Begin typing your search above and press return to search.

সংসদত ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তি স্থাপনৰ প্ৰসংগত প্ৰতিক্ৰিয়া পিপিএফৰ

সংসদত ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তি স্থাপনৰ প্ৰসংগত প্ৰতিক্ৰিয়া পিপিএফৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 July 2019 9:45 AM GMT

সংসদত ভাৰত্ন ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি সংস্থাপনৰ প্ৰসংগক সমৰ্থন কৰিছে পেট্ৰিয়’টিক পীপুল্স ফন্ট আসামে ৷লগতে অসম গণ পৰিষদৰ সাংসদ ড° বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক এই বিষয়টো উত্থাপন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে পেট্ৰিয়’টিক পীপুল্স ফন্ট আসামে।

ইফালে পি পিএফএয়ে কয় যে আমাৰ সময়ৰ এজন কিংবদন্তী পুৰুষ ভূপেন দা আছিল, দেশৰ এগৰাকী প্ৰকৃত শিল্পী ৷১৫ শতিকাৰ শ্ৰীমন্ত শংকৰদেৱৰ পিছত অসমীয়া সাহিত্য সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা আছিল দ্বিতীয়জন ব্যক্তি ৷গতিকে , সংগীত,নাটকৰ জৰিয়তে সমগ্ৰ বিশ্বক একত্ৰিত কৰিব বিচাৰা এই মহান শিল্পীজনৰ প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে ৷

উল্লেখ্য যে সংসদ ভৱনত ভাৰত ৰত্ন তথা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে অসম গণ পৰিষদৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আহ্বান কৰে ৷ ইয়াৰ পিছতেই ৰাজ্যসভাৰ সভাপতি তথা উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুয়ে বৈশ্যক আশ্বাস দিয়ে যে সংসদীয় সমিতিৰ লগত এই সন্দৰ্ভত আলোচনা কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক: সংসদ ভৱনত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী

Next Story
চাকৰি