Begin typing your search above and press return to search.

আজি মৰণোত্তৰ ভাৱে সুধাকন্ঠ ভূপেন হাজৰিকাক প্ৰদান কৰা হব 'ভাৰত ৰত্ন '

আজি মৰণোত্তৰ ভাৱে সুধাকন্ঠ ভূপেন হাজৰিকাক প্ৰদান কৰা হব ভাৰত ৰত্ন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Aug 2019 10:57 AM GMT

ভাৰতৰ সৰ্বোচ্চ সন্মান 'ভাৰত ৰত্ন ' আজি প্ৰদান কৰা হব । দেশৰ তিনি গৰাকী মহান ব্যক্তিলৈ আগবঢ়োৱা হব এই সন্মান । অসমৰ হিয়াৰ আমঠু সুধাকন্ঠ ডঃ ভূপেন হাজৰিকালৈ মৰনোত্তৰ ভাৱে আগবঢ়োৱা হব এই সন্মান । প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীক প্ৰদান কৰিব ভাৰত ৰত্ন । লগতে সমাজকৰ্মী নানাজী দেশমুখকো মৰণোত্তৰভাৱে আগবঢ়োৱা হব ভাৰত ৰত্ন ।আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিব ভাৰত ৰত্ন সন্মান ।

সংগীত, চলচ্চিত্ৰ আৰু কলা ক্ষেত্ৰত অতুলনীয় অৱদানৰ বাবে ড০ ভূপেন হাজৰিকালৈ আগবঢ়োৱা হৈছে ভাৰতৰত্ন সন্মান। অসমৰ হিয়াৰ আমঠু সুধাকন্ঠ ডঃ ভূপেন হাজৰিকায়ে সংগীতৰ জগত খনলৈ যি অবদান দি গৈছিল সেয়া চিৰ সেউজ । সেই অবদানৰ বাবেই দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হব। ভূপেন হাজৰিকা কেৱল কন্ঠশিল্পীয়ে নাছিল একাধাৰে সংগীত পৰিচালক আৰু ৰচক আছিল । তেওঁ অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো বহুতো চিৰযুগমীয়া গীত ৰচনা কৰি গৈছে । তেওঁ ৰচনা কৰা গীত সমূহ প্ৰত্যেক জন অসমীয়াৰ জীৱন ৰেখাক স্পৰ্শ কৰি গৈছে । যুগ যুগ ধৰি চিৰ সেউজ হৈ ৰব ভূপেন হাজৰিকাৰ গীত সমূহ ।১৯৯২ চনত ডঃ ভূপেন হাজৰিকাক দাদা চাহেব ফাল্কে সন্মানৰে সন্মানিত কৰিছিল । ১৯৭৫ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল ভূপেন হাজৰিকায়ে । ১৯৮৭ সংগীত নাটক একাডেমি সন্মান লাভ কৰিছিল , ১৯৭৭ চনত পদ্মশ্ৰী সন্মান আৰু ২০০১ চনত পদ্মভূষন সন্মান লাভ কৰে । ২০০৮ সংগীত নাটক একাডেমি ফেল'শ্বিপ লাভ কৰিছিল ডঃ ভূপেন হাজৰিকায়ে।চলিত বৰ্ষৰ আৰম্ভণিতে এই তিনিওগৰাকী ব্যক্তিক ভাৰতৰত্ন প্ৰদানৰ ঘোষণা কৰা হৈছিল।

ভাৰতৰ ৰাজনীতি ক্ষেত্ৰ খনলৈ ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীৰ অবদান বাবে প্ৰদান কৰা হব ভাৰত ৰত্ন । কলকাতাৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল কাৰ্যালয়ত ক্লাৰ্ক হিচাপে কাম কৰিছিল মুখাৰ্জীয়ে। নিজৰ পৰিশ্ৰম আৰু বুদ্ধিমত্তাৰ বলত মুখাৰ্জীয়ে ৰাজনীতিলৈ অহাই নহয়, ৰাজনৈতিক ক্ষেত্ৰত কৰা ভাল কামৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। দেশৰ তিনি গৰাকী মহান ব্যক্তিলৈ আগবঢ়োৱা হব এই সন্মান ।

সমাজকৰ্মী নানাজী দেশমুখকো মৰণোত্তৰভাৱে প্ৰদান কৰা হ’ব ভাৰতৰত্ন। নানাজী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য আছিল আৰু বিভিন্ন সামাজিক কাম–কাজৰ সৈতে জড়িত হৈ পৰিছিল। ১৯৭৭ চনত নানাজী দেশমুখক উদ্যোগ মন্ত্ৰীৰ পদ দিয়া হৈছিল। কিন্তু নানাজী দেশমুখে এই প্ৰস্তাৱ বিনম্ৰতাৰে নাকচ কৰিছিল। আজি দেশৰ তিনি গৰাকী মহান ব্যক্তিলৈ আগবঢ়োৱা হব এই সন্মান ।

অন্য খবৰৰ বাবে পঢ়ক: সংসদত ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তি স্থাপনৰ প্ৰসংগত প্ৰতিক্ৰিয়া পিপিএফৰ

ভিডিঅ প্ৰতক্ষ্য কৰক :Kamrup DC holds press meet for the preparation of Independence Day

Next Story
চাকৰি