Begin typing your search above and press return to search.

পৃথিৱীৰ সবাতোকৈ বিষাক্ত জীৱ, যিয়ে অতি কম সময়ৰ ভিতৰতে কাঢ়ি ল'ব পাৰে মানুহৰ প্ৰাণ

পৃথিৱীৰ সবাতোকৈ বিষাক্ত জীৱ, যিয়ে অতি কম সময়ৰ ভিতৰতে কাঢ়ি লব পাৰে মানুহৰ প্ৰাণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Feb 2020 11:17 AM GMT

পৃথিৱীৰ সবাতোকৈ বিষাক্ত জীৱ, যিয়ে অতি কম সময়ৰ ভিতৰতে কাঢ়ি ল'ব পাৰে মানুহৰ প্ৰাণ। পৃথিৱীত বিভিন্ন ধৰণৰ, বিভিন্ন প্ৰজাতিৰ জীৱ পোৱা যায়। ইয়াৰ ভিতৰত বহু ধুনীয়া জীৱ ও আছে । যাৰ সৌন্দৰ্য্যত মানুহে পাহৰি যায় যে এই‌ জীৱ সমূহ বিষাক্ত ও হ'ব পাৰে। আজি আমি আপোনালোকক এনেকুৱা এক জীৱৰ বিষয়ে জনাম যি অতি ভয়ানক হোৱাৰ লগতে বিষাক্ত ও হয় । এই জীৱ ইমানেই বিষাক্ত যে কম সময়ৰ ভিতৰতে ই মানুহৰ প্ৰাণ ল'ব পাৰে । আমি সকলোৱে বিচ্ছু দেখিছোঁ । আমি আজি আপোনালোকক এনেকুৱা এক বিচ্ছুৰ কথা কম যি অতি বিষাক্ত। এই বিচ্ছুটোৰ নাম 'ইণ্ডিয়ান ৰেড স্কাৰ্পিয়ান ' বুলি জনা যায় । কিয়নো এই বিচ্ছু বিধ মূলত ভাৰতবৰ্ষত পোৱা যায় । ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ দেশ পাকিস্তান, বাংলাদেশ, আৰু নেপালত পোৱা এই বিচ্ছুৱে যদি কামোৰে তেন্তে ৭২ ঘন্টাৰ ভিতৰত সেই লোক জনৰ মৃত্যু নিশ্চিত।

বিচ্ছুৰ দৰে 'কোন‌ ষ্নেল' নামৰ এবিধ জীৱ আছে যি অতি বিষাক্ত । এই জীৱ বিধ ইমানেই বিষাক্ত যে অতি কম সময়ৰ ভিতৰতে ই মানুহক অসাৰ (পেৰালাইজ) কৰিব পাৰে । পৃথিৱীত এই জীৱ বিধৰ ৬০০ তকৈ অধিক প্ৰজাতি আছে। এই প্ৰজাতিটো সকলোতকৈ বিষাক্ত।

'ফনল ৱেব স্পাইডাৰ' নামৰ এবিধ জীৱ আছে যি অতি বিষাক্ত । এই জীৱ বিধ সাধাৰণতে অষ্ট্ৰেলিয়াত পোৱা যায়। জানিব পৰা মতে এই জীৱ বিধৰ বিষ ছাইনাইডতকৈ ও বেছি বিষাক্ত। এই মকৰাটো ইমানেই বিষাক্ত যে এই মকৰাই যদি কাৰোবাক কামোৰে তেন্তে ১৫ মিনিটৰ পৰা ৩ দিনৰ ভিতৰত মৃত্যু হ'ব পাৰে।

আমি অক্টোপাছৰ বিষয়ে সকলোৱে জানো । সমগ্ৰ বিশ্বত প্ৰায় ৩০০ তকৈ অধিক প্ৰজাতি আছে। কিন্তু ইয়াৰ ভিতৰত 'ব্লু ৰিংণ্ড অক্টোপাচ' সকলোতকৈ বেছি ভয়ানক আৰু বিষাক্ত হয় । কথিত অনুসৰি এই জীৱটোৱে বিষ মানুহৰ শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে ৩০ চেকেণ্ডৰ ভিতৰত মানুহৰ মৃত্যু হ'ব পাৰে। ইয়াৰ এটা কামোৰাৰ ফলত ২৫ জন মানুহৰ মৃত্যু হ'ব পাৰে। এই জীৱ বিধ হিন্দ মহাসাগৰ আৰু অষ্ট্ৰেলিয়াৰ সাগৰত পোৱা যায়।

'জেলীফিছ' ও এবিধ অতি বিষাক্ত জীৱ। ই পৃথিৱীৰ সকলোতকৈ বিষাক্ত জীৱ সমূহৰ শীৰ্ষত আছে । কথিত অনুসৰি এই জীৱটোৰ বিষে এটা সময়তে ৬০ জন মানুহৰ প্ৰাণ ল'ব পাৰে । ইয়াৰ ফলত এক মিনিটৰ ভিতৰত মানুহৰ মৃত্যু হ'ব পাৰে।

অন্য খবৰৰ বাবে পঢ়ক : বিশ্বৰ সবাতোকৈ দামী আঙুৰ , দাম শুনিলে আপুনিও হ’ব আচৰিত

ভিডিঅ প্ৰতক্ষ্য কৰক: 46th Karbi Youth Festival to begin on Feb 15th

Next Story
চাকৰি