Begin typing your search above and press return to search.

নৰেন্দ্ৰ মোদীৰ মিছন কাশ্মীৰ:লোকসভাত উত্থাপন ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ বিল

নৰেন্দ্ৰ মোদীৰ  মিছন কাশ্মীৰ:লোকসভাত উত্থাপন ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ বিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Aug 2019 6:55 AM GMT

ৰাজ্য সভাত সোমবাৰে জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ বিল গৃহীত হয়। কেন্দ্ৰয়ে কৰিলে বহু বিতৰ্কত জম্বু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তন কৰিলে । জম্বু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত ১৪৪ ধাৰা জাৰি কৰা হৈছে । ৰাজ্যসভাত ৩৭০ অনুচ্ছেদ অৱসান ঘটোৱাৰ এই ঐতিহাসিক সিদ্ধান্ত ঘোষণা কৰে অমিত শ্বাহে।

বৰ্তমানৰ পৰা জম্বু-কাশ্মীৰ, লাডাখ হ'ব পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল । দ্বি-ভোটাৰ ব্যবস্থা নাথাকিব আৰু লগতে নাথাকিব সুকীয়া পতাকা । ত্ৰিৰংগ পতাকা উৰিব জম্বু কাশ্মীৰত । ৰাজ্য সভাত এই বিল গৃহীত হোৱাৰ পাছতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে । নিশাৰ পৰা শ্ৰীনগৰৰ পৰা জম্বুলৈ ঘোষণা কৰা হয় ১৪৪ ধাৰা। শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হয় ।

উল্লেখযোগ্য যে, সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত কাশ্মীৰত বিধানসভাই নিজা সংবিধান প্ৰনয়ন কৰাৰ ক্ষমতা , দুখন পতাকা, সকলো কেন্দ্ৰীয় আইন বলবৎ নোহোৱা , বহিৰাগতই ভূ-সম্পতি ক্ৰয় কৰিব নোৱাৰা, কেন্দ্ৰই অৰ্থনৈতিক জৰুৰী শাসন বলবৎ কৰিব নোৱাৰা আদি সাংবিধানিক বাধাসমূহ বাতিল কৰা হব ।

লোকসভাত বিল খন উত্থাপন কৰাৰ পূৰ্বে অমিত শ্বাহে কয় যে ৰাজ্যখনত দৰিদ্ৰতাৰ প্ৰধান কাৰণ আছিল অনুচ্ছেদ–৩৭০। ইয়াৰ বাবে ৰাজ্যখনত উন্নয়ন হোৱা নাছিল। লগতে কয় যে জম্মু–কাশ্মীৰ ভূ–স্বৰ্গ আছিল আৰু থাকিব। জম্মু–কাশ্মীৰক উন্নত ৰাজ্য হিচাপে গঢ়িব কেন্দ্ৰই অমিত শ্বাহে কয় যে পৰিস্থিতিৰ উন্নতি ঘটিলে আৰু সঠিক সময় আহিলে জম্মু–কাশ্মীৰক পুনৰ পূৰ্ণৰাজ্য কৰা হ’ব। গৃহমন্ত্ৰীৰ মতে, অনুচ্ছেদ–৩৭০ ৰাজ্যখনত পৰিস্থিতি স্বাভাৱিক কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা। অনুচ্ছেদ–৩৭০ আৰু ৩৫এ আঁতৰ নকৰাকৈ সন্ত্ৰাসবাদ নিঃশেষ কৰাটো সম্ভৱ নহয়।

ৰাজ্য সভাত জম্বু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্স দলৰ নেতা ওমৰ আব্দুলাক গ্ৰেপ্তাৰৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী পিপল ডেম’ক্ৰেটিক পাৰ্টীৰ নেত্ৰী মেহবুবা মুফটিকো গৃহবন্দী কৰি ৰাখিছিল আৰক্ষীয়ে। দুয়ো গৰাকীয়ে বিৰোধিতা কৰিছিল অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ প্ৰস্তাৱৰ। সমান্তৰালভাৱে দুয়োগৰাকীয়ে কাশ্মীৰৰ জনসাধাৰণক উচতনিমূলক মন্তব্যৰে পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ আশংকাতে গৃহবন্দী কৰিছে দুয়োগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক।

সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্য্যাদা প্ৰদান কৰিছিল। ইফালে সদনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৩৭০ প্ৰস্তাৱ উত্থাপন কৰাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে সম্প্ৰতি ৰাজ্যত দুখন কেন্দ্ৰীয় শাসিত প্ৰদেশ আৰু লাডাখ আৰু জন্মু আৰু কাশ্মৰীৰ বিভাজন কৰিবলৈ প্ৰস্তাৱ দিছে ৷গৃহমন্ত্ৰী অনুসৰি লাডাখত বিধানসভা নাথাকিব আৰু জম্মু কাশ্মৰী এক কেন্দ্ৰ শাসিত প্ৰদেশ হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক: জম্মু আৰু কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ ৩৭০ অনুচ্ছেদ

Next Story
চাকৰি