Begin typing your search above and press return to search.

বিশ্বৰ সবাতোকৈ দামী আঙুৰ , দাম শুনিলে আপুনিও হ'ব আচৰিত

বিশ্বৰ সবাতোকৈ দামী আঙুৰ , দাম শুনিলে আপুনিও হব আচৰিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Feb 2020 9:36 AM GMT

বিশ্বৰ সবাতোকৈ দামী আঙুৰ , দাম শুনিলে আপুনিও হ'ব আচৰিত । সাধাৰণতে আঙুৰ দেখিবলৈ সেউজীয়া হয় । কেতিয়াবা আপুনি ৰঙা ৰঙৰ আঙুৰ দেখা পাইছে নেকি? অথবা কেতিয়াবা আপুনি ৰঙা ৰঙৰ আঙুৰ খাই পাইছে নেকি ? আঙুৰ সেউজীয়া বা ক'লা ও থাকে । কিন্তু আমি আজি আপোনালোকক ৰঙা আঙুৰৰ বিষয়ে কম ।

এই ৰঙা আঙুৰ ভাৰতবৰ্ষত সাধাৰণতে পোৱা নাযায়। এই আঙুৰৰ দাম শুনিলে আপুনিও হ'ব আচৰিত।‌জাপানত এই আঙুৰৰ এটা সৰু থোপাৰ দাম ৭.৫ লাখ টকা। এই আঙুৰৰ প্ৰজাতিটোৰ নাম ৰুবী ৰোমন। এই বিশেষ প্ৰজাতিৰ আঙুৰটোৰ ওজন প্ৰায় ২০ গ্ৰাম হ'ব। তাৰোপৰি এই আঙুৰৰ এটা থোপাত প্ৰায় ২৪ টা আঙুৰ থাকে ।

এই ৰঙা আঙুৰ বিধৰ দাম অতি বেছি হোৱা বাবে এই বিধ আঙুৰ ধনী লোকৰ ফল বুলি কয়। ১২ বছৰ আগতে এই ৰঙা আঙুৰ বিধৰ প্ৰজাতিটো ইশিকাৱা প্ৰান্ত চৰকাৰে বিকশিত কৰিছিল। জানিব পৰা মতে এই আঙুৰ বিধৰ সোৱাদ সাধাৰণতে মিঠা হয়। জাপানত পোৱা এই ৰঙা আঙুৰ বিধ বিলাসিতা শ্ৰেণীৰ ফলৰ ভিতৰত ধৰা যায় । জাপানত সাধাৰণতে কোনো শুভ কাৰ্যত উপহাৰ হিচাপে দিয়া যায় এই ফল বিধ । উল্লেখযোগ্য যে জাপানটো এই ফল বিধ পোৱাটো অতি কঠিন । যাৰ ফলত ৰঙা আঙুৰৰ দাম অতি বেছি।

কনাজাবাৰ থোক বজাৰত এই ৰঙা আঙুৰৰ নিলামী কৰা হয় । উল্লেখযোগ্য যে নিলামীত এই ৰঙা আঙুৰ এটা কোম্পানীয়ে ১১ হাজাৰ ডলাৰ অৰ্থাৎ ৭.৫২ লাখ টকাত ক্ৰয় কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : এজন পিয়ন, যিয়ে অৱসৰ গ্ৰহন কৰাৰ পিছত তেওঁৰ ঘৰত পোৱা যায় ২৪,০০০ খন পত্ৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Kokrajhar District BJP workers carried out cleanliness drive

Next Story
চাকৰি