৰাজ্যসভাৰ বহু বিতৰ্কিত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ হোৱা বিল গৃহীত হোৱাৰ পাছতে সৰ্বত্ৰে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে কেন্দ্ৰয়ে।

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু আৰক্ষীৰ মহাপৰিদৰ্শক আৰু দিল্লী আৰক্ষীক নিৰাপত্তাৰ দিশত এলাৰ্ট থাকিবলৈ নিৰ্দেশ দিছে ।ৰাজ্য সভাত সোমবাৰে জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ বিল গৃহীত হয়। কেন্দ্ৰয়ে কৰিলে বহু বিতৰ্কত জম্বু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তন কৰিলে । জম্বু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত ১৪৪ ধাৰা জাৰি কৰা হৈছে । ৰাজ্যসভাত ৩৭০ অনুচ্ছেদ অৱসান ঘটোৱাৰ এই ঐতিহাসিক সিদ্ধান্ত ঘোষণা কৰে অমিত শ্বাহে।

বৰ্তমানৰ পৰা জম্বু-কাশ্মীৰ, লাডাখ হ'ব পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল । দ্বি-ভোটাৰ ব্যবস্থা নাথাকিব আৰু লগতে নাথাকিব সুকীয়া পতাকা । ত্ৰিৰংগ পতাকা উৰিব জম্বু কাশ্মীৰত । ৰাজ্য সভাত এই বিল গৃহীত হোৱাৰ পাছতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে । নিশাৰ পৰা শ্ৰীনগৰৰ পৰা জম্বুলৈ ঘোষণা কৰা হয় ১৪৪ ধাৰা। শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হয় ।

উল্লেখযোগ্য যে, সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত কাশ্মীৰত বিধানসভাই নিজা সংবিধান প্ৰনয়ন কৰাৰ ক্ষমতা , দুখন পতাকা, সকলো কেন্দ্ৰীয় আইন বলবৎ নোহোৱা , বহিৰাগতই ভূ-সম্পতি ক্ৰয় কৰিব নোৱাৰা, কেন্দ্ৰই অৰ্থনৈতিক জৰুৰী শাসন বলবৎ কৰিব নোৱাৰা আদি সাংবিধানিক বাধাসমূহ বাতিল কৰা হব ।

আজি লোকসভাত উত্থাপন জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ বিল ।ৰাজ্য সভাত সোমবাৰে জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ বিল গৃহীত হয়। কেন্দ্ৰয়ে কৰিলে বহু বিতৰ্কত জম্বু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তন কৰিলে । জম্বু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত ১৪৪ ধাৰা জাৰি কৰা হৈছে । ৰাজ্যসভাত ৩৭০ অনুচ্ছেদ অৱসান ঘটোৱাৰ এই ঐতিহাসিক সিদ্ধান্ত ঘোষণা কৰে অমিত শ্বাহে। বৰ্তমানৰ পৰা জম্বু-কাশ্মীৰ, লাডাখ হ'ব পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল । দ্বি-ভোটাৰ ব্যবস্থা নাথাকিব আৰু লগতে নাথাকিব সুকীয়া পতাকা । ত্ৰিৰংগ পতাকা উৰিব জম্বু কাশ্মীৰত ।

ৰাজ্য সভাত এই বিল গৃহীত হোৱাৰ পাছতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে । নিশাৰ পৰা শ্ৰীনগৰৰ পৰা জম্বুলৈ ঘোষণা কৰা হয় ১৪৪ ধাৰা। শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হয় । উল্লেখযোগ্য যে, সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত কাশ্মীৰত বিধানসভাই নিজা সংবিধান প্ৰনয়ন কৰাৰ ক্ষমতা , দুখন পতাকা, সকলো কেন্দ্ৰীয় আইন বলবৎ নোহোৱা , বহিৰাগতই ভূ-সম্পতি ক্ৰয় কৰিব নোৱাৰা, কেন্দ্ৰই অৰ্থনৈতিক জৰুৰী শাসন বলবৎ কৰিব নোৱাৰা আদি সাংবিধানিক বাধাসমূহ বাতিল কৰা হব ।

অন্য খবৰৰ বাবে পঢ়ক : নৰেন্দ্ৰ মোদীৰ মিছন কাশ্মীৰ:লোকসভাত উত্থাপন ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ বিল

Next Story
চাকৰি