ভাৰত ৰত্নৰ সন্মান অসমতেই সংৰক্ষিত কৰি ৰখা হ’বঃ তেজ হাজৰিকা

ভাৰত ৰত্নৰ সন্মান অসমতেই সংৰক্ষিত কৰি ৰখা হ’বঃ তেজ হাজৰিকা

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাৰ পিতৃ কাৰণে ভাৰত ৰত্নৰ পুৰস্কাৰ লাভ কৰিবলৈ সৌভাগ্য অৰ্জন কৰিছে ৷ এই সন্দৰ্ভত তেজ হাজৰিকাই কয় যে মোৰ কাৰণে ব্যক্তিগত ভাৱে পিতৃৰ কাৰণে ভাৰত ৰত্নৰ কাৰণে আমন্ত্ৰিত হোৱাটো বহু সৌভাগ্য পূৰ্ণ কথা ৷ এই পুৰস্কাৰ তথা এই সন্মান অসমবাসীৰ কাৰণে।

দেশৰ সৰ্বোচ্চ স্বীকৃতিক অসমৰ ৰাইজে য’তেই ইচ্ছা কৰে তাতেই ৰাখিব পাৰে। যাতে অসমৰ ৰাইজে ভাৰত ৰত্নক চাব পাৰে। লগতে তেজ হাজৰিকাই কয় যে মই বহুত সুখী ৷যে চৰকাৰে ইমান এটে বৃহৎ সন্মানৰ কাৰণে ড° ভূপেন হাজৰিকাক নিৰ্বাচিত কৰিছে। তেখেতৰ গীতত মানৱতাৰ গান আছে।

আনহাতে দিল্লীত পুৰস্কাৰ গ্ৰহণ কৰি শনিবাৰে পুত্ৰ তেজ হাজৰিকাই ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰা কৰে আৰু পিতৃক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। উল্লেখ্য যে ড° ভূপেন হাজৰিকাৰ উপৰিও প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু বিশিষ্ট সমাজ কৰ্মী নানাজী দেশ মুখকো মৰণোত্তৰ ভাৱে এই সন্মান প্ৰদান কৰা হয়। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে নিজ হাতে আৰু নানাজী দেশমুখৰ পৰিয়ালৰ লোকে ৰামনাথ কোবিন্দৰ পৰা এই সন্মান গ্ৰহণ কৰে ৷

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে দেশৰ বহু সংখ্যক বিশিষ্ট লোক উপস্থিত আছিল ৷ ড° ভূপেন হাজৰিকাই গাইছিল মানৱৰ গান ৷মানুহে মানুহৰ বাবে কাম কৰাৰ কাৰণে তেওঁ সকলোকে উদ্বুদ্ধ কৰিছিল ৷ড° হাজৰিকাৰ বিশাল ব্যক্তিত্ব আৰু সংগীতৰ জৰিয়তে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় স্তৰত সুখ্যাতি লাভ কৰিছিল ।প্ৰয়াত ড° ভূপেন হাজৰিকা এজন গায়ক হোৱাৰ উপৰিও আছিল এজন সংগীতকাৰ আৰু গীতিকাৰ ৷

উল্লেখ্য যে সংগীত, চলচ্চিত্ৰ আৰু কলা ক্ষেত্ৰত অতুলনীয় অৱদানৰ বাবে ড০ ভূপেন হাজৰিকালৈ আগবঢ়োৱা হৈছে ভাৰতৰত্ন সন্মান। অসমৰ হিয়াৰ আমঠু সুধাকন্ঠ ডঃ ভূপেন হাজৰিকায়ে সংগীতৰ জগত খনলৈ যি অবদান দি গৈছিল সেয়া চিৰ সেউজ । সেই অবদানৰ বাবেই দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয়।

ভূপেন হাজৰিকা কেৱল কন্ঠশিল্পীয়ে নাছিল একাধাৰে সংগীত পৰিচালক আৰু ৰচক আছিল । তেওঁ অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো বহুতো চিৰযুগমীয়া গীত ৰচনা কৰি গৈছে । তেওঁ ৰচনা কৰা গীত সমূহ প্ৰত্যেক জন অসমীয়াৰ জীৱন ৰেখাক স্পৰ্শ কৰি গৈছে । যুগ যুগ ধৰি চিৰ সেউজ হৈ ৰব ভূপেন হাজৰিকাৰ গীত সমূহ ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com