Begin typing your search above and press return to search.

১০৫ বছৰীয়া এগৰাকী মহিলা, ৭৪.৫% ৰ সহায়ত উৰ্ত্তীণ হ'ল চতুৰ্থ শ্ৰেণীত

১০৫ বছৰীয়া এগৰাকী মহিলা, ৭৪.৫% ৰ সহায়ত উৰ্ত্তীণ হল চতুৰ্থ শ্ৰেণীত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Feb 2020 9:05 AM GMT

১০৫ বছৰীয়া এগৰাকী মহিলা, ৭৪.৫% ৰ সহায়ত উৰ্ত্তীণ হ'ল চতুৰ্থ শ্ৰেণীত।‌শিক্ষা লাভ কৰাৰ কোনো বয়স নাথাকে। এই কথা আকৌ এবাৰ প্ৰমান কৰিলে ১০৫ বছৰীয়া ভাগীৰথী আম্মাই। কেৰেলাৰ নিৱাসী ভাগীৰথী আম্মাই ১০৫ বছৰ বয়সত এক মোটা অংকৰ নম্বৰৰ সৈতে উৰ্ত্তীণ হ'ল চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত । জানিব পৰা মতে ভাগৰথী আম্মাই নিজৰ মাতৃৰ মৃত্যুৰ পীছত পঢ়া শুনা এৰি দিছিল । তাৰ পিছতেই তেওঁ নিজৰ ভাই ভন্তীৰ যত্নৰ বাবে পঢ়া শুনা সম্পূৰ্ণ কৰিব নোৱাৰিলে। তাৰ পিছতেই বিষয়ৰ পিছত তেওঁৰ ছয় গৰাকী লৰা ছোৱালীৰ মাতৃ হয় । তেওঁৰ কঠিনতা তেতিয়া আৰু অধিক বৃদ্ধি হল যেতিয়া তেওঁৰ পিতৃৰ মৃত্যু হয় আৰু পৰিয়ালৰ সকলো দায়িত্ব তেওঁৰ ওপৰত আহি পৰে । বহু ধৰণৰ বাধাৰ ফলত পঢ়া শুনাত উচ্ছুক হোৱাৰ পিছতো তেওঁ পঢ়া শুনা কৰিব নোৱাৰিলে ।

এনেকৈয়ে সময় গৈ আছিল আৰু ভাগীৰথীয়ে জীৱনৰ ১০০ বছৰ পূৰ্ণ কৰিছিল । এয়া সেই খিনি সময় আছিল যেতিয়া তেওঁ জীৱনৰ সকলৈ দায়িত্ব পালন কৰা হৈছিল । বৰ্তমান সময়ত তেওঁৰ ছয় জন‌ ল'ৰা ছোৱালীৰ লগতে ১৬ গৰাকী নাতি নাতিনী আৰু ১২ গৰাকীকৈ পৰনাতি আছে ।

তেওঁৰ বয়স বাঢ়ি গৈছিল তথাপিও তেওঁৰ মনত পঢ়াৰ প্ৰতি আগ্ৰহ আছিল । ইয়াৰ মাজতেই ভাগীৰথী আম্মাই বিগত বৰ্ষত ৰাজ্যৰ সাক্ষৰতা অভিযানত নাম পঞ্জীয়ন কৰে । তাৰ পিছতেই ৬ ফেব্ৰুৱাৰী তাৰিখে ফলাফল ঘোষণা হয় যে ভাগীৰথী আম্মাই ৭৪.৫ শতাংশ নম্বৰৰ সহায়ত চতুৰ্থ শ্ৰেণীত উৰ্ত্তীণ হয়। এক সাক্ষাৎকাৰত ভাগীৰথী আম্মাই গণিত বিষয়টোক উজু বুলি মন্তব্য কৰিছিল আৰু এই কথাটো তেওঁ গণিত বিষয়টোত ৭৫ ৰ ভিতৰত ৭৫ নম্বৰ লাভ কৰি প্ৰমান কৰি দিছিল । আন বিষয় সমূহ যেনে মালায়লমত ৫০ ৰ‌ ভিতৰত ৩০ নম্বৰ লাভ কৰে। ইংৰাজী বিষয়ত লাভ কৰে ৭০ ৰ‌‌ ভিতৰত ৫০ । তেওঁ মুঠ ২৭৫ ৰ ভিতৰত ২০৫ নম্বৰ লাভ কৰে ।

২০১৯ চনত কেৰেলাত মুঠ ১১,৫৩৯ সাক্ষৰতা মিছনৰ অধীনত চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰাইছিল। ইয়াৰ ভিতৰত ১০,০১২ জন পৰীক্ষাৰ্থীহে পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ভাগীৰথী আম্মাৰ সফলতাৰ বাবে তেওঁক কেৰেলা ৰাজ্যৰ সাক্ষৰতা মিছনৰ নিৰ্দেশক পি এছ শ্ৰী কলাই শুভকামনা‌ জ্ঞাপন কৰে। ভাগীৰথী আম্মাই দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আশা কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : পৃথিৱীৰ সবাতোকৈ বিষাক্ত জীৱ, যিয়ে অতি কম সময়ৰ ভিতৰতে কাঢ়ি ল’ব পাৰে মানুহৰ প্ৰাণ

ভিডিঅ প্ৰতক্ষ্য কৰক: Watch | Ex- SAMPRITI-IX , Indo- Bangladesh Joint Military exercise

Next Story
চাকৰি