Begin typing your search above and press return to search.

প্ৰয়াত সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন প্ৰদান

প্ৰয়াত সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন প্ৰদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Aug 2019 8:21 AM GMT

অসমীয়াৰ প্ৰাণৰো প্ৰাণ শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক মৰণোত্তৰ ভাৱে প্ৰদান কৰা হ’ল ভাৰত ৰত্ন ৷ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰয়াত ড° ভূপেন হাজৰিকাৰ পৰিয়ালক অৰ্পণ কৰিলে দেশৰ এই সৰ্বোচ্চ সন্মান ৷বিয়লি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি কৌবিন্দৰ হাতৰ পৰা সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই এই সন্মান গ্ৰহণ কৰে ৷

ইফালে এই অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ উপৰিও প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু বিশিষ্ট সমাজ কৰ্মী নানাজী দেশ মুখকো মৰণোত্তৰ ভাৱে এই সন্মান প্ৰদান কৰা হয়। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে নিজ হাতে আৰু নানাজী দেশমুখৰ পৰিয়ালৰ লোকে ৰামনাথ কোবিন্দৰ পৰা এই সন্মান গ্ৰহণ কৰে ৷

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে দেশৰ বহু সংখ্যক বিশিষ্ট লোক উপস্থিত আছিল ৷ ড° ভূপেন হাজৰিকাই গাইছিল মানৱৰ গান ৷মানুহে মানুহৰ বাবে কাম কৰাৰ কাৰণে তেওঁ সকলোকে উদ্বুদ্ধ কৰিছিল ৷ড° হাজৰিকাৰ বিশাল ব্যক্তিত্ব আৰু সংগীতৰ জৰিয়তে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় স্তৰত সুখ্যাতি লাভ কৰিছিল ।প্ৰয়াত ড° ভূপেন হাজৰিকা এজন গায়ক হোৱাৰ উপৰিও আছিল এজন সংগীতকাৰ আৰু গীতিকাৰ ৷

উল্লেখ্য যে সংগীত, চলচ্চিত্ৰ আৰু কলা ক্ষেত্ৰত অতুলনীয় অৱদানৰ বাবে ড০ ভূপেন হাজৰিকালৈ আগবঢ়োৱা হৈছে ভাৰতৰত্ন সন্মান। অসমৰ হিয়াৰ আমঠু সুধাকন্ঠ ডঃ ভূপেন হাজৰিকায়ে সংগীতৰ জগত খনলৈ যি অবদান দি গৈছিল সেয়া চিৰ সেউজ । সেই অবদানৰ বাবেই দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয়।

ভূপেন হাজৰিকা কেৱল কন্ঠশিল্পীয়ে নাছিল একাধাৰে সংগীত পৰিচালক আৰু ৰচক আছিল । তেওঁ অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো বহুতো চিৰযুগমীয়া গীত ৰচনা কৰি গৈছে । তেওঁ ৰচনা কৰা গীত সমূহ প্ৰত্যেক জন অসমীয়াৰ জীৱন ৰেখাক স্পৰ্শ কৰি গৈছে । যুগ যুগ ধৰি চিৰ সেউজ হৈ ৰব ভূপেন হাজৰিকাৰ গীত সমূহ ।

১৯৯২ চনত ডঃ ভূপেন হাজৰিকাক দাদা চাহেব ফাল্কে সন্মানৰে সন্মানিত কৰিছিল । ১৯৭৫ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল ভূপেন হাজৰিকায়ে । ১৯৮৭ সংগীত নাটক একাডেমি সন্মান লাভ কৰিছিল , ১৯৭৭ চনত পদ্মশ্ৰী সন্মান আৰু ২০০১ চনত পদ্মভূষন সন্মান লাভ কৰে । ২০০৮ সংগীত নাটক একাডেমি ফেল’শ্বিপ লাভ কৰিছিল ডঃ ভূপেন হাজৰিকায়ে।চলিত বৰ্ষৰ আৰম্ভণিতে এই তিনিওগৰাকী ব্যক্তিক ভাৰতৰত্ন প্ৰদানৰ ঘোষণা কৰা হৈছিল।

অন্য খবৰৰ বাবে পঢ়ক: আজি মৰণোত্তৰ ভাৱে সুধাকন্ঠ ভূপেন হাজৰিকাক প্ৰদান কৰা হব ‘ভাৰত ৰত্ন

ভিডিঅ প্ৰতক্ষ্য কৰক: Lakhimpur police seize ganja, apprehends three drug peddlers

Next Story
চাকৰি