Begin typing your search above and press return to search.

এজন পিয়ন, যিয়ে অৱসৰ গ্ৰহন কৰাৰ পিছত তেওঁৰ ঘৰত পোৱা যায় ২৪,০০০ খন পত্ৰ

এজন পিয়ন, যিয়ে অৱসৰ গ্ৰহন কৰাৰ পিছত তেওঁৰ ঘৰত পোৱা যায় ২৪,০০০ খন পত্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2020 12:39 PM GMT

এজন পিয়ন, যিয়ে অৱসৰ গ্ৰহন কৰাৰ পিছত তেওঁৰ ঘৰত পোৱা যায় ২৪,০০০ খন পত্ৰ। পৃথিৱীত কিছুমান এনেকুৱা ঘটনা সংঘটিত হয় যিয়ে আমাক সকলোকে আচৰিত কৰি তোলে । যেতিয়া আমাৰ কৰা কোনো লোক দূৰত থাকে তেতিয়া কথা বতৰা পাতিবলৈ আমি ডাক যোগে পত্ৰ প্ৰেৰণ কৰো ।‌ এই ক্ষেত্ৰত পিয়নৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আমি আজি আপোনালোকক এনেকুৱা এজন পিয়নৰ কথা কম যাৰ কথা গম পালে আপুনিও হ'ব আচৰিত।

আমি আপোনালোকক জনাব বিচৰা পিয়ন জন জাপানৰ , তেওঁ তেওঁৰ কৰ্মৰ দ্বাৰা সকলোকে আচৰিত কৰি তুলিছে।‌জানিব পৰা মতে এই পিয়ল জনে পত্ৰ বিতৰণ কৰাৰ পৰিবৰ্তে তেওঁৰ ঘৰত পত্ৰ সমূহ জমা ৰাখে । ইয়াত অতিকৈ আচৰিত কৰি তোলা কথাটো এয়ে যে এই সম্পৰ্কে ডাক ঘৰৰ অধিকাৰীয়ে তেতিয়াহে গম পাই যেতিয়া পিয়ন জনে অৱসৰ গ্ৰহণ কৰে।

এই ক্ষেত্ৰত ডাকঘৰৰ অধিকাৰী জনে সকলোকে প্ৰতিশ্ৰুতি দিছে যে তেওঁ অতি সোনকালেই এই পত্ৰ সমূহ বিতৰণ কৰিব । এই ঘটনাটো জাপানৰ কানাগাৱাৰ হয় । এই অঞ্চলটোৰ পিয়ন জনে বিগত ১৬ বছৰ ধৰি পত্ৰ বিতৰণ কৰা নাই । তেওঁ বিতৰণ নকৰা পত্ৰ সমূহৰ ভিতৰত আছে মুঠ ২৪,০০০ পত্ৰ । এই কথা তেতিয়াহে পোহৰলৈ আহিল যেতিয়া লোক সকলে পত্ৰ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে।

জানিব পৰা মতে জাপানৰ আৰক্ষীয়ে জনাইছে যে পিয়ন জনে পত্ৰ সমূহ বিতৰণ কৰিবৰ বাবে ওলাই যায় কিন্তু এই পত্ৰ সমূহ নিৰ্দিষ্ট ঠাইত বিতৰণ কৰাৰ পৰিবৰ্তে তেওঁ তেওঁৰ ঘৰত ৰাখি থয় পত্ৰ সমূহ। এই সম্পৰ্কে পিয়ন জনে তেওঁৰ ভুল স্বীকাৰ কৰে । তেওঁ কয় যে তেওঁ তেওঁৰ কাম যথেষ্ঠ খিনি ভাল পাই কিন্তু তেওঁ কেতিয়াও কনিষ্ঠ কৰ্মী সকলৰ ওচৰত কাম কম দেখুৱাব বিচৰা নাছিল। যাৰ বাবে তেওঁ বেছি সংখ্যক পত্ৰ লৈ পত্ৰ বিতৰণৰ বাবে ওলাই গৈছিল , আৰু নিজৰ ঘৰত ৰাখি থৈছিল পত্ৰ সমূহ।

অন্য খবৰৰ বাবে পঢ়ক : ভাৰতৰ এবিধ আশ্চৰ্যকৰ ফুল, যি বিধ ১২ বছৰৰ মুৰত এবাৰ ফুল

ভিডিঅ প্ৰতক্ষ্য কৰক: Magha Ganesh Jayanti 2020: Devotees Thronged Ganesh Mandir in Guwahati's Ganeshguri

Next Story
চাকৰি