Begin typing your search above and press return to search.

আমাৰ গতানুগতিক জীৱনত হালধীৰ উপকাৰিতা

আমাৰ গতানুগতিক জীৱনত হালধীৰ উপকাৰিতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2019 12:42 PM GMT

আমি সাধাৰণতে আমাৰ খাদ্য শৈলীত হালধী ব্যৱহাৰ কৰোঁ ৷ হালধীয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক বৃদ্ধি কৰে ৷ লগতে হালধীয়ে আমাৰ শৰীৰৰ বিভিন্ন সমস্যাক প্ৰতিৰোধ কৰাৰ লগতে আমাৰ ছালৰ কাৰণে অত্যন্ত উপযোগী ৷ হালধী ছালৰ কাৰণে উপযোগী হোৱাৰ উপৰিও অলপ কুহুমীয়া গৰম পানী হালধী মিহলাই সেৱন কৰিলে মগজুৰ চিন্তা শক্তি বৃদ্ধি পাইছে।

পুৱা যদি আমি হালধী দিয়া কুহুমীয়া পানী সেৱন কৰোঁ তেন্তে মগজুৰ সক্ৰিয়তা বৃদ্ধি পায় ৷শৰীৰত হোৱা যিকোনো জ্বলনৰ কাৰণে হালধী উপকাৰী ৷হাড় অথবা গাঁঠিত হোৱা যিকোনো বিষৰ কাৰণে হালধী পানী সকলোতকৈ উপযোগী ৷ লিভাৰৰ যিকোনো সমস্যাৰ কাৰণে হালধী যথেষ্ট উপকাৰী ৷লিভাৰৰ সমস্যাত ভূগি থকা লোকসকলে হালধিৰ পানী খাব পাৰে ৷

লগতে লিভাৰৰ যিকোনো সংক্ৰমণৰ কাৰণে হালধী যথেষ্ট উপকাৰী ৷হাৰ্টৰ যিকোনো সমস্যাৰ কাৰণে হালধিৰ পানী উপকাৰী ৷হালধীয়ে আমাৰ তেজ ডাঠ হোৱাত সহায় কৰে। লগতে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা কম কৰে হালধীয়ে ৷ আমি আমাৰ সৌন্দৰ্য চৰ্চা কৰিবলৈ হালধী ব্যৱহাৰ কৰোঁ ৷হালধীৰ পানীত মৌ আৰু নেমু মিহলাই খালে শৰীৰৰ ভিতৰৰ পৰা বিশুদ্ধ পদাৰ্থসমূহ আঁতৰাই পেলাই ৷ যিয়ে আমাৰ বয়সত কোনো প্ৰভাৱ নেপেলায় ৷

গতিকে হালধীয়ে আমাৰ স্বাস্থ্যৰ লগতে সৌন্দৰ্য চৰ্চাটো প্ৰভাৱ পেলাই ৷ হালধীয়ে আমাৰ পাচন ক্ৰিয়াত সহায় কৰে ৷কাৰণ হালধী প্ৰচুৰ পৰিমানে এন্টী অক্সিডেন্টছ থাকে ৷গতিকে গেছৰ অসুবিধা থাকিলে হালধী সেৱন কৰিব পাৰে। হালধীত এন্টি বেক্টেৰিয়েল,এন্টী বায়ৰল,এন্টী ফংগল থাকে ৷যদি আপুনি প্ৰত্যেক দিনে গৰম গাখীৰ হালধী মিহলাই সেৱন কৰে তেন্তে শৰীৰৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। হালধীয়ে কেন্সাৰৰ দৰে ৰোগৰো প্ৰতিষেধক হিছাপে কাম কৰে ৷

হালধী আমাক ওজন হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷ইয়াৰোপৰি কেতিয়াবা আমাৰ শৰীৰত হাড় অথবা মোচোকা খুৱাৰ পিছত প্ৰচুৰ পৰিমাণে বিষ হয়। এনে অৱস্থাত গৰম গাখীৰ হালধী মিহলাই খালে বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি। হালধী গাখীৰৰ লগত মিহলাই খালে বয়সৰ ছাপ নপৰাৰ লগতে মুখত যদি ফেচপেক হিছাপে হালধী ব্যৱহাৰ কৰে তেন্তে সুফল পাব আপুনি ৷গতিকে এয়া হ’ল হালধীৰ উপকাৰিতা ৷ গতানুগতিক ব্যস্ততাৰ মাজত আমাৰ নিজক সুন্দৰকৈ ৰাখিবলৈ হালধীয়ে উল্লেখ্য ভূমিকা গ্ৰহণ কৰে ৷ গতিকে হালধী ব্যৱহাৰ কৰি সুস্থ হৈ থাকক ৷

অন্য খবৰৰ বাবে পঢ়ক : পেটৰ অতিৰিক্ত চৰ্বিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পঢ়ক আমাৰ এই বিধি

Next Story
চাকৰি