Begin typing your search above and press return to search.

ভাৰতৰ এবিধ আশ্চৰ্যকৰ ফুল, যি বিধ ১২ বছৰৰ মুৰত এবাৰ ফুল

ভাৰতৰ এবিধ আশ্চৰ্যকৰ ফুল, যি বিধ ১২ বছৰৰ মুৰত এবাৰ ফুল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Jan 2020 1:09 PM GMT

ভাৰতৰ এবিধ আশ্চৰ্যকৰ ফুল, যি বিধ ১২ বছৰৰ মুৰত এবাৰ ফুলে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ভাৰত খন বিভিন্ন সৌন্দৰ্যময় বস্তুৰে আৱৰা । ভাৰতৰ বিভিন্ন ঠাইৰ পাহাৰ , গাওঁ,গুহা আদিত কিছুমান এনেকুৱা ৰহস্য সোমাই আছে যে যিয়ে আপোনাক মোক আচৰিত কৰি তুলিব। আমি আজি আপোনালোকক এনে এবিধ ফুলৰ বিষয়ে জনাম যি বিধ ফুল ১২ বছৰৰ মুৰত মাত্ৰ এবাৰ ফুলে আৰু এই বিধ ফুল চাবলৈ বিভিন্ন পৰ্যটকে ভিৰ কৰে । মুন্নাৰ নামৰ এই সৌন্দৰ্য্যময় ঠাই খন অৱস্থিত কেৰেলাত । এই ঠাই খন কফি আৰু মচালাৰ খেতিৰ বাবে জনাজাত।

মুন্নাৰৰ সেউজীয়া আৰু প্ৰাকৃতিক পৰিবেশে সকলোকে অভিভূত কৰে। ৰহস্যৰে আৱৰা এই ঠাইখনত পোৱা ফুল বিধৰ নাম হ'ল নীলকুৰিঞ্জ। এই বিধ ফুল পৃথিৱীৰ সবাতোকৈ দুৰ্লভ প্ৰজাতিৰ ফুলৰ ভিতৰত এবিধ । নীলকুৰিঞ্জ নামৰ ফুল বিধৰ বিশেষত্ব এয়ে যে এই বিধ ফুল ১২ বছৰৰ মুৰত এবাৰ ফুলে ।

২০০৮ চনত এইবিধ ফুল ফুলিছিল । এই ফুল‌ বিধক কেৰেলাৰ লোকে কুৰিঞ্জ বুলি কয় । এই ফুল বিধৰ প্ৰায় ৩৫০ প্ৰজাতিৰ ফুল ভাৰততে আছে ।

জানিব পৰা মতে এই ফুল বিধৰ আগষ্ট মাহৰ পৰা ফুলা আৰম্ভ কৰে আৰু অক্টোবৰলৈ থাকে । এই ফুলবিধ চাবলৈ বিভিন্ন পৰ্যটকে আহি ভিৰ কৰেহি । ২০০৬ চনত কেৰেলাৰ এখন ঠাইত ৩২ বৰ্গকিলোমিটাৰ ঠাই এই ফুলৰ বাবে সংৰক্ষণ কৰা হৈছিল । ইয়াত এই ফুল বিধৰ বিভিন্ন প্ৰজাতি সংৰক্ষণ কৰি ৰখা হৈছে । এই ফুল বিধ‌ সংৰক্ষন কৰিবলৈ বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে।

তদুপৰি পৃথিৱীত এনেধৰণৰ বহু ফুল আছে যি বোৰৰ কিছুমান চাৰি বছৰৰ মুৰত ফুলে বা আন কিছুমান দুই বছৰৰ মুৰত ফুলে। বিভিন্ন ধৰণৰ ফুলৰ প্ৰজাতি পোৱা যায় পৃথিৱীত ।

অন্য খবৰৰ বাবে পঢ়ক : পৃথিৱীৰ এখন এনেকুৱা ঠাই য’ত প্ৰতিটো সময়তে বিজুলী চমকে,কি আছে ৰহস্যৰ আঁৰত

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU Activists waved Black Flag at Assam Minister Pijush Hazarika’s Convoy

Next Story
চাকৰি